পৃথিৱীত বহু সময়ত বিভিন্ন ধৰণৰ আজৱ ঘটনা দেখিবলৈ বা শুনিবলৈ পোৱা যায়। প্ৰকৃতি হৈছে এই পৃথিৱীৰ আটাইতকৈ সুন্দৰতম আৰু চমৎকাৰী সৃষ্টি। প্ৰকৃতিৰ সুন্দৰতা কল্পনাৰো অগোচৰ। আনহাতে ইয়াৰ মাজতে পোৱা যায় কিছুমান চমৎকাৰী উপাদান। প্ৰকৃতিয়ে আগবঢ়োৱা এনে কিছুমান অৱদান আছে যিবোৰ সৌন্দৰ্যৰে পৰিপূৰ্ণ হৈ থকাৰ লগতে বিভিন্ন গুণেৰে সমৃদ্ধ।
মৌ হৈছে প্ৰকৃতিগত ভাৱে লাভ কৰা এবিধ অতি প্ৰয়োজনীয় উপাদান। মৌ মাখিয়ে ফুলৰ ৰস চুহি আনি মৌচাকত মৌ তৈয়াৰ কৰে। এই মৌ হয় সোণালী বৰণৰ। কিন্তু আচৰিত হ’লেও সঁচা যে বৰ্তমান মৌ কেৱল সোণালী ৰঙতেই নহয় নীলা ৰঙতো উপলব্ধ। খুব কম সংখ্যক লোকে হয়তো জানে যে ভাৰতৰ বাহিৰৰ এখন ঠাইত মৌ মাখিয়ে উৎপাদন কৰে নীলা ৰঙৰ মৌ।
ফ্ৰান্সত দেখা পোৱা গৈছে এই ঘটনা। প্ৰাপ্ত তথ্য মতে সেই ঠাইৰ মৌপালক সকলে আৱিষ্কাৰ কৰে যে তেঁওলোকৰ মৌ মাখিবোৰে হঠাৎ নীলা ৰঙৰ মৌ উৎপাদন কৰিবলৈ লৈছে। এই ক্ষেত্ৰত সকলো কথা চালি জাৰি চোৱাত এক আচৰিত তথ্য পোহৰলৈ আহে।
উত্তৰ-পূব ফ্ৰান্সৰ ৰিবেউভিল্লে (Ribeauville) নামৰ ঠাইত মৌ পালক সকলে আৱিষ্কাৰ কৰিছে যে তেঁওলোকে পোহা মৌবোৰে নীলা ৰঙৰ মৌ তৈয়াৰ কৰিবলৈ লৈছে। জানিবলৈ পোৱা মতে মৌ মাখিবোৰে মৌচাক খনলৈ ঘূৰি অহাৰ সময়ত অসামান্য ৰূপত বেলেগ ৰঙৰ পদাৰ্থ গাত লৈ উভতি আহে। যাৰ ফলত মৌ বোৰ নীলা ৰঙৰ হৈ পৰে।
এইক্ষেত্ৰত অনুসন্ধান কৰাত গম পোৱা গ’ল যে সেই ঠাইৰ মৌ মাখিবোৰে ওচৰতে থকা আন এখন চহৰৰ বায়’গেছ যন্ত্ৰৰ অৱশিষ্ট সেৱন কৰি আহে যাৰ ফলত সেই অৱশিষ্ট আৰু মৌৰ সংমিশ্ৰণ ঘটি সোণালী ৰঙৰ মৌবোৰ নীলা ৰঙলৈ পৰিৱৰ্তন হ’বলৈ ধৰে। উল্লেখযোগ্য যে সেই বায়’গেছ যন্ত্ৰই ৰঙীন চকলেট তৈয়াৰ কৰা এটা ফেক্টৰীৰ অৱশিষ্ট নিঃসৰণ কৰে। এই কাৰণতেই চকলেটৰ মিঠা সোৱাদ পোৱাৰ বাবে মৌ মাখিবোৰ সেই অৱশিষ্টৰ প্ৰতি আকৰ্ষিত হয় ।