মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে শেহতীয়াকৈ চাকমাসকলক পুৰ্নসংস্থাপনৰ বাবে ৰাজ্যৰ বাহিৰলৈ স্থানান্তৰ কৰা হ’ব বুলি কৰা ঘোষণাৰ পিছতেই স্থানান্তৰকৰণৰ আশংকাই অৰুণাচল প্ৰদেশত বাস কৰা জনগোষ্ঠীটোক ভীতিগ্ৰস্ত কৰি তুলিছে।
তেওঁলোকক “অবৈধ অনুপ্ৰৱেশকাৰী” বুলি মন্তব্য কৰি এই বক্তব্য তুলি ধৰা হৈছে। চাকমা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা তিনিটা সংস্থাই এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। লগতে তেওঁলোকে কেইবা দশকজুৰি অৰুণাচল প্ৰদেশত বাস কৰা চাকমা আৰু হাজং সম্প্ৰদায়ৰ প্ৰায় ৭০,০০০ লোকক উৎখাত কৰাৰ চৰকাৰৰ পদক্ষেপৰ বিৰুদ্ধে যুঁজ দিয়াৰ সংকল্প লৈছে।
চাকমা অধিকাৰ আৰু উন্নয়ন সংস্থাই (চি আৰ ডি অ’) মন্তব্য কৰে যে পুনৰ্সংস্থাপনৰ ৫৭ বছৰৰ পিছত স্বয়ং মুখ্যমন্ত্ৰীজনেই তেওঁলোকক শৰণাৰ্থী বুলি অভিহিত কৰাটো অতিকে দুখজনক। তেওঁলোকে লগতে কয় যে উত্তৰ-পূব সীমান্ত সংস্থা অৰুণাচল হোৱাৰ আগলৈকে তেওঁলোক শৰণাৰ্থী আছিল। কিন্তু ১৯৮৭ চনত অৰুণাচল ৰাজ্য হোৱাৰ পৰৱৰ্তী সময়ত তেওঁলোক দেশৰ অন্য নাগৰিকৰ দৰেই।
চি আৰ ডি অ’ৰ মতে, অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰ আৰু স্থানীয় জনজাতীয় নেতাসকলৰ সৈতে আলোচনাৰ পিছত কেন্দ্ৰই পূৰ্বৰ পূব পাকিস্তানৰ (বৰ্তমানৰ বাংলাদেশ) চিটাগং পাহাৰীয়া অঞ্চলৰ পৰা পুনৰ্সংস্থাপন পৰিকল্পনাৰ অধীনত চাকমাসকলক আনিছিল। কিন্তু কেন্দ্ৰীয় আইন মন্ত্ৰী হোৱাৰ কিছুদিন পিছতেই কিৰেন ৰিজিজুৱে চাকমাসকল শৰণাৰ্থী আৰু জনজাতীয় ৰাজ্যত থাকিব নোৱাৰে বুলি উল্লেখ কৰে।
উচ্চতম ন্যায়ালয়ে ২০১৫ চনত অৰুণাচল প্ৰদেশত বসতি স্থাপনৰ বাবে চাকমাসকলক নাগৰিকত্ব দিয়াৰ নিৰ্দেশ দিছিল। কিন্তু ৰিজিজুৱে জানিবলৈ দিয়ে যে ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ সেই আদেশ বাতিল হৈ গৈছে। চাকমাসকলে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভ কৰিব পাৰে কিন্তু অৰুণাচল প্ৰদেশত বসতি স্থাপন কৰিব নোৱাৰে বুলি ৰিজিজুৱে কয়।
চাংলাং আৰু পাপুম পাৰে জিলাৰ বৰডুমচা-দিয়াউন আৰু কোকিলা অঞ্চলত ১৯৬৪ চনৰ পৰা ১৯৬৯ চনৰ ভিতৰত চাকমা বা হাজং বসতি স্থাপন কৰা হৈছিল। কিন্তু অৰুণাচল প্ৰদেশৰ জনজাতীয় গোটবোৰে তেওঁলোকৰ বসতিৰ বিৰুদ্ধে বহু বছৰ ধৰি আন্দোলন কৰি আহিছে।
“ইয়াৰে ৯০ শতাংশতকৈও অধিক লোক ইয়াত জন্মগ্ৰহণ কৰিছিল আৰু জন্মগতভাৱে নাগৰিক। তেওঁলোকে মৰ্যদা আৰু সন্মানৰ সৈতে জীয়াই থাকিব আৰু ইয়াতেই তেওঁলোকৰ মৃত্যুও ঘটিব। অৰুণাচল প্ৰদেশৰ বাহিৰত নতুনকৈ জীৱন আৰম্ভ কৰিবলৈ আন এটা গণ প্ৰব্ৰজনৰ জৰিয়তে তেওঁলোক ভুক্তভোগী হ’ব নোৱাৰে”, চি আৰ ডি অ’ৰ সভাপতি মহেন্দ্ৰ চাকমা আৰু সাধাৰণ সম্পাদক এণ্টন চাকমাই বিবৃতিযোগে এই বক্তব্য দাঙি ধৰে।
উল্লেখযোগ্য যে স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ঘোষণা কৰিছিল যে চাকমাসকলক মৰ্যদা সহকাৰে পুনৰ্সংস্থাপনৰ বাবে ৰাজ্যৰ বাহিৰলৈ স্থানান্তৰ কৰা হ’ব আৰু বিষয়টো ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনা কৰা হৈছে।