ভূ,বায়ুমণ্ডল.মহাসাগৰ,গ্ৰহ-গতি বিজ্ঞান শাখাত স্বীকৃতি লাভ কৰিলে এজন অসম সন্তানে।
বিশিষ্ট বিজ্ঞানী ডঃ বিনয় কুমাৰ শইকীয়ালৈ দেশৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা জগতৰ অন্যতম সৰ্বোচ্চ সন্মান শান্তি স্বৰূপ ভাটনাগৰ বঁটা-২০২১ আগবঢ়োৱা হৈছে।
যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (নেইষ্ট) জেষ্ঠ বিজ্ঞানী ডঃ বিনয় কুমাৰ শইকীয়াই বিজ্ঞানৰ প্ৰতি আগবঢ়োৱা অৱদান বাবে এই সন্মান প্ৰদান কৰা হয়।
নেইষ্টৰ জ্যেষ্ঠ বিজ্ঞানী ডঃবিনয় কুমাৰ শইকীয়াই ভূতত্ব আৰু পৰিবেশ বিজ্ঞান শাখাত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
দেশৰ ৪৫ বছৰ তলৰ বিজ্ঞানীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে কাউন্সিল অব ছায়েন্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চে(চি এছ আই আৰ) প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে।
ৰসায়ন বিজ্ঞানত পি এইচ ডি ডিগ্ৰীধাৰী ডঃ শইকীয়াই কেইবাখনো বহুমূলীয়া গ্ৰন্থ ৰচনাৰে বিজ্ঞানৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়াইছে।ইয়াৰোপৰি তেওঁৰ ৬৫ খনৰো অধিক গৱেষণা-পত্ৰ প্ৰকাশ পাইছে।নিজৰ গৱেষণা আৰু কৰ্মৰ বাবে ডঃ শইকীয়াই লাভ কৰিছে কেইবাটাও বঁটা আৰু ফেল’শ্বিপ।
উল্লেখযোগ্য যে ১৯৫৮ চনৰ পৰাই ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ সৰ্বোচ্চ সন্মান ৰূপে চিহ্নিত শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰি আহিছে।প্ৰধানতঃ৭ টা শাখাত জীৱ বিজ্ঞান,ৰসায়ন বিজ্ঞান,ভূ,বায়ুমণ্ডল,মহাসাগৰ আৰু গ্ৰহ-গতি বিজ্ঞান,অভিযান্ত্ৰিক বিজ্ঞান,গণিত বিজ্ঞান,চিকিৎসা বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানত এই বঁটা প্ৰদান কৰা হয়।
ডঃ শইকীয়াক আগবঢ়োৱা এই সন্মানে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনত অধ্যয়ন আৰু গৱেষণাৰ প্ৰতি অসমৰ নতুন প্ৰজন্মক উৎসাহিত কৰিব।দেওবাৰে ঘোষণা কৰা এই বঁটা লাভ কৰা ডঃ শইকীয়া হৈছে পঞ্চমজন অসমীয়া।
গোলাঘাট জোনাকী নগৰ নিৱাসী বীৰেন্দ্ৰ নাথ শইকীয়া আৰু বকুলী শইকীয়াৰ সন্তান ডঃ বিনয় কুমাৰ শইকীয়া গোলাঘাটৰ অন্যতম শিক্ষানুষ্ঠান দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল। তেনেক্ষেত্ৰত কালি ঘোষণা কৰা এই সন্মানে শইকীয়াৰ পৰিয়ালটোৰ লগতে গোলাঘাটলৈ আনন্দৰ বন্যা কঢ়িয়াই আনিছে।