দ্ৰুতগতিত পৰিৱৰ্তন হোৱা পৃথিৱীৰ সামগ্ৰিক পৰিৱেশ আজিৰ তাৰিখত বিজ্ঞানীসকলৰ বাবে চৰম উদ্বিগ্নতাৰ বিষয়। বিশ্বৰ সমগ্ৰ দেশৰ লগতে ভাৰতো অনাগত ভৱিষ্যতত ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হ’ব বুলি আই পি চি চিৰ এক বিশেষ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
ৰাষ্ট্ৰসংঘৰ আন্তঃচৰকাৰ পেনেল চমুকৈ আই পি চি চিৰ প্ৰতিবেদনৰ অনুসৰি ভাৰতত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে খৰাং, অতিবৃষ্টি, গ্ৰীষ্মপ্ৰবাহ আদিৰ লগতে দেশৰ জলস্তৰ বিপদজনক হাৰত বৃদ্ধি পাব।
শতিকাৰ শেষ ভাগত অত্যাধিক হাৰত বৃদ্ধি পোৱা জলস্তৰে দেশৰ প্ৰায় ১২ খন চহৰ ৩ ফুট পৰ্যন্ত বুৰাই পেলাব বুলি আশংকা কৰা হৈছে। আই পি চি চিৰ প্ৰতিবেদন বিশ্লেষণ কৰি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই ১২ খন চহৰ চিনাক্ত কৰিছে।
পৰিস্থিতি অপৰিৱৰ্তিত হৈ ৰ’লে এই চহৰ কেইখন কিমান ফুট বুৰ যোৱাৰ সম্ভাৱনা আছে সেই সম্পৰ্কেও নাছাই প্ৰতিবেদনত উল্লেখ কৰিছে,
কাণ্ডলাঃ ১.৮৭ ফুট
ওখাঃ ১.৯৬ ফুট
ভাওনগৰঃ ২.৭০ ফুট
মুম্বাইঃ ১.৯০ ফুট
মৰ্মুগাঁওঃ ২.০৬ ফুট
মাংগালোৰঃ ১.৮৭ ফুট
কোচিঃ ২.৩২ ফুট
পাৰাদ্বীপঃ ১.৯৩ ফুট
খিদিৰপুৰঃ ০.৪৯ ফুট
বিশাখাপট্টনমঃ ১.৭৭ ফুট
চেন্নাইঃ ১.৮৭ ফুট
টুটিকৰিণঃ ১.০৯ ফুট
সেউজগৃহ গেছৰ বায়ুমণ্ডলীয় ঘনত্ব বৃদ্ধি হোৱাৰ ফলত এক ইতিবাচক জলবায়ু সৃষ্টি বা উষ্ণতাৰ প্ৰভাৱ সৃষ্টি হয়। ১৯৯০ চনৰ পৰা ২০১৯ চনলৈ পৃথিৱীৰ বায়ুমণ্ডলত মানুহে যোগ দিয়া সেউজগৃহ গেছৰ পৰা মুঠ উষ্ণতাৰ প্ৰভাৱ ৪৫ শতাংশ বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে সেউজগৃহ গেছ নিৰ্গমনৰ ফলত বৃদ্ধি পোৱা উষ্ণতাৰ বাবে গ্ৰীণলেণ্ড তথা এণ্টাৰ্কটিকাত দ্ৰুত হাৰত বৰফ গলিবলৈ লৈছে। মাৰ্কিন গৱেষণা সংস্থা নাছাৰ নেতৃত্বত সম্পন্ন এক আন্তঃৰাষ্ট্ৰীয় গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।
গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি, বৰ্তমানৰ হাৰত গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাত বৰফ গলি থাকিবলৈ হ’লে ২১০০ চনলৈ পৃথিৱীৰ আটাইকেইখন সাগৰৰ জলস্তৰ ১৫ ইঞ্চিৰো অধিক বৃদ্ধি পাব। বিগত বৰ্ষত আই পি চি চি ৰ এক বিশেষ প্ৰতিবেদনতো একে ধৰণৰ সকীয়নি দিয়া হৈছিল।
এই প্ৰকল্পৰ মূল গৱেষক বাফালো বিশ্ববিদ্যালয়ৰ অধ্যাপক চ’ফি ন’উইকিয়ে কয়, “৮০-১০০ বছৰ পাছত সাগৰৰ জলপৃষ্ঠ কিমান বৃদ্ধি পাব সকলো কথা নিৰ্ভৰ কৰিছে বৰফ গলাৰ ওপৰত। ইয়াৰ স’তে জড়িত হৈ আছে উষ্ণতা বৃদ্ধিৰ বিষয়টোও।”
জলবায়ু পৰিৱৰ্তনৰ ঘটনা আৰু প্ৰভাৱ সম্পৰ্কে বৈজ্ঞানিক আৰু ৰাজনৈতিক সহমত বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে বিশ্ব বতৰ বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা ১৯৮৮ চনত জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় সংস্থা আই পি চি চি গঠন কৰা হৈছিল। আগশাৰীৰ জলবায়ু বিশেষজ্ঞ আৰু প্ৰভাৱ গৱেষকসকলে আই পি চি চিৰ বাবে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় গৱেষণাৰ পৰ্যালোচনা কৰে আৰু নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে প্ৰতিবেদন দাখিল কৰে।পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰসংঘৰ ১৯২ খন সদস্য চৰকাৰৰ বাবে মুকলি কৰা এক পৰীক্ষণ প্ৰক্ৰিয়াত এই প্ৰতিবেদন দাখিল কৰা হয়।