দেশবাসীৰ বাবে এটি ইতিবাচক খবৰ! ইতিমধ্যে প্ৰায় ৫০ কোটি প্ৰাপ্তবয়স্কৰ ভেকচিন সম্পূৰ্ণ হৈ উঠা ভাৰতত এইবাৰ কিশোৰ-কিশোৰীক প্রদান কৰা হ’ব ক’ভিড-১৯ ভেকচিন।
তথ্য অনুসৰি ইতিমধ্যে ড্রাগছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই প্রখ্যাত কোম্পানী জাইডাছ কেডিলাৰ ক’ভিড ভেকচিন ‘জাইক’ভ–ডি’ৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাইছে। শুকুৰবাৰে ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ তৰফৰ পৰা এই কথা সদৰী কৰা হয়।
উল্লেখ্য যে সংস্থাটোৱে দাবী কৰা মতে ‘জাইক’ভ-ডি’ বিশ্বৰ প্ৰথম ডি এন এ ভিত্তিক কৰ’নাৰ ভেকচিন। মনকৰিবলগীয়া কথা যে প্ৰাপ্ত বয়স্কসকলৰ লগতে শিশুসকলৰ ওপৰতো এই ভেকচিনৰ প্ৰয়োগ সম্ভৱ।
দেশীয়ভাৱে বিকশিত ১২ বছৰ উৰ্ধৰ কিশোৰ-কিশোৰীক প্রদান কৰিবলগীয়া এই ক’ভিড ভেকচিন পৃথিৱীৰ ভিতৰতেই প্রথমটো বেজীবিহীন ভেকচিন৷ তিনি পালিৰ ‘জাইক’ভ–ডি’ ভেকচিন ১২ বছৰ ঊৰ্ধৰ পৰা ১৮ বছৰ বয়সলৈকে ব্যৱহাৰ কৰিব পৰা যাব।
জেনেৰিক ঔষধ প্রস্তুতকাৰী কোম্পানী কেডিলা হেলথ কেয়াৰ লিমিটেডে যোৱা ১ জুলাইত ১২-১৮ বছৰ বয়সৰ মাজৰ কিশোৰ-কিশোৰীক জৰুৰীকালীনভাৱে ক’ভিড ভেকচিন জাইক’ভ-ডি ব্যৱহাৰৰ অনুমোদন বিচাৰিছিল৷ জাইডাছ কেডিলাৰ সেই আবেদনৰ ভিত্তিত ডি চি জি আয়ে এই ঔষধ ব্যৱহাৰত অনুমোদন জনায়৷
বায়’টেকন’লজি বিভাগৰ ফালৰ পৰা ডাঃ ৰেণু স্বৰূপে কয়,’’ভেকচিন উৎপাদনৰ লক্ষ্যত এইটোৱে মাইলষ্ট’ন সৃষ্টি কৰিলে। কোভিড ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত বিশ্বৰ মানচিত্ৰত আমাৰ দেশে স্থান লাভ কৰিব”।