ভাৰতৰ অন্ধ্ৰ-প্ৰদেশৰ অনন্তপুৰ নামৰ এখন ঐতিহাসিক গাঁওত আছে এক বিশেষ মন্দিৰ। ১৬ শতিকাৰ এই ধুনীয়া মন্দিৰটিৰ নাম বীৰভদ্ৰ মন্দিৰ । আনহাতে এই মন্দিৰক লেপাক্ষী মন্দিৰ নামেৰেও জনা যায়। হিন্দুপুৰৰ পৰা প্ৰায় ১৫ কি.মি. পূবদিশত আৰু বাংগালুৰৰ পৰা প্ৰায় ১২০ কি.মি. আঁতৰত অৱস্থিত এই মন্দিৰ।
বিজয়নগৰৰ স্থাপত্য শিল্পৰ অভূতপূৰ্ব নিৰ্দশন থকা এই মন্দিৰত বিভিন্ন দেৱ- দেৱতা, দেৱী , নৰ্তকী , সংগীতজ্ঞ আদিৰ মূৰ্ত্তি থকাৰ লগতে মন্দিৰৰ বেৰ, মূধচ আৰু স্তম্ভবোৰত বিভিন্ন ধৰণৰ চিত্ৰ অংকিত হৈ আছে। উল্লেখ্য যে ৰামায়ণ, মহাভাৰত , পুৰাণ আদিৰ কাহিনীসমূহ চিত্ৰ আকাৰত ইয়াত প্ৰতিফলিত হৈছে।
উল্লেখযোগ্য যে এই মন্দিৰৰ মূধচত শিৱ দেৱতাৰ দ্বাৰা নিৰ্মিত উগ্ৰ দেৱতা বীৰভদ্ৰৰ ২৪ ফুট ওখ আৰু ১৪ ফুট বহল এক চিত্ৰ আছে যি ভাৰতৰ ভিতৰতে সকলোতকৈ বিশাল ফ্ৰেস্ক’ (fresco) হিচাপে জনা যায়। মন্দিৰৰ সন্মুখত এক ডাঙৰ নন্দী আকাৰৰ পৰ্বত আছে ,যি শিলৰ এটা খণ্ডৰ পৰাই নিৰ্মাণ কৰা হৈছে। প্ৰাপ্ত তথ্য মতে এই ধৰণৰ নন্দী পৰ্বত ভাৰতৰ ভিতৰতেই এক বিশাল পৰ্বত।
জানিবলৈ পোৱা মতে বীৰভদ্ৰ মন্দিৰ আন এক বিশেষ কাৰণৰ বাবেহে বিখ্যাত। মন্দিৰত থকা ৭০ টা স্তম্ভৰ ভিতৰত এটা এনে স্তম্ভ আছে যি মূধচৰ পৰা উলমি আছে। উল্লেখ্য যে স্তম্ভৰ তলৰভাগ মাটিৰপৰা সামান্য ওপৰতহে থাকে , য’ত তাৰ মাজেৰে কাগজ অথবা পাতল কাপোৰ অনায়াসে পাৰ কৰিব পাৰি।
প্ৰচলন আছে যে এগৰাকী ব্ৰিটিছ অভিযন্তাই এই স্তম্ভৰ ওপৰত গৱেষণা কৰি থাকোতে , এই স্তম্ভ অলপ লৰ-চৰ কৰিবলৈ চেষ্টা কৰিছিল। যাৰ ফলত স্তম্ভটো নিজৰ ঠাইৰ পৰা অলপ আঁতৰি আহিল।
উল্লেখযোগ্য যে বীৰভদ্ৰ মন্দিৰ বীৰান্না আৰু বীৰুপান্না নামৰ দুজন ভাতৃয়ে নিৰ্মাণ কৰিছিল। ৰজা অচ্যুতৰায়ৰ শাসনৰ সময়ত এই দুজন লোক বিজয়নগৰ সাম্ৰাজ্যৰ ৰাজ্যপাল আছিল।