দেৱতা সকলৰ পঞ্জীভূত অনুপম তেজ ৰাশি একত্ৰ হৈ সেই তেজঃপুঞ্জৰ পৰা আবির্ভূত হ’ল এক অনিন্দ্য সুন্দৰী দেৱীমূর্তি। শিবৰ তেজৰ পৰা দেৱীৰ মুখ আৰু যমৰ তেজৰ পৰা তেওঁৰ বাহু উৎপন্ন হ’ল। লগতে বিভিন্ন দেৱতাৰ তেজপুঞ্জৰ পৰা অন্যান্য অংগ-প্রতংগ উৎপন্ন হ’ল। দেৱতাসকলে অস্ত্র -শস্ত্র আৰু আ-অলংকাৰ উপহাৰ দি দেৱীক ৰণসজ্জাৰে সজ্জিত কৰি তুলিলে। লগে লগে দেৱীয়ে অট্টহাস্য কৰি ভীষণ গর্জনেৰে দশোদিশ কম্পিত কৰি অসুৰসকলৰ লগত যুদ্ধ আৰম্ভ কৰিলে। মহিষাসুৰ নিহত হ’ল আৰু দেৱতাসকলে শান্তিৰ নিশ্বাস ল’লে।
মহিষাসুৰৰ মৃত্যুৰ পিছত দেৱতাসকলে দেবী মহিষ মর্দিনীক স্তুতি কৰিবলৈ ধৰিলে-
‘দেব্যা যয়া ততমিদং জগদাত্মা শক্ত্যা। নিঃশেষ দেৱগণ শক্তি সমূহ মূর্ত্যা।।
তাম মবিকাম খিল দেৱ মহর্ষি পূজাং। ভক্ত্যা নতাঃ স্মবিদ ধাতু শুভানি সা নঃ।। (শ্রীশ্রী চণ্ডীৰ চতুর্থ অধ্যায়ৰ তিনি নং শ্লোক)
অর্থাৎ ইন্দ্রাদি দেৱতাসকলৰ শক্তিপুঞ্জৰ পৰা ঘনীভূত মূর্তি দেবী স্ব মায়া শক্তিৰ প্রভাৱত সমগ্র বিশ্ব পৰিব্যাপ্ত হৈ আছে, সমস্ত দেবতা আৰু ঋযিসকলৰ আৰাধ্যা অম্বিকাক আমি ভক্তি পূর্বক প্রণাম কৰো। তেওঁ আমাৰ সৰ্বতো প্ৰকাৰ মংগল সাধন কৰক।
দেৱতাসকলৰ প্রার্থনাত দেৱী মহিষ-মর্দিনী সন্তুষ্ট হৈ ক’লে- ব্রিয়তাং ত্রিদশং সর্বে
যদস্মত্তো হভিবাঞ্চিতম।
মোৰ ওচৰত তোমালোকৰ যি বাঞ্চনীয় তাকে প্রার্থনা কৰা। দেৱীৰ আশ্বাস পাই দেৱতাসকলে ক’লে-মা মহেশ্বৰী, আমাৰ শত্রু মহিষাসুৰক নিধন কৰি আপুনি আমাৰ যি উপকাৰ সাধন কৰিলে সেয়ে আমাৰ বাবে যথেষ্ট। তথাপিও কৃপা কৰি যদি আমাক বৰ প্রদান কৰে তেনেহ’লে আপোনাৰ ওচৰত এই বৰ প্ৰাৰ্থনা কৰো যে আমি যেতিয়াই আপোনাক স্মৰণ কৰিম তেতিয়াই যেন আপুনি আবির্ভূত। হৈ আমাক বিপদৰ পৰা উদ্ধাৰ কৰে।
দেরী মহামায়াই দেৱতাসকলৰ সেই ইচ্ছাক পূৰণ কৰিব বুলি প্রতিশ্রুতি দিলে। ভক্তসকলে আজিও দেৱীৰ দহোটা ৰূপকে পূজা কৰি আহিছে। দেৱীৰ দহোটা ৰূপ হ’ল কালী, তাৰা, ষোড়শী, ভুৱনেশ্বৰী, ছিন্নমস্তা, ধূমাবতী, বগলামুখী, মাতংগী আৰু কমলা। পাশ্চাত্য পণ্ডিত ইৰিয়টে হিন্দুজিম আৰু বুদ্ধিজিম গ্রন্থত শক্তি পূজা সম্পর্কে উল্লেখ কৰিছে যে শক্তি হ’ল অনেক নাম আৰু ৰূপ বিশিষ্টা এক মাতৃ। সত্য, শিৱ আৰু সুন্দৰৰ সোতত বিশ্বৰ প্রতিখন ঠাইতে মাতৃশক্তি নিহিত হৈ আছে। এই শক্তি অখণ্ড, অনাদি আৰু শ্বাশ্বত। দেশে বিদেশে মাতৃৰূপে আৰাধ্যা মাতা দুর্গেশ্বৰী, দুর্গতি নাশিনী। পশু-পক্ষী, জীব-জন্তু সকলোৰে প্রতি মাতা দুর্গা কৰুণাময়ী।
‘দুর্গে দুর্গতি নাশিনী তুমি মা মংগল দায়িনী।।’