অসমীয়া বছৰটোৰ বাৰটা মাহক আমি ছয়টা ঋতুত ভাগ কৰো । গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত । প্ৰতিটো ঋতুৰে নিজা নিজা বৈশিষ্ট আছে আৰু একেদৰেই আছে নিজা নিজা সৌন্দৰ্য । সেয়েহে প্ৰতিটো ঋতুৱেই আমাৰ বাবে কঢ়িয়াই আনে সুকীয়া অনুভুতি । অৱশ্যে মানুহভেদে মন ভিন্ন হোৱাৰ সমান্তৰালভাবে ঋতুপ্ৰীতিও ভিন্ন হোৱা দেখা যায় । কোনোৱে বৰ্ষা কালক অধিক পচন্দ কৰাৰ বিপৰীতে অন্য কোনোৱে আকৌ শীতকালক অধিক পচন্দ কৰে । কোনোৱে হেমন্তৰ হৈমন্তী চেতনাক অধিক আন্তৰিকতাৰে গ্ৰহন কৰাৰ বিপৰীতে কোনোৱে শৰতৰ স্নিগ্ধতাত অধিক সন্মোহনী বিচাৰি পায় । সেয়া নিতান্তই স্বাভাবিক ।
মানুহভেদে পচন্দ-অপচন্দ বা ঋতুকেন্দ্ৰিক চিন্তা-চেতনা বা অনুভৱ সুকীয়া হ’লেও প্ৰতিটো ঋতুৰে আছে নিজা নিজা বৈশিষ্ট আৰু সৌন্দৰ্য । প্ৰতিটো ঋতুৱে কঢ়িয়াই ফুৰিছে সুকীয়া মাধুৰ্য, মানুহৰ বাবে কঢ়িয়াই আনিছে অফুৰন্ত আশা আৰু প্ৰেৰণা । সেই কাৰনে প্ৰতিটো ঋতুতে মানুহে বিচাৰি পাইছে সৃষ্টিৰ সমল, সৌন্দৰ্যৰ আঁকৰ । সেয়েহে প্ৰতিটো ঋতুৰ বিষয়েই কবিয়ে কবিতা লিখিছে, সাংবাদিকে বাতৰি লিখিছে, মানুহে অনুভৱী মনৰ ভাব লিপিবদ্ধ কৰিছে । প্ৰতিটো ঋতুতে ফুলে পাঁহ মেলিছে, প্ৰতিটো ঋতুতে চৰায়ে মাতিছে, প্ৰতিটো ঋতুতে একেই স্বাভাবিকতাৰে সম্পন্ন হৈছে জন্ম-মৃত্যু-বিবাহ । সেই ফালৰ পৰা সমগ্ৰ বছৰটোতে আমি মানৱ জাতি একেই ধৰণে, একেই কৰ্মব্যস্ততাৰ মাজেৰেই ব্যস্ত হৈ আহিছো । যি সমূহ মানুহ নিজৰ জীৱন-সংসাৰ-কৰ্মক লৈ অতিপাত ব্যস্ত সেই মানুহখিনিৰ কাৰণে হয়তো ঋতুৰ এই পৰিৱৰ্তন প্ৰত্যক্ষ কৰাৰো আনকি আহৰি নাই । কিন্তু আমাৰ দৰে এচাম মানুহ যিসকলে প্ৰকৃতিৰ ৰূপত মুগ্ধ হৈছো, চৰাইৰ মাতত আকুল হৈছো, বসন্ত কালৰ ন-কুঁহিপাত দেখি বা শীতৰ লঠঙা ডাল দেখি ভাবুক হৈছো সেই মানুহখিনিৰ বাবে এই ঋতুৰ প্ৰভেদৰ কিছু তাৎপৰ্য এতিয়াও বাকী ৰৈছে ।
এই যে ওপৰত উল্লেখ কৰা ধৰনে ঋতু ভেদে প্ৰকৃতিৰ ৰূপ পৰিৱৰ্তন হৈছে তাতেই আচলতে নিহিত হৈ আছে ঋতুৰ গৰিমা । প্ৰতিটো ঋতুতে বেলেগ বেলেগ ৰূপত প্ৰকৃতিয়ে আমাৰ মাজত ভুমুকি মাৰিছে আৰু আমি অনুভৱী মানুহে প্ৰকৃতিৰ সেই ৰূপত মুগ্ধ হৈছো । সেই ৰূপত প্ৰকৃতিৰ গুন গান কৰিছো । অৱশ্যে আজিৰ বিশ্বজুৰি পৰিৱৰ্তিত সময়ত ঋতুভেদে প্ৰকৃতিৰ ছবিখনৰ সকলো পৰিৱৰ্তন হলেও এটা কথা অৱশ্যেই লক্ষনীয় হৈছে যে গ্ৰীষ্মৰ প্ৰকোপ এতিয়া বছৰৰ সকলো সময়তে অব্যাহত থাকিবলৈ আৰম্ভ কৰিছে । এই লেখা লিখি থকা সময়ত আহিন মাহে আহি সোঁমাজত উপনীত হৈছে । কিন্তু এতিয়াও বাহিৰত অসহ্য গৰমে মানুহক বিৰক্ত কৰিয়েই আছে ।
এটা সময় আছিল যেতিয়া ভাদ মাহৰ মাজভাগৰ পৰাই হাফ-চুৱেটাৰ পিন্ধিবলগীয়া অৱস্থা হৈছিল । বিশ্বকৰ্মা পুজাৰ সময়ৰ পৰা নিশাৰ ভাগত শোৱা সময়ত গৰম কাপোৰৰ প্ৰয়োজন হৈছিল । কিন্তু এতিয়া দুৰ্গা পুজাৰ সময়তো হাফ-চাৰ্ট পিন্ধি পুজা চাব লগা হোৱাৰ লগতে বিজুলী পাংখা বা এচি আদি চলাই ৰাখিব লগা হৈছে । এয়া হৈছে বিশ্বজুৰি হোৱা জলবায়ু পৰিৱৰ্তনৰ ফল । এতিয়া শীত বুলিলে ডিচেম্বৰ মাহৰ মাজভাগৰ পৰা মাঘবিহু পৰ্যন্ত কিছুদিনহে আমাৰ মাজত শীতে ভুমুকি মাৰে । অৱশ্যেই তাতো দিনৰ ভাগত ৰ’দ ওলালে গৰম কাপোৰৰ প্ৰয়োজন নাথাকেই । এই ধৰনে বতৰৰ পৰিৱৰ্তন অব্যাহত থাকিলে আমাৰ মাজৰ পৰা শীতৰ দিনবোৰে চিৰদিনৰ বাবে মেলানি মাগিবলৈ বৰ বেছি সময় নালাগিব ।
বিশ্বজুৰি জলবায়ু পৰিৱৰ্তন, মানুহৰ ভুমিকা, উন্নত দেশ সমূহৰ কাৰ্বন নিৰ্গমনৰ পৰ্যায়, এই সকলো বিষয় সামৰি বিভিন্ন উচ্চস্তৰীয় পৰ্যায়ত নানান আলোচনা বিলোচনা চলি আছে আৰু জলবায়ু পৰিৱৰ্তনৰ লগতে বায়ুমণ্ডলৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ হ্ৰাস কৰাৰ কাৰণে বিভিন্ন চিন্তা-চৰ্চাও অহৰহ চলিব লাগিছে । কাৰণ এয়া এক বিশ্বজনীন সমস্যা । মানুহে আধুনিক বিশ্বত জীৱনধাৰন কৰোতে নিজৰ কাৰ্যৰ দ্বাৰা পৰিৱেশৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱৰ বিষয়ে সচেতন নহলে আগন্তুক দিনত এই বতৰ আৰু জলবায়ু পৰিৱৰ্তনৰ এই সমস্যাটোৱে অধিক ভয়াবহ ৰূপত আত্মপ্ৰকাশ কৰিব আৰু তেতিয়া ঋতুৰ এই পৰিৱৰ্তিত ৰূপ আৰু সৌন্দৰ্য সকলো নিৰ্মূল হব । সেয়েহে নিজৰ কাৰ্যৰ দ্বাৰা পৰিৱেশৰ ওপৰত পৰিব পৰা বিৰূপ প্ৰভাৱ হ্ৰাস কৰাৰ কাৰণে অইনৰ বাবে নহলেও নিজৰ ভৱিষ্যতৰ বাবেই সকলোৱে সজাগ আৰু সচেতন হব বুলি এই শাৰদীয় বতৰতে আমি সকলোলৈ আহ্বান জনালো ।
শেৱালীৰ সুবাস আৰু নিয়ৰৰ সেমেকা আচ্ছাদনে সকলোৰে মনত শাৰদীয় অনুভুতি জগাই তোলক । আটাইলৈ শাৰদীয় শুভকামনা ।