অভিযন্তাসকলে কাৰিকৰী সমস্যাৰ অৰ্থনৈতিক সমাধান বিকশিত কৰিবলৈ বিজ্ঞান আৰু গণিতৰ নীতি প্ৰয়োগ কৰে। তেওঁলোকৰ কাম হৈছে বৈজ্ঞানিক আৱিষ্কাৰ আৰু বাণিজ্যিক প্ৰয়োগৰ মাজৰ সংযোগ স্থাপন। ইয়াৰ জৰিয়তে সমাজ আৰু উপভোক্তাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ প্ৰয়াস কৰা হয়। বহুতো অভিযন্তাই নতুন সামগ্ৰী বিকশিত কৰে।
প্ৰতি বছৰে ১৫ ছেপ্টেম্বৰৰ দিনটো ভাৰতৰ লগতে শ্ৰীলংকা আৰু তাঞ্জানিয়াই ৰাষ্ট্ৰীয় অভিযন্তা দিৱস হিচাপে উদযাপন কৰে। অভিযন্তাসকলৰ মহান কামক স্মৰণ কৰিবলৈ আৰু তেওঁলোকক অধিক কৰ্ম আৰু উদ্ভাৱনৰ বাবে উৎসাহিত কৰিবলৈ এই দিৱস পালন কৰা হয়।
১৮৬১ চনৰ ১৫ ছেপ্তেম্বৰত কৰ্ণাটকৰ মুদ্দেনাহাল্লি গাঁৱত জন্ম গ্ৰহণ কৰা মহান অভিযন্তা মোক্ষগুণ্ডম বিশ্বেশ্বৰায়াৰ কৃতিত্বক স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবেই তেখেতৰ জন্মৰ তাৰিখটো অভিযন্তা দিৱস পালন কৰা হয়। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা কলাৰ স্নাতক হোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ নিজৰ কেৰিয়াৰৰ পথ সলনি কৰে আৰু পুনেৰ বিজ্ঞান মহাবিদ্যালয়ত অসামৰিক অভিযান্ত্ৰিক বিদ্যা লাভ কৰে।
ছাৰ এম ভি নামেৰে জনাজাত বিশ্বেশ্বৰায়াই বহুতো জটিল প্ৰকল্প হাতত লৈছিল আৰু তেওঁৰ কৰ্মজীৱনত উল্লেখনীয় আন্তঃগাঁথনিগত ফলাফল প্ৰদান কৰিছিল। তেখেতে ১৯০৩ চনত খাদ্য যোগানৰ স্তৰ আৰু সঞ্চয় সৰ্বোচ্চ স্তৰলৈ বৃদ্ধি কৰিবলৈ পুনেৰ ওচৰৰ খাদকভাছলা জলাশয়ত পানীৰ ফ্লাডগেটৰ সৈতে এটা জলসিঞ্চন প্ৰণালী প্ৰস্তুত আৰু স্থাপন কৰিছিল যাক ‘খণ্ড প্ৰণালী’ বুলি জনা যায়। এই প্ৰণালী গোৱালিয়ৰৰ টিগ্ৰা বান্ধ আৰু মাইচুৰুৰ কৃষ্ণৰাজ সাগৰা বান্ধতো স্থাপন কৰা হৈছিল।
জলসিঞ্চন কৌশল আৰু বান দুৰ্যোগ ব্যৱস্থাপনাৰ বিশেষজ্ঞ ছাৰ এম ভি কেৱল এজন মহান অসামৰিক অভিযন্তাই নহয় তেখেতে ১৯১২ চনৰ পৰা ১৯১৯ চনলৈ মহীশূৰৰ ১৯ তম দেৱান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মহীশূৰৰ দেৱান হিচাপে কাৰ্যনিৰ্বাহ কৰোতে ১৯১৫ চনত তেওঁক ৰজা পঞ্চম জৰ্জৰ দ্বাৰা ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ সেনাপতি হিচাপে ‘নাইট’ উপাধি প্ৰদান কৰা হৈছিল।
অভিযান্ত্ৰিক সন্মানৰ উপৰিও তেওঁ অভিযান্ত্ৰিক অনুশাসনৰ বিষয়ে সজাগতা প্ৰদান কৰাত জোৰ দিছিল আৰু ১৯১৭ চনত বাংগালোৰত চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পিছত মহাবিদ্যালয়খন তেওঁৰ নামেৰে ইউনিভাৰ্চিটি বিশ্বেশ্বৰায়া অভিযান্ত্ৰিক মহাবিদ্যালয় হিচাপে নামাকৰণ কৰা হয়।
ভাৰত নিৰ্মাণত তেখেতৰ উল্লেখযোগ্য অৱদানৰ বাবে চৰকাৰে ছাৰ এম ভিক ১৯৫৫ চনত ভাৰতৰ সৰ্বোচ্চ সন্মান ‘ভাৰত ৰত্ন’ প্ৰদান কৰিছিল।