পৃথিৱীত এনে বহুত ঘটনা ঘটি থাকে যিবোৰে সময়ে সময়ে সকলোকে আচৰিত কৰি তুলে।এই ক্ষেত্ৰত বিশ্বৰ বহুতো ঠাইৰ লগতে ভাৰতবৰ্ষও পিছ পৰি থকা নাই। আচৰিত হ’লেও সঁচা যে উত্তৰ প্ৰদেশৰ চহৰ নইডাত এখন ৰেষ্টোৰাঁ আছে য’ত গ্ৰাহকে ভূ-পৃষ্ঠৰ পৰা ১৬০ ফুট উচ্চতাত বহি খাদ্য গ্ৰহণ কৰিব লাগে।
দুঃসাহসিক কাৰ্য কৰি ভাল পোৱা লোকসকলৰ মাজত অতি জনপ্ৰিয় এই ৰেষ্টোৰাঁখন। তেনে লোকসকলে প্ৰায়ে এই ৰেষ্টোৰাঁখনলৈ যায় আৰু ওপৰতে উপঙি নিজৰ ভাললগা খাদ্য গ্ৰহণ কৰে।
নইডাৰ ৩৮ এ (38-A) ক্ষেত্ৰত থকা এই ৰেষ্টোৰাঁখনৰ নাম “ফ্লাই ডাইনিং” (Fly Dining)। ৰেষ্টোৰাঁখনৰ মেনুত আছে ম’কটেইল , দুপৰীয়া আৰু ৰাতিৰ আহাৰ , ডিজাৰ্ট অৰ্থাৎ মিঠা খাদ্য। উল্লেখ্য যে এই ৰেষ্টোৰাঁখনত এলকহল উপলব্ধ নহয়। আনহাতে আবেলি ৬ বজাৰ পৰা নিশা ১০ বজালৈকে মাত্ৰ চাৰিবাৰৰ বাবেহে গ্ৰাহকৰ সেৱাত থাকে উক্ত ৰেষ্টোৰাঁখন।
“ফ্লাই ডাইনিং”ৰ সময় সূচী মতে আবেলিৰ পৰা ৬ বজাত , ৭.২০ বজাত, ৮.৪০ বজাত আৰু নিশা ১০ বজাত গ্ৰাহকক পৰিচৰ্য্যা কৰা হয়। প্ৰতি বাৰতেই গ্ৰাহকৰ খাদ্য শেষ কৰাৰ সময় মুঠতে ৪০ মিনিট ধাৰ্য কৰি দিয়া হৈছে। এই চাৰি বাৰৰ ভিতৰত এবাৰত মুঠ ২৪ জনকৈ লোকে একেলগে বহি খাদ্য গ্ৰহণ কৰিব পাৰে। লগতে নিৰ্ধাৰিত সময়তকৈ ৩০ মিনিট আগতেই হাজিৰ হ’ব লাগিব এই ৰেষ্টোৰাঁখনত।
আনহাতে প্ৰতিজন গ্ৰাহকে এই ৰেষ্টোৰাঁত খাদ্য গ্ৰহণ কৰিব বিচাৰিলে দিব লাগিব ২৪৯৯ টকা। উল্লেখ্য যে ১২ ৰ পৰা ৮৫ বছৰ ৰ ভিতৰৰ লোকেহে খাদ্য গ্ৰহণ কৰিব পাৰিব উক্ত ৰেষ্টোৰাঁখনত। “ফ্লাই ডাইনিং”ৰ টিকেট বুকিংৰ বাবে flydining.com ত গৈ অনলাইন টিকেট বুক কৰিব লাগিব।