বৰষুণৰ বতৰ সকলো লোকৰে প্ৰিয়। বৰষুণক বেয়া পোৱা লোক হয়তো নোলাবই। এনে বতৰত একাপ গৰম চাহৰ লগত গৰম গৰম পকৰি বা ছিংৰা পালে মনটো আৰু আনন্দৰে ভৰি পৰে। কিন্তু বৰষুণ ভাল পোৱা বহুতো লোকে হয়তো এই সংক্ৰান্তীয় কিছুমান কথা গম নাপায়। খুব কম সংখ্যক লোকে জানে যে পৃথিৱীত এনে বহুতো ঠাই আছে য‘ত কেতিয়াও বৰষুণ নকমে বা বৰষুণ দিয়া বন্ধ নহয়।
- চীনৰ মাউন্ট ইমেই (Mount Emei) নামৰ এক পাহাৰত যথেষ্ট পৰিমাণে বৰষুণ হয়। বৰ্ষা ঋতুৰ সময়ত এই ঠাইত ডাৱৰৰ দুটা তৰপ দেখা পোৱা যায়, যাৰ ফলত তাত প্ৰচুৰ বৰষুন হয়। এই ঠাইত প্ৰতিবছৰে প্ৰায় ৮১৬৯ মিলিলিটাৰ বৰষুন হোৱা দেখা পোৱা যায়।
- বিগ ব’গ (Big Bog, Maui) হাৱাই দ্বীপপুঞ্জৰ প্ৰাকৃতিক দৃশ্যৰে মনোমোহা এখন ঠাই। এই ঠাইখন সেইজীয়া বননি তথা ঝৰ্ণাৰে আবৃত। প্ৰতিবছৰে এই ঠাইত প্ৰায় ১০,২৭২ মিলিলিটাৰ বৰষুন হয়।
- হাৱাই দ্বীপপুঞ্জৰ আন এটা পাহাৰ কুকুই (Kukui) ত বহুত বেছি পৰিমাণে বৰষুণ হয়। ইয়াত প্ৰতি বছৰে ৯২৯৩ মিলিলিটাৰ বৰষুণ হোৱা দেখা পোৱা যায়।
- ক’ই (KOI) নামৰ এখন ঠাইত বছৰেকত ৯৭৬৩ মিলিলিটাৰ বৰষুণ হয়। ইয়াত বৰষুণৰ পৰিমাণ ইমানেই বেছি যে সেই ঠাইৰ পৃষ্ঠভাগ তিতি থকাৰ লগতে বহুত পিচল হৈ থাকে। যাৰ ফলত তালৈ কোনো লোক যোৱাটো ইমান সহজ নহয়।