প্ৰকৃতিৰ মনোৰম সৃষ্টিসমূহৰ ভিতৰত এক সৃষ্টি হৈছে জীৱ-জন্তুৰ পৰা নিৰ্জীৱ পদাৰ্থলৈকে সকলোৰে মাজত সমতা বজাই ৰখা। প্ৰকৃতিয়ে নিজে নিজেই সকলোতে সমতা স্থাপন কৰি লয়। এই ক্ষেত্ৰত এক উৎকৃষ্ট উদাহৰণ হৈছে অজ’ন স্তৰ।
পৃথিৱীক সূৰ্যৰ অপকাৰী অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰিবৰ বাবে আছে এই অজ’ন স্তৰ। অজ’ন স্তৰে পৃথিৱীৰ জীৱজগতক এটা ছাতিৰ দৰে আৱৰি আছে। পৃথিৱীৰ সমতাপ মণ্ডলত , ভূ-পৃষ্ঠৰ পৰা প্ৰায় ১৫ ৰ পৰা ৩৫ কি.মি. ওপৰত থকা অজ’ন স্তৰে সূৰ্যৰ হানিকাৰক ৰশ্মিৰ পৰা পৃথিৱীক ৰক্ষা কৰে।
কিন্তু চিন্তা কৰিবলগীয়া বিষয় যে অজ’ন স্তৰত কিছুমান অপকাৰী গেছ যেনে ক্লৰ’ফৰ’কাৰ্বন আৰু হাইড্ৰক্লৰ’ফ্লৰ’কাৰ্বন ৰ বাবে কিছুমান ছিদ্ৰৰ উদ্ভৱ হৈছে। দুৰ্ভাগ্যবশতঃ যিমানেই মানৱ জীৱন বিকাশৰ পথত আগবাঢ়িছে , সিমানেই হানিকাৰক গেছৰ মাত্ৰা বাঢ়িব ধৰিছে। এই গেছৰ মাত্ৰা এইদৰেই বাঢ়ি থাকিলে এটা সময়ত মানুহ, জীৱ-জন্তু, গছ-গছনি সকলো ক্ষেত্ৰতে সমস্যাৰ সৃষ্টি হ’ব।
কল-কাৰখানাৰ বৰ্ধিত সংখ্যাই বিশেষকৈ প্ৰভাৱ পেলাইছে অজ’ন স্তৰত ৷ কল-কাৰখানাৰ লগতে আমাৰ দৈনন্দিন জীৱনৰ বহুতো কাৰ্যত অজ’ন স্তৰৰ অনিষ্ট সাধন কৰা বহু সমল আছে ৷
এই ক্ষেত্ৰত মানৱ জাতিৰ বহু কৰণীয় আছে ৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্ব প্ৰদান কৰিলেহে হয়তো কিছু পৰিমাণে হ’লেও ৰোধ কৰিব পৰা যাব অজ’ন স্তৰৰ ক্ষয় ৷ উল্লেখ্য যে UN General Assembly য়ে ১৯৯৫ চনৰ জানুৱাৰী মাহৰ ২৩ তাৰিখে ৪৯/১১৪ ৰ এক সংকল্প স্বীকৃত কৰে আৰু সেই সংকল্প অনুযায়ী ছেপ্তেম্বৰ মাহৰ ১৬ তাৰিখটো “World Ozone Day” হিচাপে পালন কৰা হ’ব বুলি নিৰ্ধাৰণ কৰা হয়। প্ৰাপ্ত তথ্য মৰ্মে এই তাৰিখতে ১৯৮৭ চনত অজ’ন স্তৰক নষ্ট কৰিব পৰা পদাৰ্থৰ ওপৰত কৰা “Montreal Protocol” ত হস্তাক্ষৰ কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই এই ঐতিহাসিক সিদ্ধান্তক সন্মান জনাই উক্ত দিনটো বিশ্ব অজ’ন দিন হিচাপে পালন কৰা হয়।