বুধবাৰে দক্ষিণ তথা বলীউদৰ জনপ্ৰিয় অভিনেতা চনু সুদৰ বাসগৃ্হত আয়কৰ বিভাগে চলালে তালাচী অভিযান।প্ৰায় ২০ ঘন্টাৰো অধিক সময় অভিযান চলাৰ পিছত পুনৰ কালি আয়কৰ বিভাগে তালাচী চলাইছিল অভিনেতা জনৰ বাসগৃ্হত।
খবৰ অনুসৰি বুধবাৰে চনু সুদৰ ছটা ঠিকনাত আয়কৰ বিভাগে অভিযান চলাইছিল। অৱশ্যে এই অভিযানত কি কি তথ্য লাভ কৰিছে সেই সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই আয়কৰ বিভাগে।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি অভিনেতা গৰাকীয়ে লক্ষ্ণৌৰ ৰিয়েল ইষ্টেট নামৰ এটা কোম্পানীৰ সৈতে কৰা চুক্তিক লৈহে আয়কৰ বিভাগে এই অভিযান চলাইছিল।
উল্লেখযোগ্য যে ২০১২ চনতো আয়কৰ বিভাগে অভিনেতাজনৰ ঘৰত তালাচী অভিযান চলাইছিল।যিটো সময়ত অভিনেতা জনে প্ৰায় ৩০ কোটি টকাৰ সম্পত্তি ক্ৰয় কৰিছিল।
ইফালে ক’ভিডৰ প্ৰথমটো ঢৌৰ পৰা দ্বিতীয়টো ঢৌৰ লৈকে চৰকাৰে কৰিব নোৱাৰা কাম কৰি সৰ্বসাধাৰণৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল অভিনেতাজন। ইয়াৰোপৰি বিভিন্ন সময়ত দুখীয়া লোকক সহায়ৰ হাত আগবঢ়োৱা অভিনেতাজনে বৃহৎ সংখ্যক প্ৰব্ৰজনকাৰী শ্ৰমিকক নিজ গৃ্হলৈ ওভতাৰ ক্ষেত্ৰতো সহায় কৰিছিল।
তেনেক্ষেত্ৰত অভিনেতা জনৰ ওপৰত কৰা এই তালাচী অভিযানক সহজভাৱে ল’ব পৰা নাই সচেতন মহলে। তদুপৰি অভিনেতা জনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালক লগ কৰাটো অপৰাধ বুলি গণ্য কৰি বিজেপি চৰকাৰে অভিনেতা জনক এনেকৈ হাৰাশাস্তি কৰিছে বুলিও সমালোচনা কৰিছে একাংশ ৰাজনীতিবিদে।