VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উদীপ্ত

বিকাশ দিহিঙ্গীয়া by বিকাশ দিহিঙ্গীয়া
October 19, 2021
in চুটিগল্প
উদীপ্ত
0
SHARES
137
VIEWS
Share on FacebookShare on Twitter

কিমান আছিল তাৰ বয়স তেতিয়া ? চৌধ্য নে পোন্ধৰ ? হাইস্কুলৰ ওপৰৰ শ্ৰেণীৰ ছাত্ৰ সি। নাকৰ তলত জান-নিজানকৈ ৰেখা এডাল জিলিকাৰ সময়। মেগাজিনৰ শেষ পৃষ্ঠাৰ ফটো চাই, স্কুলত শিক্ষকে এৰি যোৱা বিজ্ঞানৰ বিশেষ পাঠটো চাই উত্তেজনাত উটি যোৱাৰ সময়।

কথাবোৰ অৱশ্যে পুৰণি হৈ পৰিল। সময়ৰ মেৰপেছত সলনি হ’ল পৰিবেশ, পৰিস্থিতি আৰু জীৱন।

‘সলনি হ’ল নে বাৰু মন ?’ – মাজে মাজে‘ পোনা’ই উদীপ্তক সোধে।

বহুদিনৰ মূৰত আজি নিজক কাষত পাইছে উদীপ্তই, ঐকান্তিক ভাবে। ৰূমমেট দীপাঙ্কৰ ৰূম এৰি দুদিনৰ আগতেই বেলেগলৈ ‘চিফ্ট’ হ’ল। কামৰ হেঁচা, দায়িত্ববোধ, পৰিস্থিতিৰ সতে ‘এদজাষ্টমেন্ট’, ঘৰুৱা সমস্যা, সহকৰ্মী-বন্ধুৰ সংগ, গতানুগতিক ব্যস্ততা, একঘেয়ামি দৈনন্দিনে তাক নিজৰ পৰা নিলগাই ৰাখে সাধাৰণতে।

চতুৰ্থ পেগটো হাতত লৈ উদীপ্তই ‘পোনা’লৈ মনত পেলাই।

সপোন খেদি খেদি আজি সিজীৱন তীৰ্থৰ ক্লান্ত যাত্ৰী। প্ৰাইভেট কোম্পানী এটাত ‘ডাটা এন্ট্ৰীঅপাৰেটৰ’ৰ কাম কৰা উদীপ্তই কিমান তৰহৰ যে সপোন দেখিছিল সৰুৰে পৰা – ‘হাকিম হ’ম’, ‘পাইলট হম’, ‘এভাৰেষ্ট বগাম’, ‘পৃথিৱী ঘূৰিম’… আৰু ক’ত যে কি!

“…একজাম হলত লিখিছিলো কি

এইম ইন লাইফ বেলেগ আজি…”

কোঠাৰ ব্লুটুথ বক্সত ৰিপিট ট্ৰেকত বাজি থাকে ‘ধিক্কাৰ এই জীৱন’। হিমাংশু প্ৰসাদৰ এই গানটো যেন তাৰ বাবেই সৃষ্টি !

জীৱনক লৈ দেখা প্ৰথমটো ডাঙৰ সপোন কি আছিল ? সি মনত পেলাবলৈ চেষ্টা কৰে। পোহৰতকৈ বেগেৰে উদীপ্ত ল’ৰালিৰ পদূলি পায়গৈ। হাতৰ গিলাচটো একেঘোটাই খালি কৰি স্মৃতিচাৰণত চকু দুটা মুদি দিয়ে।

“ডাঙৰ হ’লে কি কৰিবি ?”

“বিয়া পাতিম।”

সৰুতে কোনোবাই সুধিলে তাৰ মুখৰ আগত আছিল উত্তৰটো -‘বিয়া পাতিম !’

বিয়া পতাৰ সপোন এটা আগত লৈ সি ডাঙৰ হৈছিল ! হুমুনিয়াহ মিশ্ৰিত হাঁহি এটা বুকুৰ পৰা উজাই আহি খুন্দা মাৰে তাৰ ওঁ‌ঠত। ভাৰাঘৰৰ সৰু কোঠাটোত তলমূৰ কৰি চিলিঙত বাদুলি ওলোমা দি মৃদু ঘেৰ-ঘেৰনি তুলি তিনিআলি এটা ঘূৰি থাকে উদীপ্তৰ মূৰৰ ওপৰত।

তিনিআলিৰ মূৰৰ বাবাকণ খুৰাকৰ ল’ৰা নিৰূপম তেতিয়া কলেজত পঢ়া চফল ডেকা। পঢ়াই-শুনাই ভাল, গাঁৱৰ মানুহৰ বাবে আদৰ্শবান ল’ৰা ! উদীপ্তহঁ‌ত তেতিয়া সৰু। গাঁৱৰ আটাইতকৈ অঘাইতং বুলি বিতোপন, ভৱেন আৰু তাৰ এটা সুনাম থকা সময়ৰ কথা এইয়া। পঢ়া-শুনা নকৰি ধিতিঙালি কোবাই ঘূৰি ফুৰা ল’ৰাকেইটাৰ মাক দেউতাকে নিৰূপমক খাটনি ধৰিছিল – “এই শনিপাত কেইটাক অকনমান গত লগাচোন। যি লাগে খৰচ দিম।”

দিন বাগৰিছিল। লাহে লাহে সিহঁত কেইটাৰ পৰা আৰম্ভ হোৱা নিৰূপমৰ টিউচন চেন্টাৰটোতো ভিৰ বাঢ়িছিল। তিনিআলিত দুখনমান দোকান বহিছিল।

লাহে লাহে উদীপ্তৰ পঢ়া-শুনাত মন লাগিছিল। নিৰূপমে তাৰ পঢ়াৰ প্ৰতি বাকীবোৰ ল’ৰা-ছোৱালীতকৈ অধিক গুৰুত্বদিছিল। টিউচনৰ বাহিৰেও কেতিয়াবা সিহঁতৰ ঘৰলৈ আহিতাৰ পঢ়া ধৰিছিল। নিৰূপমে তাক বন্ধুৰ দৰে বুজিছিল, মৰম কৰিছিল। বাহিৰা কিতাপ পঢ়াৰ অভ্যাসটোও উদীপ্তক নিৰূপমেই লগাইছিল।

নিৰূপমৰ কোঠাৰ কিতাপৰ আলমাৰিত সজাই থোৱা কিতাপবোৰ প্ৰথম দেখি সি অবাক হৈ গৈছিল–‘ইমান কিতাপ !’

তেতিয়া সি সৰু; দহ-বাৰবছৰীয়া মান আছিল চাগৈ !

কিতাপৰ মাজত অন্য এখন পৃথিৱী আৱিষ্কাৰ কৰিবলৈ উদীপ্তৰ বেছি দিন নালাগিছিল। টিংকলবোৰ পঢ়ি সি খুব ভালপাইছিল। সুপন্দিৰ কাণ্ড পঢ়ি অকলে অকলে হাঁহিত ফাটি পৰিছিল। নিৰূপমে তাক আনতকৈ কিয় বেছি মৰম কৰে, কিয় ইমান যত্ন লয় সেইয়া ভাবি চোৱাৰ বয়স তেতিয়া হোৱা নাছিল। উদীপ্তৰ ভাল লাগিছিল নিৰূপমক –তাক যে আনতকৈ বেছি মৰম কৰে, কেৱল তাকহে কিতাপৰ আলমাৰি চাবলৈ দিয়ে।

‘কেৱল সেইবাবেই নে!?’ -তাৰ হাতত এই প্ৰশ্নৰ সঠিক উত্তৰ আজিও নাই।

কিবা এটা অনামী আকৰ্ষণ অনুভৱ কৰিছিল সিনিৰূপমৰ প্ৰতি। নিৰূপমৰ সংগত নিজকে সজীৱ অনুভৱ কৰিছিল উদীপ্তই। তাৰ মনটোৱে সকলো সময়তে যেন নিৰূমপক কাষত বিচাৰিছিল !

কৰ্কশ সুৰ এটাত সি বিৰক্তিৰে চকু মেলে।

‘ফোন বাজিছে।’ – মোবাইলটো বিচাৰি সি পকেটত হাত ভৰাই।- ‘নাই চোন ! ক’ত বা বাজিছে !’

বিচনাখনত আওঁ‌জি মজিয়াত বহি থকাৰ পৰা উঠিব খুজি উদীপ্তই অনুভৱ কৰে – ‘ৰিমঝিমকৈ নিচা লাগিছে।’ বিচনাখনত দলিয়াই থোৱা ফোনটো বেঙা মেলি আনি আকৌ মজিয়াতে বহি পৰে সি।

“সেই গেলাসোপা আগত লৈ বহি আছা ন?” – গীতিমল্লিকাৰ মৌ-বৰষা মাতষাৰ ফোনৰ সিটোপাৰৰ পৰা আহি তাৰ বুকুত সোমাই পৰে। উদীপ্তৰ বুকুখন ৰমৰমাই উঠে – এক অবুজ বেদনাত !

“নাই! ক’তোনো আৰু… দীপাঙ্কৰে যোৱাৰ আগতেই আনি থৈ যোৱা বটলটো আজৰি কৰি পেলাওঁ‌ বুলিহে…।” – কথাষাৰ কওঁ‌তেও সি মনকৰে, তাৰ জিভাখন গধুৰ গধুৰ হৈ পৰিছে।

“হ’ব হ’ব। কৈফিয়ৎ দিব নালাগে।”- ক্ষন্তেক নিৰৱতাৰ পিছত তাই আকৌ মৰমেৰে সোধে, “দিনটো কেনে গ’ল তোমাৰ ?”

গীতিমল্লিকাৰ এই মৰমত উদীপ্তই সকলো সমস্যা পাহৰি যাব পাৰে। কিমান যে ভালপোৱাৰে তাক আৱৰি ৰাখিছে তাই। যি সময়ত সি হতাশাত ভাগি পৰিছিল, নিজকে শেষ কৰি দিয়াৰ চিন্তাবোৰে তাৰ মানসিক সন্তোলন দোলাই তুলিছিল, সেই সময়ত গীতি তাৰ সাহস হৈ কাষত থিয় দিছিল – তাৰ মনৰ যুদ্ধ খনৰ বিষয়ে একোনজনাকৈয়ে!

“ভালেই ! অফিচতে খালো দুপৰীয়া।‘বছ’ ছোৱালী এজনীৰ বাপেক হ’ল কালি।আজি তাৰে পাৰ্টি দিছিল।” – কন্ঠৰ পৰা জড়তা আঁ‌তৰাবলৈচেষ্টা সি কয়, “তোমাৰ কেনে গ’ল? ধনটি স্কুললৈ গৈছিল নে?”

“উম, গৈছিল। জানা আজিসি স্কুলত কি কাণ্ড কৰিলে…” – গীতিমল্লিকাই কৈ যায় কথাবোৰ। সি শুনি যায়। ধনটিৰ দুষ্টালিবোৰ শুনি তাৰ মুখত হাঁহি বিৰিঙে। গীতিয়ে তাক ডবিয়াই, “পুতেৰাই কিমান হাৰাহাস্তি কৰে আমি হে জানো। তোমাৰ লাই পাই তাৰ অতপাল বেছি হৈ গৈ আছে।”

“বাপেক জানো কম আছিল ! বাপেকৰ পুতেকহে সি !” – পিতৃত্বৰ গৌৰৱ সনা হাঁহি এটা তৰংগ হৈ ফোনটোৰ মাজেৰে গীতিৰ কাষ পায়গৈ। ধনটিয়ে টিভি চাই থকা ককাক আইতাকৰ কাষৰ পৰা দৌৰি আহি মাকৰ ওচৰ পাইহি।

‘দেতা শুনাচোন’ বুলি গীতিয়ে ডাইনিং টেবুলত থৈ পাচলি কাটি কাটি কথা পাতি থকা ফোনটো লৈ ধনটি ড্ৰয়িং ৰূম পাইহি। আৰম্ভ হৈ যায় তাৰ ওজৰ-আপত্তি।

“জানা মায়ে আজি মোক পিটিলে। মই একো কৰা নাছিলো। মায়ে মোক মৰমেই নকৰে জানা দেতা।” – ধনটিৰ কপাহকোমলমাতটো সেমেকি আহে। ভৰিৰ কলাফুলত পৰা এচাৰিৰ কোবকেইটাই এইবাৰহেতাৰমনত ফৰফৰনি তোলে।

“মোৰ ধনটিক মাৰিছে ! ৰ’বা মই মাক ইয়াৰ পৰা গৈ ঠিকচে দিম নহয়। এনেয়ে এনেয়ে কোনোবাই মাৰে নেকি। বেছিকৈ দুখ পালা নেকি ?” — উদীপ্তৰ মনটো ভৰি উঠে।

“উম, এচাৰিৰেও মাৰিছে, হাতেৰেও মাৰিছে আৰু মোক আঁ‌ঠু কাঢ়িবলৈও দিছে।” — উষ্ণ আবেগ সনা উচুপনি এটাই উদীপ্তক ঘৰখনলৈ হাতবাউলী মাতে। যেন এতিয়াই উৰি গৈ ধনটিক কোলাত লৈ চকুপানী মচি দিব!

“হেৰৌ কিমান মিছা নলগাৱ বাপেৰক।” – ধনটিৰ হাতৰ ফোনটোৰ পৰা দেউতাকৰ মাতটো ভাঁহি আহে। উদীপ্তই ঘৰৰ পৰা শ মাইল দূৰৈত থাকিয়ে উপভোগ কৰে সময়বোৰ।

উদীপ্তৰ মাকে ধনটিৰ কোলাত লৈ বোৱাৰীয়েকক উদ্দেশ্যি মিছা বকনি তোলে, “নাকান্দে মোৰ সোণে। দিম নহয় সেইজনীক। ইমানকে মাৰে নেকি সৰুল’ৰাটোক।”আইতাকৰআবিৰসনাচুমা দুটামান খাই কথাবোৰ পাহৰাবলৈ কিবা কিবি কৈ ফুচুলাই তাক।

ফোনটো এইবাৰ দেউতাকে লয় –“কি কৰিছ ‘পোনা’ ? ভাত বনাইছনে ?”

“বনাবলৈ লৈছো আৰু।” – উদীপ্তই চুটি উত্তৰেৰে সামৰিব খোজে কথা।

“ই জাননে বৰ দুষ্ট হৈছে। দিনে দিনে অতপালি বাঢ়ি গৈছে।স্কুললৈ যাবৰ বেলিকা যিহেতাৰ ভাওনা !কাৰো কথাই নামানে। একেবাৰে তোৰ দৰেই !” – দেউতাকৰ কথা কেইটাত তাৰ বুকুখন চিৰিং কৰি উঠে। অসহায়, অব্যক্ত শূন্যতাই হাঁ‌হাকাৰ লগাই।

‘সকলোৰে দৰে হ’লেও মোৰ দৰে নহওক সি !’– নেদেখাজনক সুঁৱৰি উদীপ্তই মনে মনে ভাবে, ‘ধনটিয়ে কেতিয়াও কঢ়িয়াই ফুৰিবলগা নহওক মোৰ দৰে উত্তৰ বিহীন প্ৰশ্নৰ মেটমৰা সম্ভাৰ !’

মেট্ৰিকৰ দেওনা পাৰহৈ বহল পৃথিৱীখনত খোজ দিওঁ‌তে সিঅলেখ নতুন নতুন মানুহ লগপাইছিল, নতুন নতুন কথাৰ শিকিছিল।

“তই লেডিছ’ নেকি ব্বে ?” – লগৰ ল’ৰাই যেতিয়া মনৰ চকুৰে সন্মুখত দেখা ছোৱালী-বোৱাৰীৰ দেহৰ খলা-বমাৰ জোখ লয়, অশ্লীল ইংগিত দিয়ে; সিতাৰ পৰা ফালৰি কাটিবখুজে। সিহঁতে তাক শব্দৰেবিন্ধে, “ল’ৰা হৈ ছোৱালী এজনী জোকাবলৈ সাহস নাই, ‘মাইকী’নেকিতই ?”

উদীপ্তই উভটিধৰে – “ল’ৰা হ’লেই বাটে-পথে অশ্লীল কথা পাতিবই লাগিব নেকি ? ছোৱালী-বোৱাৰী নুজোকালেই সি ‘মাইকী’হৈযায় নেকি ? বাটে-ঘাটে অভদ্ৰামী কৰি থকাতকৈ অলপ পঢ়া-শুনাও কৰিবি। মেণ্টেলিটি ঠিক কৰ অলপ।”

এদিন ল’ৰাৰদৰে হ’বলৈ গৈ সি মদৰ গিলাচ হাতত তুলি লৈছিল।এক প্ৰকাৰৰ জেদত – ‘সিহঁতৰ দৰে মই কিয় নহম !’গিলাচৰ চেঁচা ৰঙাপানীকণত নিজৰ অব্যক্ত বেদনা মিহলিকৰি পিপেলাইছিল সমস্ত যাতনা।

উদীপ্ত যিখন সমাজত ডাঙৰ হৈছে তাত মদ খোৱাটো অপৰাধ !মদ খোৱা মানুহবোৰ বেয়া মানুহ, অপৰাধী।

‘তেনে মানুহে মদ খাই কিয় ? বেয়া মানুহ হ’ব খোজে কিয় ?’ – প্ৰশ্নবোৰে তাৰ পিছ নেৰিছিল, যেতিয়ালৈকে নিজেই মদৰ আশ্ৰয় ল’ব লগা হোৱা নাছিল।নিজক পাহৰি থাকিবলৈ নে প্ৰশ্নবোৰৰ পৰা পলাবলৈশিকিছিল সঠিক নাজানে, কিন্তু মদৰ খাবলৈ আৰম্ভ কৰাৰে পৰা সি নিজক নিয়ন্ত্ৰণ কৰিবলৈ শিকিছিল।

‘নিচাই মানুহক সমস্যাৰ সতে যুঁজিবলৈ সাহস দিয়ে।’ – সিমাথো এইয়াই বুজিছিল।

নিৰূপমলৈ উদীপ্তৰ মাজেমাজেভীষণ খং উঠে।

‘কিয় সি মোক কিতাপ পঢ়িবলৈ শিকাইছিল ? কিয় সি মোক ইমান মৰম কৰিছিল ?’

প্ৰশ্নবোৰৰসঠিকউত্তৰসিকোনোদিনপোৱানাই।নিৰূপমসুধিবলৈয়োতাকতাৰস্বভিমানেঅনুমতিনিদিয়ে।নিজস্বধাৰণাৰেসজাইলোৱাউত্তৰবোৰেতাকবেছিঅস্বস্তিতহেপেলাই।

“আজি বাৰাণ্ডাৰ মাটিৰ টাবকেইটা মৰিয়াই মৰিয়াইভাঙিলে। বোলে ভাগেনে নেভাগে চাইছিলহে সি !” – দেউতাকে নাতিয়েকৰ দুষ্টালিবোৰ কয়। উদীপ্তই বুজে, মাক দেউতাক দুয়োয়ে খুব উপভোগ কৰে ধনটিৰ কাণ্ডবোৰ। একমাত্ৰ সন্তানক দ্বিতীয়বাৰৰ বাবে ডাঙৰ হোৱাহে যেন চাইছে তেওঁলোকে !

দুই-চাৰিটা ঘৰুৱা কথা পাতি সি ভাত বনোৱাৰ অজুহাতত ফোন ৰাখে। বুকুভেদি কান্দোন এটা বাহিৰ হৈ আহিব খোজে – অব্যক্ত বেদনাত।সুখবোৰহাততপাইয়োসুখীহ’বনোৱাৰাৰযাতনাত। ইচ্ছা কৰিলেও কান্দিব নোৱাৰে সি।‘ল’ৰাই কান্দিলে শোভা নাপায় !’ – চুবুৰীৰ মানুহবোৰৰ উৰি অহা কথাবোৰ উদীপ্তৰ কৰ্ণগহ্বৰত বাজি উঠে।

মানুহে বাৰু শোভাবৰ্ধনৰ বাবে কান্দে নেকি ? চকুপানীবোৰকি সৌন্দৰ্যবৰ্ধক? দুখ যাতনা এইবোৰ ছোৱালীৰ হে সম্পদ নেকি ? ল’ৰাবোৰে বুকুত কি শিল লৈ থাকে ? আমাৰ কি অন্তৰ নাই ? ওখ জিঅ’ টাৱাৰটোৰ ওপৰত উঠি চিঞৰি চিঞৰি মানুহবোৰক সুধিবৰ মন যায় উদীপ্তৰ। কোনে নিৰ্ধাৰণ কৰিলে কান্দোন ছোৱালী-তিৰোতাৰ শোভাবৰ্ধক অলংকাৰ বুলি !

মনতেই হওক বা দেহত, আঘাত পাই সৰুতে কান্দি উঠিলে সকলোকে জোকাইছিল, “তই মাইকী নেকি ? ছোৱালীয়েহে এনেকৈ কান্দে !” লাজে-অপমানে জৰ্জৰিত হৈ জোৰ কৰি কান্দোন বন্ধ কৰিছিল সি। মাকে তাক ঘৰ সৰা, মোচা, বাচন ধোৱা, ৰন্ধা-বঢ়া সকলোতে লগাইছিল। লাগনি-পাচনি কৰিবলৈ বুলি ঘৰখনত মাক-দেউতাক আৰু তাৰ বাহিৰে আন মানুহ নাছিল। চাপৰিৰ পামত ব্যস্ত থকা দেউতাক দিনটো, কেতিয়াবা ৰাতিও ঘৰত নেথাকিছিল। সুবিধাই-অসুবিধাই মাকক সহায় কৰিবলৈ সি সদায়ে সাজু আছিল।

ঘৰলৈ অহা আলহীৰ লগত কথা পাতি থকাৰ পৰত মাকে তাকে চাহ বনাবলৈ পাচিছিল। সি বনোৱা চাহ কাপ হাতত লৈয়ে মানুহবোৰে শব্দৰ বাণেৰে আকৌ তাকে খুচিছিল –“ছোৱালী হোৱা হ’লেই ভাল আছিল অ’ ই। বৰ ধুনীয়াকৈ বনাব জানে চাহটুপি!”

মাকে গৌৰৱেৰে কৈছিল, “মোৰ অসুবিধা হ’লে ঘৰ মোচা, চোতাল সৰা এইবোৰো আমাৰ পোনায়েই কৰে।”

ভীষণ লাজ লাগিছিল তাৰ। মানুহবোৰে তালৈ কৌতুকমিহলি চাৱনিৰে চাইছিল। তাৰ অসহ্য লাগিছিল। কামবোৰো মানুহে ভাগ কৰি পেলাইছিল লিংগ বিশেষে ! ল’ৰাৰ কাম, ছোৱালীৰ কাম !

লাহে লাহে সি ঘৰত কথা-বতৰা নমনা হৈ আহিছিল।‘মাইকীৰ দৰে’, ‘ছোৱালীৰ নিচিনা’ – এই শব্দবোৰে তাক শেলে বিন্ধাদি বিন্ধিছিল। ল’ৰাৰ দৰে হ’বলৈ গৈ নাম পাইছিল অঘাইতং, অসভ্য!

স্কুল নথকা সময়চোৱাত উদীপ্তই ঘৰত থকা বাদ দিছিল। ইতিমধ্যেই ‘চয়তানৰ পোৱালি’ বিভূষণেৰে বিভূষিত বিতোপন, ভৱেনহঁ‌তৰ লগ লোৱা আৰম্ভ কৰি দিছিল। ল’ৰাৰ দৰে ল’ৰা হ’ব খুজি সি এখন নিষিদ্ধ পৃথিৱী উদ্ঘাটন কৰিছিল। যি পৃথিৱীয়ে তাক প্ৰাকযৌৱনৰ কালচোৱাত উত্তেজিত কৰি ৰাখিছিল !

হঠাতে কোঠাটোত এন্ধাৰে চানি ধৰাত ‘ঘট’ কৈ শব্দ এটা তুলি চিলিং ফেনখনে গতি মন্থৰ কৰি আনে।‘কাৰেণ্টটো এতিয়াহে যাব পালে’ বুলি ভোৰভোৰাই উদীপ্ত বিচনাৰ পৰা উঠিব খুজে। মজিয়াত থোৱা গিলাচটো ভৰিত লাগি টিঙ-টিঙিয়া শব্দ এটা এন্ধাৰত এৰি অলপ আঁ‌তৰলৈ বাগৰি যায় ।

মোবাইলৰ টৰ্চ অন কৰি সি কোঠাৰ এচুকৰ টেবুলখনত থকা মম ডাল জ্বলাই খিৰিকিখনৰ এফাল মেলি দিয়ে। ভাৰাঘৰৰ দ্বিতীয় মহলাত থকা তাৰ সৰু কোঠাটোৰ খিৰিকিৰে চহৰখনৰ ব্যস্ততা জিলিকি উঠে।

আজি ৰন্ধা-বঢ়া কৰিবলৈ একেবাৰে ইচ্ছা যোৱা নাই উদীপ্তৰ। চকীখনতে গাটো এৰি দি সি ‘Swiggy’-ত ‘চিকেন বিৰিয়ানী’ৰ অৰ্ডাৰ দিয়ে।

চিগাৰেট এটা জ্বলাই সি বেলকনিলৈ ওলাই আহে। শূন্যত ধোঁৱাবোৰ উদ্দেশ্যহীন ভাবে এৰি দি বেলকনিৰে দেখা আকাশ টুকুৰালৈ চাই পঠিয়াই। তৰা ভৰা আকাশখনৰ এই টুকুৰাটোত জোন নাই । তৰাবোৰ বিশৃংখলভাবে সিঁচৰিত হৈ আছে। আকাশৰ ফালে মুখ কৰি সি ধোঁৱাবোৰৰ কুণ্ডলী বনাবলৈ চেষ্টা কৰে।

হাতত চিগাৰেট এটা গুজি দি কলেজ হোষ্টেলৰ প্ৰথম নিশা চিনিয়ৰ বিদ্যুতে তাক এই ধোঁৱাবোৰৰ সতে পৰিচয় কৰাই দিছিল। সেইয়াই আৰম্ভণি। অস্থিৰ মনক স্থিৰ কৰিবলৈ, মন সাগৰৰ জোৱাৰ-ভাটাক শান্ত কৰিবলৈ তাৰ পিছৰে পৰা সি চিগাৰেটৰ ওপৰত ভৰসা কৰিবলৈ ল’লে। মনৰ অৱসাদ দূৰ কৰিবলৈ ধোঁৱাবোৰই এতিয়া বিশ্বস্ত সংগী !

জহকালিৰ নিৰ্জন দূপৰ এটাত উদীপ্তই নিৰূপমৰ কিতাপবোৰৰ এচুকত সহজে চকুত নপৰাকৈ লুকুৱাই ৰখা চিগাৰেটৰ পেকেট এটা উদ্ধাৰ কৰিছিল। যিটো পেকেট নিসন্দেহে বহু দামী আছিল।

‘নিৰূপম দাই চিগাৰেট খাই !’

গাঁৱৰ সকলোতকৈ ভাল ল’ৰা হিচাপে স্বীকৃত নিৰূপমৰ গোপন কথা এটা আৱিষ্কাৰ কৰি উদীপ্ত ৰোমাঞ্চিত হৈ উঠিছিল। পেকেটটো পুনৰ আগৰ দৰে লুকুৱাই থৈ সি ভিতৰৰ ফালৰ কিতাপবোৰ খুচৰিছিল। নিৰূপম তেতিয়া ভিতৰত নাছিল।

যেতিয়া নিৰূপম কোঠাত সোমাইছিল উদীপ্তৰ হাতত আছিল নগ্ন শৰীৰ দুটা বিশেষ ভংগিমাত আলিংগনবদ্ধ ফটোৰ বেটুপাতেৰে সৰু কিতাপ এখন ! কিতাপখন হাতত লৈ কঁ‌পা কঁ‌পা হাতেৰে সি পৃষ্ঠাবোৰ চকু বহল কৰি চাই আছিল। উত্তেজনাত তাৰ গালমূখ ৰঙা পৰিছিল। শৰীৰত অনুভৱ কৰিছিল অস্থিৰতা।

নিৰূপমে থাপ মাৰি তাৰ পৰা কিতাপখন আঁ‌জুৰি আলমাৰিৰ দুৱাৰ বন্ধ কৰি দিছিল। উদীপ্তক লাজে বেৰি ধৰিছিল। নেদেখিব লগা কিবা দেখা বাবে নে নিৰূপমৰ হাতত ধৰা পৰা বাবে সি ভবা নাছিল।

তলমূৰ কৰি গুচি আহিব ধৰোঁতে নিৰূপমে তাক হাতত ধৰি নিজৰ ফালে টানি নিছিল। কিবা এটা ক’ব খোজোতেই তাৰ ওঁ‌ঠত গুজি দিছিল চিগাৰেটৰ ধোঁৱাৰে সিক্ত দুই ওঁ‌ঠ !

তাৰতেতিয়া ঘিন লগা নাছিল কিয় ? সেই সময়ত চিঞৰ এটাও বাহিৰ হোৱা নাছিল কিয় ? কিয় চেষ্টা কৰা নাছিল নিৰূপমৰ বাহুবন্ধনৰ পৰা ওলাবলৈ ? — প্ৰশ্ন মাথো প্ৰশ্ন !

ফোনটো বাজি উঠে টেবুলত। দীঘলীয়াকৈ টান এটা মাৰি চিগাৰেটটো শেষ কৰে উদীপ্তই। ডেলিভাৰী বয়টোক তাৰ ৰূমলৈ অহা বাটতো ভালকৈ বুজাই দিয়ে সি। কাৰেন্টটো অহাত মমডাল নুমুৱাই ল’ৰাটোলৈ অপেক্ষা কৰে।

পোনাক নিজৰ মাজতে সামৰি সি কাইলৈ দিনটোৰ কথা ভাবে।

বহুদিন চেষ্টা কৰিছে কথাবোৰ গীতিমল্লিকাক ক’বলৈ।নোৱাৰেসিক’ব !জীৱনসংগীহ’লেওসকলোকথাজপাৰপৰাআঁ‌জুৰিকৈদিবনোৱাৰি।কোনোমতেশৃংখলিতহোৱাজীৱনটোতআউললগাৰভয়তবাজীথকাৰসাহসহেৰুৱাৰভয়ত !

মনৰ প্ৰশ্নবোৰ – সুপ্ত হৈ থকা ভাববোৰ খোলা-খুলিকৈ পাতিবলৈ বহুদিন বন্ধু-বৰ্গৰ সতে চেষ্টা কৰিছে। নাই, এনেকোনো নাই যি শুনিব তাৰ কথা; যি বুজিব তাৰ বুকুৰ বেথা।

‘কাক কম, কোনে শুনিব ? যাকে কম সিয়ে লঠিয়াব।’

প্ৰত্যেক মানুহেই বুকুত লৈ ফুৰে একোখন নিজা পৃথিৱী। য’ত চলি থাকে মন মগজুৰ তয়াময়া ৰণ, মাজে মাজে হৈ থাকে শান্তি চুক্তি। নোৱাৰি — সকলো কথা কাকো ক’ব নোৱাৰি !একান্তইব্যক্তিগতবুলিসকলোৱেমনতলৈফুৰেএকোখনকৈএন্ধাৰডায়েৰী — য’তলিখাথাকেনিজৰলগতোপাতিবনোৱাৰাঅলেখকাহিনী !

‘কামৰ পৰা চাৰিদিন ছুটি লোৱা হৈ গৈছে।গীতিক কোৱা নাই।’

উদীপ্তই ঘপকৈ ঘৰলৈ গৈ চাৰপ্ৰাইজ এটা দি দিয়াৰ কথাভাবে। হঠাতে তাক দেখি আনন্দত নাচি উঠিব লগা ধনটিৰ ছবিখন মনলৈ আহে।

‘ধনটিকঅন্তৰঙ্গবন্ধুহিচাপেডাঙৰকৰিবলাগিব।তাকতাৰদৰেবুজিবলাগিব।’–উদীপ্তইভাবে, ‘আজিদেতাদেতাবুলিআব্দাৰকৰাল’ৰাটোৱেএদিনতাকনিসংকোচেসকলোকথাক’বপৰাহ’ব !ধনটিৰমনৰসকলোভাৰল’বলৈসিনিজকেপ্ৰস্তুতকৰিবলাগিব।

খবৰনিদিয়াকৈঘপকৈগৈওলালেকেনে হ’ব গীতিৰ মুখৰ ৰং ? নোকোৱাকৈ যোৱাৰ অভিমানত সেমেকীবনেতাইৰনয়ন? –নিজেকল্পনাকৰিলোৱাদৃশ্যটোৱেতাৰওঁ‌ঠতহাঁহিএটাবিৰিঙাইযায়।

গীতিমল্লিকাৰ প্ৰতি থকা অনুৰাগবোৰ ভালপোৱা নে কৃতজ্ঞতা সি ভবা নাই কোনোদিন।কলেজত পঢ়ি থাকোতেলগপোৱা ছোৱালীজনীয়েদুমাহচিনাকিৰপিছতে চেমিষ্টাৰৰ শেষ পৰীক্ষাৰ দিনা কি সাহসত তাৰ সতে গুচি আহিছিল সি গমি চোৱা নাই এবাৰো।কাহানিওজুমিচাববিচৰানাইগীতিৰমনৰএন্ধাৰডায়েৰিতলিখাআছেকি ! মৰম বুলি যি দি গৈছে অতদিনে সেইখিনি তাৰ দায়িত্ববোধ নে আন কিবা তাকো সি ভবা নাই।

একপ্ৰকাৰৰজেদত, ভিতৰৰদূৰ্বলতাখিনিলুকুৱাইনিজৰসাহসদেখুওৱাবলৈগৈসিগীতিকপ্ৰেমৰপ্ৰস্তাৱদিছিল।অনাকাংক্ষিতভাবেইগঢ়িউঠিছিলএটাসম্পৰ্ক !

‘ভালপাওঁ‌বুলিকোৱাআৰুভালপোৱাএকেনহয়।’ – বহুদেৰিকৈসিঅনুভৱকৰিছিল।

“…প্ৰথম মৰমে যদি সঁ‌হাৰি নাপায়

ভালপোৱা কিয় জানো মৰহি যায়…”

কাষৰ ৰূমৰ পৰা টিভিত চলি থকাভূপেন্দ্ৰসংগীতৰ ৰিয়েলিটি শ্ব’ এটাৰ মাত ভেন্টিলেটৰে সৰকি আহি উদীপ্তৰ ৰূমত উৰি ফুৰে।

উদীপ্তই নিজক জানে, বুজে। কেৱল ভয় কৰে নিজকে আৱিষ্কাৰ কৰিবলৈ,পোনাক খোলাৰ পৰা বাহিৰলৈ আনিবলৈ।

সি কথাবোৰ ইমান গভীৰলৈ ভাবিব নোখোজে। তাৰ ভয় লাগে নিজলৈ। যানোচা আৱিষ্কাৰ কৰি পেলাই এটা অনাকাংক্ষিতসত্য !

‘নিৰূপম দাক তই ভালপাই পেলাইছিলি।তাৰ প্ৰতি আজিও সংগোপনে বুকুত কঢ়িয়াই ফুৰিছ প্ৰথম প্ৰেমৰ অনুৰাগ !তই কোনোদিনে মুক্ত হ’ব পৰা নাই ভৰদূপৰৰ বাহু বন্ধন এটাৰ পৰা !’ – পোনাই খোলাৰ পৰা মাতদিবখোজে। গল্ডফ্লেকৰ ধোঁৱাখিনি বুকুৰ ভিতৰলৈ ঠেলি দি উদীপ্তই পোনাৰমাত চিৰদিনলৈ বন্ধ কৰিব বিচাৰে।

Tags: শাৰদ বিশেষ
Previous Post

বিহু বনাম দুৰ্গা পূজা

Next Post

পৰিমিতি

Related Posts

ৰুবুৰ মাক
চুটিগল্প

ৰুবুৰ মাক

October 19, 2021
এটি কলি দুটি পাত
চুটিগল্প

এটি কলি দুটি পাত

October 19, 2021
বুমেৰাং
চুটিগল্প

বুমেৰাং

October 19, 2021
এটা অভিযানৰ অন্তত
চুটিগল্প

এটা অভিযানৰ অন্তত

October 19, 2021
ভাগ্য বিধাতা
চুটিগল্প

ভাগ্য বিধাতা

October 19, 2021
সোৱাদ
চুটিগল্প

সোৱাদ

October 19, 2021
Next Post
পৰিমিতি

পৰিমিতি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7