ক’ভিডত আক্ৰান্ত বহুজনৰ বাবে পোষ্ট ক’ভিড জটিলতা সহ্য কৰাহে কঠিন হৈছে। এনে জটিলতাত সমগ্ৰ দেশতে অসংখ্য লোকৰ মৃত্যু ঘটিছে। অসমতো বয়স নিৰ্বিশেষে পোষ্ট ক’ভিড জটিলতাত ইতিমধ্যে বহুতৰ মৃত্যু ঘটিল।
সেই সময়তে পোষ্ট ক’ভিড আক্ৰান্তসকলৰ বাবে আশাৰ বতৰা লৈ আনিছে গুৱাহাটী মহানগৰীৰ গড়চুকস্থিত আয়ুৰসুন্দ্ৰা হাস্পতালে। পোষ্ট ক’ভিড আক্ৰান্তসকল প্ৰয়োজনীয় অক্সিজেনৰ অভাৱত জীৱন-মৰণৰ সৈতে যুঁজ দি থকাৰ সময়তে চিকিৎসা বিজ্ঞানৰ একমো পদ্ধতিৰ জৰিয়তে দেশজুৰি বহু ৰোগী সুস্থ হৈ উঠিছে।
একমো পদ্ধতি বা ই চি এম অ’ হৈছে এক্সট্ৰাকৰ্পোৰেল মেমব্ৰেন অক্সিজেনেচন। এই যন্ত্ৰটো অপেন হাৰ্ট চাৰ্জাৰীত ব্যৱহাৰ হোৱা বাইপাছ যন্ত্ৰৰ সৈতে একেই। ই ৰোগীৰ তেজ শৰীৰৰ বাহিৰত পাম্প কৰে আৰু অক্সিজেন প্ৰদান কৰে। যাৰ ফলত হৃদযন্ত্ৰ আৰু হাঁওফাঁওৱে বিশ্ৰাম লাভ কৰে। এক কথাত একমো পদ্ধতি গুৰুতৰভাৱে হাঁওফাঁও আৰু হৃদযন্ত্ৰৰ ৰোগত অসুস্থ হোৱা সকলৰ বাবে জীৱন সমৰ্থন প্ৰদান কৰা এক হ্ৰস্বমাদী উপায়।
ইতিমধ্যে এই অত্যাধুনিক চিকৎসা পদ্ধতিৰে দুজন ৰোগী সুস্থ হৈ উঠিছে বুলি হাস্পতাল কৰ্তৃপক্ষই সংবাদমেলযোগে জানিবলৈ দিছে। উল্লেখযোগ্য যে হাস্পতাল কতৃপক্ষই সদৰী কৰা মতে এই চিকিৎসা পদ্ধতি উত্তৰ-পূৰ্বাঞ্চলত একমাত্ৰ আয়ুৰসুন্দ্ৰাতেই উপলদ্ধ।