ৰাজ্যসভাত খালী হৈ থকা একমাত্ৰ আসন খনৰ বাবে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।সোমবাৰে অসম বিধানসভাৰ সচিবালয়ত নিৰ্বাচনী ৰিটাৰ্নিং বিষয়াৰ পৰা নিৰ্বাচিত হোৱা প্ৰমাণ পত্ৰ গ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।
যিহেতু মাজুলী সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সোণোৱাল মোডী মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে।তেনেক্ষেত্ৰত লোকসভা বা ৰাজ্যসভাৰ সাংসদ হোৱাটো জৰুৰী হৈ পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ বাবে।
সেই অনুসৰিয়েই অসমৰ এই খালী হৈ থকা আসন খনৰ বাবে সোণোৱালক প্ৰক্ষেপ কৰিছিল ৰাষ্ট্ৰীয় নেতৃবৰ্গই।অৱশেষত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰীজন।
সোমবাৰে প্ৰমাণ পত্ৰ সংগ্ৰহ কৰা সময়ত কেন্দ্ৰীয় মন্ত্ৰীজনক সংগ দিয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে ধৰি বহু কেইজন ৰাজ্যিক নেতাই।
ইফালে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাত সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয় গৃ্হমন্ত্ৰী অমিত শ্বাহ,ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা,সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।
একেদৰে মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা,ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে মন্ত্ৰী-বিধায়ক,সাংসদ আৰু দলৰ বিষয়ববীয়াসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে।
প্ৰমাণপত্ৰ সংগ্ৰহ কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে মনৰ ভাৱ প্ৰকাশ কৰি কয় যে ৰাইজৰ আশা-আকাংক্ষাক বাস্তৱ ৰূপ দিয়াৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ এই যাত্ৰাত অৰিহণা আগবঢ়াবলৈ তেওঁ বদ্ধ পৰিকৰ।তেনেক্ষেত্ৰত এই গুৰু দায়িত্ব সুচাৰুৰূপে পালন কৰি যাবলৈ ৰাইজৰ সহযোগিতা কামনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।