বৰ্তমানৰ সময়ত প্ৰায় সকলো লোকেই হোৱাটছএপ ব্যৱহাৰ কৰে আৰু নিজৰ পচন্দৰ একো একোখন ফটো প্ৰফাইল ফটো বা ডি পি হিচাপে ব্যৱহাৰ কৰে।
এতিয়াৰে পৰা সকলো লোকেই নিজৰ হোৱাটছএপ একাউন্টত দিয়া প্ৰফাইল পিকচাৰ কোনে কোনে চাইছে সেই কথা সহজে জানিব পাৰিব।
ইয়াৰ বাবে কি কৰিব লাগিব সেই কথা তলত উল্লেখ কৰা হ’ল-
- প্ৰথমতে যাব লাগিব নিজৰ ফোনত থকা গুগল প্লে ষ্টোৰ(google play store) লৈ।
- গুগল প্লে ষ্টোৰত থকা চাৰ্ছ বাৰত “Whats Tracker: Who Viewed My Profile“ লিখি চাৰ্ছ কৰিব লাগিব।
- উক্ত মোবাইল এপ টো ডাউনল’ড কৰাৰ পাচত নিজৰ মোবাইল নম্বৰ আৰু পাচৱৰ্ড দি লগ ইন কৰিব লাগিব।
- ইয়াৰ পাচত এখন লিষ্ট দেখিবলৈ পোৱা যাব য‘ত যোৱা ২৪ ঘন্টাৰ ভিতৰত কোনে কোনে হোৱাটছএপ প্ৰফাইলত থকা ফটো চাইছে তেঁওলোকৰ নাম উল্লেখ থাকিব।
আনহাতে প্ৰাপ্ত তথ্য মতে হোৱাটছএপত গ্ৰাহক সকলে লাভ কৰিব আন এক নতুন সুবিধা। আহিবলগীয়া নতুন সুবিধাৰ মতে হোৱাটছএপ ব্যৱহাৰ কৰা লোকসকলে নিজে ষ্টেটাছ এডিট কৰিব পাৰিব।ইয়াৰ উপৰিও প্ৰফাইল ফটোত এটা সেউজীয়া চিহ্ন দেখা যাব , যাৰ দ্বাৰা অন্য লোকে গম পাব যে লোকজনে ষ্টেটাছ আপডেট কৰিছে। সেউজীয়া চিহ্নটোত ক্লিক কৰি অন্য লোকে ষ্টেটাছ চাব পাৰিব। বৰ্তমান হোৱাটছএপৰ দ্বাৰা আগবঢ়াবলগীয়া এই সুবিধাৰ ওপৰত গৱেষণা কৰি থকা হৈছে।