আমেৰিকাৰ দুই চিকিৎসা বিজ্ঞানী ডেভিদ জুলিয়াছ আৰু আৰ্ডেম পাতাপৌতিয়ানে ” ৰিচেপ্টৰ ফৰ টেম্পাৰেচাৰ এণ্ড হিট” ৰ উদ্ভাৱনৰ বাবে যুটীয়াভাৱে ২০২১ চনৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰে।
কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষক ডেভিদ জুলিয়াছে মানৱ শৰীৰত স্নায়ুৱে কি দৰে উষ্ণতা, যান্ত্ৰিক উদ্দীপনা গ্ৰহণ কৰে সেই বিষয়ে অধ্যয়ন কৰি পৰীক্ষাৰ মাধ্যমেৰে জ্বলাৰ অনুভূতি থাকিলে ছালে কিদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেই কথা প্ৰকাশ কৰি দেখুৱাইছিল।
আনহাতে হাৰ্বাৰ্ট হুগ’ছ মেডিকেল ইনষ্টিটিউটৰ গৱেষক আৰ্ডেন পাতাপৌতিয়ানে চাপৰ প্ৰভাৱত স্নায়ু কি দৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেই বিষয়ে গৱেষণা কৰিছিল। এইবাৰ কভিদ পৰিস্থিতিৰ বাবে দুয়োজন বিজ্ঞানীয়ে নিজৰ নিজৰ দেশত থাকিয়েই বঁটা গ্ৰহণ কৰিব পাৰিব বুলি ন’বেল কমিটিয়ে জানিবলৈ দিয়ে।