এক আৰু দুইৰ মাজৰ দহটা সংখ্যা উলিয়াবলৈ শিকাই আছে অসীমাই নিয়ৰক।অষ্টম শ্রেণীৰ ছাত্ৰ এইবাৰ সি।অংকত স্নাতকোত্তৰ অসীমাৰ কাৰণে ভাতৰ লগত পানী খোৱা ধৰণৰ অংক এইটো।কিন্তু আজি বাৰে বাৰে আউল লাগিছে যেন তাইৰ।
এক আৰু দুইৰ মাজত আপাতঃদৃষ্টিত অন্য সংখ্যা নাথাকে।কিন্তু বিচাৰিলে অগণন সংখ্যা থকাতোও অসম্ভৱ নহয়।আচল কথাটো হ’ল বিচৰা-নিবিচৰাতোহে।
:মা..কি হ’ল?ৰৈ গ’লা যে…
নিয়ৰৰ মাতত তন্দ্ৰা ভাঙিছে অসীমাৰ।মূৰটো সামান্য জোঁকাৰি পুনৰ পাতিছে অংকটো।
এফালে এক এফালে দুই।সংখ্যা দুয়োটাই উভতাই নিছে তাইক তেইশ বছৰ আগলৈ।
ৰোল নং এক অসীমা শৰ্মা আৰু ৰোল নং দুই প্ৰবাল দাস।মেধাভিত্তিত ৰোল নং দিয়া ব্যৱস্থা অনু্যায়ী অসীমা আগুৱাই আছিল প্ৰবালতকৈ।তাকে লৈ সামান্যতমো আফচোচ নাছিল প্ৰবালৰ মনত।
থাকিব কিয়?
অসীমা যে তাৰ হৃদয়ৰ ৰাণী আৰু সি তাইৰ হৃদয়ৰ গৰাকী।
স্কুলখনৰ গৌৰৱ আছিল সিহঁত।লগৰবোৰৰ ঈৰ্ষাৰ বিষয় আছিল সিহঁত।মাজে মাজে কোনোবাই জোঁকাইছিল,
“বিয়াৰ পিছত ভাতৰ পাতত বহি প্ৰবালে অসীমাক ক’ব….হেৰা,মোক ত্ৰিশ মিলিলিটাৰ দালি আৰু এশগ্ৰাম ভাত দিয়া”
গিৰ্জনি মাৰি হাঁহিছিল গোটেই ক্লাছে।হাঁহিছিল অসীমা আৰু প্ৰবালেও।সঁচাকৈ দুয়োৰে অংক প্ৰীতি শলাগিবলগীয়া আছিল
হায়াৰ ছেকেণ্ডাৰীতো দুয়ো অংকত ভাল নম্বৰ লৈ উৰ্ত্তীৰ্ণ হৈছিল।অসীমাই ৯৯ পোৱাৰ বিপৰীতে প্ৰবালে ৯৫ পাইছিল।সকলোৱে অনুমান কৰা মতেই দুয়ো কটন কলেজত অংকত মেজৰ লৈ ডিগ্ৰীত এডমিছন লৈছিল।
পৰীক্ষাত অসীমাতকৈ কম পালেও জীৱনৰ অংকত প্ৰবাল বেছি চোকা আছিল।অসীমা শৰ্মাক দাস পৰিয়ালৰ ডাঙৰ বোৱাৰী বনোৱাৰ টান অংকটো সহজ কৰিবলৈ উঠিপৰি লাগিছিল।সফলো হৈছিল সি।স্নাতকোত্তৰ ডিগ্ৰী লোৱালৈ টিউশ্যনৰ পইছাৰে ঘৰখন চলাব পৰা হৈছিলগৈ।
আশংকা কৰামতেই অসীমাৰ দেউতাক গোপাল শৰ্মাই সন্মতি দিয়া নাছিল এই সম্পৰ্কত।শিলৰ মূৰ্তি হৈ আনফালে চাই থকা মাক-দেউতাকৰ সন্মুখেৰে প্ৰবালৰ হাতত ধৰি ওলাই আহিছিল অসীমা।
মন্দিৰত দুই মিলিগ্ৰাম সেন্দূৰ অসীমাৰ শিৰত সানি বান্ধ খাইছিল দুয়ো অটুট বান্ধোনত।
প্ৰবালৰ বিধৱা মাক আৰু ভায়েক-ভনীয়েকে অনাড়ম্বৰতাৰেই আদৰিছিল নৱদম্পতীক।
সাধাৰণ দুজনীয়া খাটতে ফুলশয্যাৰ মধুৰ ক্ষণ কটাই শেষৰাতিলৈ দুয়ো পুনৰ অংক কৰিছিল।বহুত পাৰ্মুটেশ্যন-কম্বিনেশ্যন কৰি ভৱিষ্যতৰ বাবে সুপথ বিচৰাৰ অংক।
সদ্যহতে অসীমায়ো টিউশ্যন গোটাই ল’ব।অলপতে প্ৰপত্ৰ পূৰাই থোৱা কলেজখনত কিবাকৈ এজনেও মূৰ গুজিব পাৰিলে আৰু অলপ সুস্থিৰ হ’ব সিহঁতৰ জীৱন।লাহেকৈ কামৰ ফাঁকে ফাঁকে ডক্টৰেট কৰিব।প্ৰথমতে এজনী ছোৱালী,তাৰ পিছত ল’ৰা এটা।
ভৱিষ্যতৰ সপোনৰ অংক কৰিয়েই শেষৰাতিলৈহে টোপনিত ঢলি পৰিছিল দুয়ো।
পিছদিনাখনৰ পৰাই আৰম্ভ কৰিছিল সপোনক বাস্তৱ কৰাৰ আখৰা।
অলপ সপোন পূৰা হৈছিলেও।কলেজৰ চাকৰিটো হৈছিল প্ৰবালৰ।
নম্বৰ অসীমাৰ বেছি আছিল । কিন্তু শৰ্মা উপাধিটো দাস উপাধিতকৈ সমাজত ওপৰত হ’লেও চাকৰিৰ তালিকাত তলত আছিল।
নিজে নোপোৱাৰ দুখৰ তুলনাত প্ৰবালে পোৱাৰ সুখখিনিৰ ওজন বেছি আছিল অসীমাৰ বাবে।
বাট চাইছিল অন্য ইন্টাৰভিউলৈ।তাৰ আগতে অপ্ৰত্যাশিত ভাৱে আহিছিল নিয়ৰৰ আগমনৰ বতৰা।
নিয়ৰ খোজকাঢ়িব পৰা হোৱালৈ প্ৰবালৰ মাকে বিচনা লৈছিল।তেওঁৰ চিকিৎসা,ননদৰ বিয়া আৰু দেওৰৰ উচ্চশিক্ষাৰ খৰচৰ অংক কৰি আজৰি হোৱালৈ নিয়ৰ স্কুল যাব পৰা হৈছিল।প্ৰবালৰো ডক্টৰেট ডিগ্ৰীৰ কাম বাঢ়িছিল।নিজৰ সপোন পিছলৈ থৈ ঘৰখনৰ দায়িত্ব মূৰ পাতি লৈ অসীমাই প্ৰবালক আজৰি কৰি দিছিল।
প্ৰবাল আজৰি হ’লে অসীমাই পূৰ্ণদমে নিজৰ বাবে চাকৰি বিচাৰিব।তাৰ লগতে তায়ো ডক্টৰেট আৰম্ভ কৰিব।
নতুনকৈ পাতিছিল অংকটো।
অংকটো পতা ভাগেই থাকিল।আজি ইমান বছৰেও কৰিবলৈ সময়হে নিমিলিল অসীমাৰ।
নিজৰ কিতাপ উলিওৱাত ব্যস্ত প্ৰবাল,শয্যাশায়ী শাহুৱেক,একতিলো থিৰেৰে নথকা নিয়ৰ,প্ৰবালৰ আগ্ৰহত সিহঁতৰ মাজলৈ অহা কুঁৱলীৰ যতন,নিয়ৰৰ এবাকাছ আৰু টেনিছ ক্লাছ ,কুঁৱলীৰ ডান্স ক্লাছ ….এইবোৰৰ মাজত অসীমালৈ নিজলৈ একছেকেণ্ডো নথকা হ’ল।
নিয়ৰ-কু্ঁৱলী বুজন হোৱালৈ কিতাপৰ দমবোৰ ট্ৰাংকত সোমাই মদৰুৱা বৰণ ল’লেগৈ।
সদ্যহতে আকৌ অৱশ্যে অংক কৰে অসীমাই।নিয়ৰক অষ্টম শ্রেণীৰ আৰু কুঁৱলীৰ পঞ্চম শ্রেণীৰ অংকবোৰ গধূলি সময়ত কৰায়।
আজিও কু্ঁৱলীক কিবা লিখিবলৈ দি নিয়ৰক পৰিমেয় সংখ্যা বুজাই আছে।
এক আৰু দুইৰ মাজৰ দহটা সংখ্যা উলিয়াবলৈ ধুনীয়াকৈ শিকাই গৈছে।শান্ত মুখৰ আঁৰত অন্তৰৰ ধুমুহাজাক ঢাকিবলৈ আপ্ৰাণ চেষ্টা কৰিছে।
একৰ ঠাইত দহৰ ভিতৰত দহ লিখিছে আৰু দু্ইৰ ঠাইত দহৰ ভিতৰত বিশ।তথাপিও মাজত নটাহে সংখ্যা ওলায়।সেয়ে দুয়োটা ভগ্নাংশকে পুনৰ দহৰে ওপৰেতলে পূৰণ কৰিছে।
এশৰ ভিতৰত এশ আৰু এশৰ ভিতৰত দুশ…অনায়াসে এসোপা সংখ্যা পাইছে এক আৰু দুইৰ মাজত।
কিন্তু এশৰ ভিতৰত এশ একৰ সমান হ’লেও এক হৈ থাকে জানো?
বা এশৰ ভিতৰত দুশ দুই হৈ থাকেনে?
এক আৰু দুইৰ মাজত থকা সান্নিধ্যতা এশ আৰু দুশৰ মাজত থাকে জানো?
ওঁহো…নাথাকে।
অসীমা এক,এশৰ ভিতৰত এশ নহয়।হ’বও নোখোজে কেতিয়াও।
কিন্তু প্ৰবাল দুই হৈ নাথাকিল,এশৰ ভিতৰত দুশ হৈ পৰিল।সিহঁত দুয়োৰে মাজত অগণন নতুন সংখ্যা কেতিয়া জানো সোমাই পৰিল।একতকৈ দেখাত ডাঙৰ সংখ্যাবোৰহে তাৰ চকুত লগা হ’ল।
ডাঙৰ সংখ্যাধাৰী চাকৰিয়াল বিশেষ বান্ধৱীৰ তুলনাত সাধাৰণ গৃহিনী একৰ মূল্য সেয়ে নগন্য হৈ পৰিল প্ৰবালৰ তুলাচনীত।
অংকটো শিকি লৈ নিয়ৰ উঠি গ’ল।নিয়ৰ-কুঁৱলীক জলপান আৰু শাহুৱেকক গধূলিৰ দৰৱটো দি অসীমা বেলকনীত নিৰলে বহিলগৈ।
প্ৰবালৰ সলনি হোৱা স্বভাৱ,তাৰ সহকৰ্মী ডক্টৰ নীলাক্ষীৰ প্ৰতি তাৰ মুগ্ধ চাৱনি মনতে জুকিয়াই চাইছে।
বহুদেৰি মনতে অংক কৰি তাই বুজি উঠিছে যে প্ৰবাল আচলতে ঋনাত্মক দুইহে।সেয়েহে তাইৰ লগত যোগ হোৱাত তাৰ উত্তৰণ ঘটাৰ বিপৰীতে তাইৰ অৱতৰণ।বহুত হ’ল আৰু…দেৰি হৈছে যদিও সময় উকলি যোৱা নাই।
চাকৰিলৈ আশা নকৰি সৰুকৈ হ’লেও কোচিং চেন্টাৰ এটা তাই আৰম্ভ কৰিব।এনেয়ো নিয়ৰ আৰু কুঁৱলীৰ সহপাঠীবোৰক মাজেসময়ে তাই পঢ়াইয়ে।তাই বুজালে সকলোৱে সহজতে বুজে বুলি সিহঁতৰ মাকবোৰৰো মন্তব্য পাই থৈছে তাই।টিউশ্যন ল’বলৈ জোৰো কৰিছিল,তাইহে গুৰুত্ব দিয়া নাছিল।নিয়ৰৰ জন্মৰ আগতে কৰিছিল যদিও পিছলৈ কামৰ বোজা বঢ়াত বাদ দিছিল।কোনো কথা নাই,আকৌ আৰম্ভ কৰিব।
শাহুৱেকৰ কাৰণে লাগিলে ফুলটাইম মানুহ ৰাখিব।সুগৃহিনী হৈ ঘৰখনত দিয়া অফুৰন্ত সময়বোৰৰ হিচাপ অলপ ইফালসিফাল কৰি নিজৰ কাৰণেও সময় উলিয়াব।ডক্টৰেট ল’বলৈতো বয়সৰ সীমাবদ্ধতা নাই।
বাকী থাকিল প্ৰবাল আৰু তাইৰ মাজৰ বাঢ়ি যোৱা ব্যৱধানখিনি।চেষ্টা কৰিব প্ৰবালক আওপকীয়াকৈ বুজাবলৈ।
সিহঁতৰ মাজৰ বৰ্তমানৰ বিশাল দূৰত্বক দুয়োৰে মাজৰ শূন্য নিবিড়তাৰে ভাগ কৰি কমোৱাতো অসম্ভৱ।শূণ্যৰে একো সংখ্যা হৰণ কৰিব নোৱাৰি।কৰিলেও উত্তৰ অসীম হ’ব।
ইনফিনিটী…যাৰ কোনো নিৰ্দিষ্ট মান বা গ্ৰহণযোগ্যতা নাই।
অংকৰ ভাষাৰেই বুজাব তাক।সি ভালদৰে অংক বুজি পায় ।তথাপিও নুবুজিলে বেলেগ পন্থা ল’ব লাগিব।
সদ্যহতে কিন্তু সিহঁতৰ মাজৰ দ্বিপাক্ষিক সমীকৰণতকৈও তাইৰ নিজৰ আধাতে এৰা অংকবোৰহে সম্পূৰ্ণ কৰিব।
পাৰিব…তাই নিশ্চয়কৈ পাৰিব।প্ৰবালৰ দৰে ঋনাত্মক সংখ্যাকো আগুৱাই যোৱাত সহায় কৰা তাই নিজৰ উত্তৰণ অনায়াসে কৰিব পাৰিব।
কাৰণ তাই এক।
কাৰণ তাই ধনাত্মক পৰিমেয় সংখ্যা।