ভাৰতীয় বা অসমীয়া ধৰ্মমূলক সাহিত্যক দুটা ভাগত ভগাব পাৰি। শাক্ত সাহিত্য আৰু বৈষ্ণৱ সাহিত্য। শ্ৰীশ্ৰী চণ্ডী শাক্ত সাহিত্যৰ এক অমূল্য সম্পদ। মূল সংস্কৃত ভাষাত ৰচিত এই গ্ৰন্থ খন বিভিন্ন ভাষাৰ উপৰিও বিদেশী ভাষাতো অনুবাদ হৈছে। চণ্ডীপাঠ দেৱীপূজাৰ প্ৰধান অংগ। ৰাজ্যভ্ৰষ্ট ৰজা সুৰথ আৰু দুষ্টচক্ৰৰ কবলত পৰি সৰ্বস্বান্ত হোৱা বৈশ্য সমাধিক মাৰ্কণ্ডেয় মুনিয়ে যি দেৱী মাহাত্ম্যৰ বৰ্ণনা দিছিল, সেয়াই শ্ৰীশ্ৰী চণ্ডীৰ মূল কথা। অক্সফ’ৰ্ড বিশ্ব বিদ্যালয়ৰ বিখ্যাত সংস্কৃত অধ্যাপক এফ ইৰ্ডেন পাৰ্জিটাৰে ইংৰাজীত চণ্ডীৰ অনুবাদ কৰাৰ লগে লগে পাশ্চাত্যতো ইয়াৰ সমাদৰ বৃদ্ধি পায়। শাৰদীয় দুৰ্গাপূজাত শ্ৰীশ্ৰী চণ্ডীত আদ্যাশক্তি দেৱী দুৰ্গাক জগত জননী ৰূপত আৰাধনা কৰা হয়। দেৱীক সকলো সৃষ্টি আৰু শক্তিৰ মূল’পৰমব্ৰহ্ম’ বুলি ভবা হয়।
ৰজা সুৰথে হেৰোৱা ৰাজ্য উদ্ধাৰৰ কামনাৰে দেৱী দুৰ্গাক আৰাধনা কৰিছিল। আনহাতে বৈশ্য সমাধিয়ে নিষ্কাম প্ৰাৰ্থনাৰে ব্ৰহ্মজ্ঞান লাভ কৰিছিল বুলি চণ্ডীত বৰ্ণিত আছে। শ্ৰীশ্ৰী চণ্ডীৰ মতে, দেৱী দুৰ্গাই হৈছে শক্তিৰ আধাৰ আৰু সকলোতে শক্তিৰূপে বিৰাজমান। ব্ৰহ্মক আদ্যাশক্তি দেৱী দুৰ্গা বা কালী ৰূপে সাধনা কৰাটোৱেই শ্ৰী শ্ৰী চণ্ডীৰ প্ৰতিপাদ্য বিষয়। চণ্ডীত দেৱী দুৰ্গাক কালী, চণ্ডিকা, অম্বিকা, চামুণ্ডা, উমা, মহামায়া, ভগৱতী, হৈমৱতী, জগদ্ধাত্ৰী, নাৰায়ণী আদি বিভিন্ন নামেৰে উল্লেখ কৰা হৈছে। শ্ৰীশ্ৰী চণ্ডীত ব্ৰহ্মৰূপী দেৱীক সৰ্বশক্তিৰ আধাৰ, অশুভশক্তিৰ বিনাশক আৰু ভক্তৰ উদ্ধাৰকাৰী
ৰূপে বিভিন্ন শ্লোক আছে।
চণ্ডী গ্ৰন্থৰ অৰ্গলা স্তোত্ৰত থকা দশমূৰ্তি হ’ল—–
“জয়ন্তী মঙ্গলা কালী ভদ্ৰাকালী কপালিনী
দুৰ্গাশিৱা ক্ষমা ধাত্ৰী স্বহা স্বধা নমোহস্তুতে”
চণ্ডীৰ ভাষা যথেষ্ট মাৰ্জিত আৰু শুৱলা হোৱালৈ চাই সংস্কৃত ভাষাৰ চৰম উৎকৰ্ষৰ সময়তহে শ্ৰীশ্ৰী চণ্ডী ৰচিত হৈছিল বুলি পণ্ডিত সকলে অনুমান কৰে। শ্ৰীশ্ৰী চণ্ডীৰ এক বিশেষ বৈশিষ্ট্য হ’ল ধৰ্মীয় উদাৰতা আৰু সাৰ্বজনীনতা। দেৱীৰ মাহাত্ম্য প্ৰকাশেই চণ্ডীৰ মুল বিষয় হলেও চণ্ডীয়ে অন্য কোনো সম্প্ৰদায়ৰ ধৰ্মমতক কেতিয়াও অবজ্ঞা কৰা নাই। বিভিন্নদেৱ-দেৱীৰ অস্তিত্ব স্বীকাৰ কৰিও চণ্ডীয়ে পৰমব্ৰহ্মৰ শক্তিৰ দ্বাৰাহে অন্য দেৱ-দেৱী সকলে কাৰ্য কৰে বুলি প্ৰকাশ কৰিছে। সেই পৰমব্ৰহ্মই হৈছে আদ্যাশক্তি মহামায়া বা দুৰ্গা। চণ্ডী গ্ৰন্থৰ চণ্ড দেৱী সৰ্বশক্তিমতী, সৃষ্টি স্থিতি সংহাৰকাৰী।ন্যায়বিৰোধী দৈত্য, দানৱ আদিৰ পৰা যেতিয়া ধৰ্ম আৰু সৎপথত বাধা আহে তেতিয়াই দেৱী আবিৰ্ভূত হৈ সকলো বিপদ বিঘিনি দূৰ কৰে।
বৰ্তমানৰ সমাজখনক অনৈতিকতাৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা ৰৰিবলৈ হলে আমাৰ সদিচ্ছা আৰু সচেতনতা বৃদ্ধি কৰি শ্ৰীশ্ৰী চণ্ডীৰ অমৃতময় বচনবোৰ সকলোকে ভগাই দিব লাগিব। ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ পৰিহাৰ কৰি বৃহৎ সামাজিক স্বাৰ্থক অগ্ৰাধিকাৰ দি আমি সকলোৱে একাগ্ৰ চিত্তে কাম কৰি উত্তৰণৰ পথত অগ্ৰসৰ হ’লে সমাজ আকৌ মধুময় হৈ উঠিব। এই ক্ষেত্ৰত ভগৱানৰ কৰুণা আমাৰ পাথেয় হওক।
“মুকং কৰোতি বাচালং পঙ্গুল লঙ্ঘয়তে গিৰিম
যৎ কৃপা তমহং বন্দে পৰমানন্দ
মাধবম।।