আমেৰিকাৰ এগৰাকী ৮২ বছৰ বয়সীয়া মহিলাই অভিলেখ গঢ়িছে মহাকাশ উৰণেৰে । মহিলা গৰাকীৰ নাম ৱালি ফাংক। বিগত ৬ দশক ধৰি মহাকাশ যাত্ৰাৰ সপোন পুহি ৰখা মহিলাগৰাকীয়ে অৱশেষত মহাকাশলৈ উৰা মাৰি এই সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে যোৱা ২০ জুলাইত ৱালি ফাংকে আমাজ‘নৰ প্ৰতিষ্ঠাতা জেফ বেজ’ছৰ সৈতে মহাকাশলৈ উৰা মাৰে। তেঁওলোকৰ লগত আছিল জেফৰ ভাতৃ মাৰ্ক বেজ’ছ আৰু ১৮ বছৰীয়া এগৰাকী ছাত্ৰ।বেজ’ছৰ কোম্পানী ব্লো অৰিজিনে নিৰ্মাণ কৰি উলিওৱা নিউ ছেফাৰ্ড যানেৰে পৃথিৱীৰ পৰা ১০০ কিলোমিটাৰ ওপৰলৈ উৰা মাৰে এই মহাকাশচাৰী কেইজনে।
নিউ মেক্সিকোত জন্মগ্ৰহণ কৰা ৱালি ফাংকে শৈশৱৰ পৰাই উৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছিল । মহিলাগৰাকীয়ে এই সম্পৰ্কীয় প্ৰথমটো পাঠ গ্ৰহণ কৰিছিল ৯ বছৰ বয়সত । ১৯৬০ৰ দশকত মহিলাগৰাকীয়ে এগৰাকী মহাকাশচাৰী হোৱাৰ বাবে প্ৰশিক্ষণো গ্ৰহণ কৰিছিল । উল্লেখ্য যে ৱালি ফাংকে বহুতো লোকক উৰণৰ শিক্ষাও প্ৰদান কৰিছিল ।
লক্ষণীয় ভাৱে মহিলাগৰাকীয়ে এই বিষয়ত শিক্ষা গ্ৰহণ কৰাৰ পাচত ১৯,৬০০ ঘন্টা বিমান উৰুৱাইছিল । ২১ বছৰ বয়সতে ফাংকে ‘ উইমেন ইন স্পেচ‘ নামৰ কাৰ্যসূচীত কঠোৰ শাৰীৰিক তথা মানসিক পৰীক্ষা দিবলগীয়া হৈছিল । পৰীক্ষাত উত্তীৰ্ণ হৈ তেঁও এগৰাকী নভোচৰ হ’ব বিচাৰিছিল যদিও সেই সময়ত তেঁওক এই সুযোগ প্ৰদান কৰা নহ’ল।মহিলা হোৱাৰ বাবেই বাৰে বাৰে তেঁওক বাদ দিয়া হৈছিল মহাকাশ যাত্ৰাৰ কাৰ্যসূচীৰ পৰা ।
আনহাতে পৰৱৰ্তীসময়ত নাছাই মহিলাসকলক মহাকাশলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যদিও ৱালি ফাংকৰ বয়সৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল । অৱশেষত ৮২ বছৰত ভৰি দিয়াৰ পাচত মহিলাগৰাকীৰ মহাকাশলৈ যোৱাৰ সপোন পূৰণ হ’ল।ফাংকে সংবাদমাধ্যমক জনোৱা মতে তেঁও কোনো দিনে এই সপোন সফল হ’ব বুলি ভবা নাছিল।