ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ একেবাৰে বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তক তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ। বৰ্তমান দৰেই মিডিয়াম ৱেভ প্ৰচাৰকৰি যোৱাৰ দাবী জনাইছে আছুৱে।সোমবাৰে চানমাৰিত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই মিডিয়াম ৱেভ বন্ধৰ প্ৰসংগক বিৰোধিতা কৰি কয়- আকাশবাণী গুৱাহাটী অসমীয়া জাতিৰ স্বাভিমান।জাতিৰ স্বাভিমানত আক্ৰমণ কৰিবলৈ খোজা হৈছে। কিন্তু ইয়াক মানি লোৱা নহব।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধৰ ব্যৱস্থা কৰাৰ লগে লগেই অসমৰ সংস্কৃতিৰ বৰপেৰাত প্ৰচণ্ড আঘাত সানিছে। অসমীয়া জাতিৰ কলা-সংস্কৃতিক আক্ৰমণ কৰিব বিচৰাৰ সিদ্ধান্ত বাতিল কৰি মিডিয়াম ৱেভ অব্যাহত ৰখাৰ দাবী জনায় ভট্টাচাৰ্য্যই।
আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰাৰ লগে লগে অসমৰ গাওঁ, চহৰ নগৰত থকা ৰাইজৰ লগত সংযোগ বিচিন্ন হব।কেন্দ্ৰীয় চৰকাৰে জাতিৰ প্ৰতি যি অন্যায় কৰিব বিচাৰিছে তাক বন্ধ কৰিব লাগে।এইক্ষেত্ৰত অসম চৰকাৰে বলিষ্ঠ পদক্ষেপ লব লাগে বুলি কয়- উপদেষ্টা গৰাকীয়ে।
মিডিয়াম ৱেভ বন্ধ কৰি অসমীয়া থলুৱা ভাষা সংস্কৃতি অনুষ্ঠানসমূহ সংকুচিত কৰিব বিচৰা হৈছে যি আমাৰ বাবে গ্ৰহণযোগ্য নহয়- আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্য্যই লগতে কয়।
উল্লেখ্য যে ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ে পহিলা জানুৱাৰীৰ পৰা মিডিয়াম ৱেভ বন্ধ কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।