VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বৰভেটি প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান

voicedesk by voicedesk
November 26, 2024
in প্ৰবন্ধ
বৰভেটি প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৪ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ দিছপুৰস্থিত অগ্ৰদূত ভৱনত বৰভেটি প্ৰকাশনৰ এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়।শিপা ভৰদ্বাজৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে ‘জাতীয় সাংস্কৃতিক বৰভেটি’ অসম,কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি তথা সাহিত্যিক গীতিকা দেৱীয়ে।মৰমী ওজা ৰয়ে অসমীয়ালৈ অনুবাদ কৰা জুলে ভাৰ্ণৰ ‘উত্তৰ
মেৰু নিলাম’গ্ৰন্থখনি উন্মোচন কৰে প্ৰথিতযশা সাহিত্যিক,অসম সাহিত্য সভাৰ
প্ৰাক্তন সভাপতি কনকসেন ডেকা দেৱে।ভাষন প্ৰসংগত তেওঁ কয় যে অসমীয়া ভাষাৰ সাহিত্য কৰ্ম ভাৰতৰ বিভিন্ন ভাষাৰ লগতে অসমৰো বিভিন্ন জনগোষ্ঠীৰ ভাষালৈকো অনুবাদ হ’ব লাগে। তেওঁ নৱপ্ৰজন্মৰ অধ্যয়নৰ প্ৰতি হোৱা অনিহাৰ বাবে খেদ্
প্ৰকাশ কৰি কয় যে ছাত্ৰ ছাত্ৰী সকলক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰিবলৈ পিতৃ মাতৃ তথা অভিভাৱক সকলে যত্ন কৰা উচিত।অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগৰ লগতে সুসাহিত্য সৃষ্টিত মনোনিবেশ কৰিলেহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰাপ্ত অসমীয়া ভাষাক উচ্চ পৰ্যায়লৈ লৈ যাব পৰা যাব বুলি
তেওঁ দোহাৰে।মৰমী ওজা ৰয়ৰ আন এখন শিশু গ্ৰন্থ ‘মঞ্জৰী’ উন্মোচন কৰি ৰস ৰচনা, কবিতা, শিশু সাহিত্যৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়োৱা সাহিত্যিক যোগানন্দ মহন্তই কয় যে ছন্দোবদ্ধ কবিতাই শিশুৰ মানসিকতাত সোনকালেই প্ৰভাৱ পেলায়। বৰভেটি প্ৰকাশনৰ সচিব,ঔপন্যাসিক আৰু
প্ৰবন্ধকাৰ প্ৰবোধ চন্দ্ৰ মিশ্ৰই ফৰাচী ঔপন্যাসিক জুলে ভাৰ্ণৰ ‘The purchase of the North Pole’ ৰ মৰমী ওজা ৰয়ে কৰা
অসমীয়া ৰূপান্তৰ ‘উত্তৰ মেৰু নিলাম” গ্ৰন্থ খনি অসমীয়া সাহিত্যলৈ এক ডাঙৰ অৱদান বুলি দোহাৰে।ভাষন প্ৰসংগত তেওঁ অনুবাদকৰ অসমীয়ালৈ অনুবাদৰ ক্ষেত্ৰত সাৱলীল শব্দ শৈলীৰে গ্ৰন্থখন মনোগ্ৰাহী কৰি তোলা বুলি দোহাৰে।বৰ্তমান সময়ত প্ৰকৃতিৰ সাম্যাৱস্থা ৰক্ষাৰ ক্ষেত্ৰত ‘উত্তৰ মেৰু নিলাম’ গ্ৰন্থখনৰ প্ৰাসংগিকতা অধিক বুলি তেওঁ উদাহৰণৰ জৰিয়তে ডাঙি ধৰে।ভাষণ প্ৰসঙ্গত সভাপতি গীতিকা দেৱীয়ে ভাষা আৰু সংস্কৃতিৰ মানুহৰ মাজত সাহিত্য আৰু সংস্কৃতিৰ বিনিময়ৰ অৰ্থে অনুবাদ সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। অনুবাদ সাহিত্যত এটা সংস্কৃতিৰ সৈতে আন এটা সংস্কৃতিৰ সংযোগ সাধিত হয় বুলি তেওঁ উল্লেখ কৰে।জাতীয় সাংস্কৃতিক বৰভেটিৰ সদস্যা ড০ অজন্তা ওজাই আঁত ধৰা
অনুষ্ঠানটোত নিশাদ চয়ন ওজাই উন্মোচিত শিশু উপযোগী কাব্য পুথি ‘মঞ্জৰী’ত সন্নিৱিষ্ট এটি কবিতা আবৃত্তি কৰে।লেখিকা মৰমী ওজা ৰয়ে শিশু উপযোগী কাব্য সংকলন ‘মঞ্জৰী’ আৰু জুলে ভাৰ্ণৰ “The purchase Of the North pole”নামৰ উপন্যাসখনৰ’উত্তৰ মেৰু নিলাম ‘ বুলি নামাকৰণ কৰি সাহিত্য প্ৰেমীৰ হাতত তুলি দিব পৰাটো তেওঁৰ সৌভাগ্য বুলি মন্তব্য কৰে আৰু” মঞ্জৰী”ত চিত্ৰ অংকন কৰা শিশু চিত্ৰ শিল্পী উজ্জীৱন তালুকদাৰৰ শলাগ লয়।সভাত জাতীয় সাংস্কৃতিক বৰভেটি, অসম কামৰূপ মহানগৰ জিলাৰ মুখ্য সাংগাঠনিক সম্পাদক কমলেন্দ্ৰ শৰ্মাৰ লগতে ৰূপাঞ্জলী নাথেও ভাষন প্ৰদান কৰে।

Previous Post

নয়নতৰা ফুল আপোনাৰ বাগিচাতো আছে নিশ্চয়! এই ফুল বিধ থাকিলে কি হয় জানে নে ?

Next Post

পাতেগজা চিনি পায় নিশ্চয় আপুনিও জণ্ডিচ ৰোগৰ উপকাৰী পাতেগজাৰ বিষয়ে জাঁনো আহক

Related Posts

প্ৰবন্ধ

পশ্চিম অসমৰ পুঁহ – মাঘৰ সংক্ৰান্তিত ‘ সোণাৰায় পূজা

January 13, 2025
অতীন্দ্ৰিয়বাদী কবি নলিনী বালা দেৱীৰ সোঁৱৰণত
প্ৰবন্ধ

অতীন্দ্ৰিয়বাদী কবি নলিনী বালা দেৱীৰ সোঁৱৰণত

December 24, 2024
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো
প্ৰবন্ধ

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো

December 10, 2024
এক প্ৰগাড় ব্যক্তিত্বৰ অধিকাৰী মামনি ৰয়চম গোস্বামীক শ্ৰদ্ধাৰে সুঁৱৰিছো
প্ৰবন্ধ

এক প্ৰগাড় ব্যক্তিত্বৰ অধিকাৰী মামনি ৰয়চম গোস্বামীক শ্ৰদ্ধাৰে সুঁৱৰিছো

November 29, 2024
আজি লক্ষ্মী পূজা , হিন্দু শাস্ত্ৰমতে এই দিনটো লক্ষ্মী দেৱীৰ জন্মদিন
প্ৰবন্ধ

আজি লক্ষ্মী পূজা , হিন্দু শাস্ত্ৰমতে এই দিনটো লক্ষ্মী দেৱীৰ জন্মদিন

October 16, 2024
প্ৰবন্ধ

শ্ৰীশ্ৰী চণ্ডী

October 9, 2024
Next Post
পাতেগজা চিনি পায় নিশ্চয় আপুনিও জণ্ডিচ ৰোগৰ উপকাৰী পাতেগজাৰ বিষয়ে জাঁনো আহক

পাতেগজা চিনি পায় নিশ্চয় আপুনিও জণ্ডিচ ৰোগৰ উপকাৰী পাতেগজাৰ বিষয়ে জাঁনো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7