শিশুৰ মন কল্পনা বিলাসী! শিশুক কল্পনা কৰিবলৈ যদি এটা পৰিবেশ দিয়া হয় তেনেহ’লে কল্পনা শক্তি বিকাশ হোৱাৰ সুবিধা পায়। বহুতো শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ-ছাত্ৰীক শিক্ষামূলক ভ্ৰমণলৈ লৈ যোৱা হয়। এনে ভ্ৰমণলৈ যোৱাৰ ফলত শিশুৱে বিচিত্ৰ অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হয়। এই ভ্ৰমণৰ বিষয়ে শ্ৰেণীত যেতিয়া লেখিবলৈ দিয়া হয় তেওঁলোকে নিজৰ অভিজ্ঞতা আৰু কল্পনাক আক্ষৰিক ৰূপ দিবলৈ যদি সক্ষম হয় সেইয়াই জ্ঞানৰ যাত্ৰাক ত্বৰাম্বিত কৰিব পাৰে! ঠিক তেনেদৰে পৰিয়ালৰ লোকসকল ফুৰিবলৈ যাওঁতে সন্তানবোৰকো লগত লৈ যায় আৰু ধুনীয়া পৰিবেশত যেতিয়া সিঁহতে আনন্দ উপভোগ কৰে তেতিয়া মনবোৰ প্ৰশান্তিৰে ভৰি পৰে। ঘৰলৈ ঘূৰি অহাৰ পিছত দৈনন্দিন কাৰ্যসূচী স্কুল , স্কুলৰ গৃহ কাৰ্য আদিত ব্যস্ত হৈ পৰে । কিন্তু তাৰ মাজতেই অলপ সময়লৈ ফুৰি অহা ঠাইখনৰ বিষয়ে বা তাত ভাল লগা বস্তুবোৰৰ বিষয়ে অকণমান লেখিবলৈ যদি উৎসাহিত কৰা হয় তেনেহ’লে সৰুৰে পৰা লেখা-মেলা কৰাৰ অভ্যাস এটা গঢ়ি উঠিব সিহঁতে নজনাকৈয়ে। ইয়াৰ লগে লগে কল্পনা শক্তিৰ বিকাশ হ’ব ।
আজিৰ দিনত প্ৰায়েই দেখিবলৈ পোৱা যায়, অলপ বুজা হোৱাৰে পৰা কণ কণ ল’ৰা ছোৱালীৰ হাতত অভিভাৱকে ম’বাইল তুলি দিয়ে। কথাটো এনেধৰণৰ শিশুটোৱে ম’বাইল লৈ ব্যস্ত হৈ থাকিলে মাকে ঘৰুৱা কামবোৰ কৰিবলৈ সুবিধা হয়। তাৰোপৰি দেখিবলৈ বা শুনিবলৈ পোৱা যায় যে, আজিৰ শিশুৱে ম’বাইল নহ’লে ভাত মুখত নিদিয়ে বা খাদ্য গ্ৰহণ নকৰে। খাবলৈ মন নকৰা শিশুক বিভিন্ন উপায়েৰে খুৱাবলৈ অপাৰোগ হোৱা পিতৃ-মাতৃয়ে হাতত তুলি দিয়ে ম’বাইল ফোন। বৰ্তমান সময়ত কথাষাৰৰ যুক্তিযুক্ততা নোহোৱা নহয়। কিন্তু আমি যদি দূৰদৰ্শন বা ম’বাইল ফোনৰ প্ৰচলন হোৱাৰ আগৰ সময়লৈ উভতি যাওঁ তেনেহ’লে আমাৰ চকুত ভাঁহি আহে আন এখন প্ৰতিচ্ছবি। সেই সময়ত এনে আঁকৰগোঁজ শিশুক খাদ্য খোৱাবলৈ সহজ প্ৰথা আছিল সাধুকথা। শিশুৰ কল্পনাবিলাসী সৰল মন জয় কৰি আছিল ম’বাইলৰ সলনি সাধুকথাই। অকল ককা-আইতাই নহয় মাক-দেউতাক সকলোৰে মুখে মুখে আছিল জনপ্ৰিয় আৰু ৰোমাঞ্চকৰ সাধুকথা বোৰ। সাধুকথাই শিশু মনক আলোড়িত কৰিব পাৰে। শিশুৰ কল্পনা শক্তিক জাগ্ৰত কৰি সপোন দেখাৰ প্ৰৱনতা বৃদ্ধি কৰিব পাৰে। আজিৰ প্ৰজন্মৰ শিশুক সাধু কথাৰ প্ৰতি আগ্ৰহান্বিত কৰাৰ দায়িত্ব আহি পৰিছে অভিভাৱক সকলৰ।
সাধুকথা নো কি? আজিৰ দিনত কণ কণ শিশু সকলৰ কথা বাদেই বহুতো মাক দেউতাকেও হয়তো সাধুকথাৰ বিষয়ে ক’বলৈ সংকোচ বোধ কৰিব। সাধুকথা হ’ল সৎ আদৰ্শৰ পয়োভৰেৰে ভৰা সাধু বাদৰ কাহিনী। পুৰণি আখ্যান বা লোকগাথাৰ আধাৰত সৃষ্টি হোৱা কোনো কাহিনী বা আখ্যানকেই আমি সাধুকথা বুলি কওঁ। লোকসাহিত্য আৰু মৌখিক সাহিত্যৰ অন্তৰ্গত সাধুকথা হৈছে লোকমনৰ প্ৰতিচ্ছবি । সাধুকথাত সমাজ আৰু সমাজৰ লগত জড়িত হৈ থকা ব্যক্তিৰ মানসিকতাৰ উমান পোৱাৰ লগতে লোকবিশ্বাস, প্ৰেম, ভালপোৱা, খাদ্য, সাজপাৰ, স্বাৰ্থপৰতা, চহা জীৱনৰ আভাষ প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা যায়। সাধুকথাই ভাল- বেয়া , পাপ- পূণ্যৰ বিচাৰ কৰাৰ ক্ষমতা প্ৰদান কৰিব পাৰে। সাধুকথা আমাৰ সকলোৰে প্ৰিয় , অৱশ্যে বৰ্তমান সময়ত আজিৰ শিশুৰ মনত সাধুকধাই স্হান পাবলৈ বা মনত আনন্দৰ জোৱাৰ তুলিবলৈ কিমানদূৰ সক্ষম হৈছে সেয়া বিচাৰ্যৰ বিষয়।
৫০/৬০ দশকত গাৱঁলীয়া জীৱনৰ প্ৰায় প্ৰতিটো পৰিয়ালতে কণ কণ শিশুসকলক পৰিয়ালৰ কোনো লোক বা আন কোনো লোকে ৰাতি ৰাতি সাধু শুনোৱাতো এটা নিয়ম আছিল। এই সাধুকথা বোৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘ বুঢ়ী আইৰ সাধু’ , ৰামায়ণ – মহাভাৰতৰ কাহিনীৰ লগতে কিছু কাল্পনিক কাহিনীৰ সাধুকথা আছিল। গৰমৰ দিনত জোনাক ৰাতি চোতালত , আন্ধাৰ ৰাতি পিৰালিত , জাৰৰ দিনত জুহালত জুইৰ উম লৈ ৰোমাঞ্চকৰ,আমেজ ভৰা সাধুবোৰ শুনাৰ সৌভাগ্য ঘটিছিল শিশু সকলৰ। তাতোতকৈ মন কৰিবলগীয়া কথা হ’ল যিবোৰ সাধুকথা পৰিয়ালৰ বয়সস্থ লোক বা সাধু কোৱা আন লোক সকল বেছি ভাগেই স্কুলৰ মুখ দেখা পোৱা নাছিল অথচ তেওঁ লোকৰ নীতিশিক্ষামূলক সাধুকথা বোৰ কণ্ঠষ্ঠ হৈ আছিল। তেওঁলোকে এনেদৰে সাধুকথা বোৰ বৰ্ণনা কৰিছিল যে ,সাধু শুনি থকা শিশু বা আন লোকেও অন্য এখন জগতত বিচৰণ কৰিব পাৰিছিল আৰু বিষয়বস্তু অনুসৰি তেওঁ লোকেও সাধুকথা বোৰৰ কাল্পনিক চৰিত্ৰ বোৰৰ মাজত সোমাই ৰোমাঞ্চিত হৈ উঠিছিল।
প্ৰাচীন কালত সাধুকথা সাউদ কথা বুলিও জনাজাত আছিল। সাউদ বা সদাগৰ সকলে বেপাৰ- বাণিজ্যৰ উদ্দেশ্যৰে বিদেশলৈ যায় আৰু বহুত দিনৰ পিছত বহুতো ধন- সম্পত্তি লৈ নিজৰ ঘৰলৈ উভতি আহে। বেপাৰ- বাণিজ্য কৰিবলৈ যাওঁতে বহুতো মানুহৰ লগত সংযোগ ঘটে আৰু তাৰ পৰা বহুতো নতুন নতুন অভিজ্ঞতাৰে পুষ্ট হৈ আহে। সেই সময়ত হোৱা বিচিত্ৰ অভিজ্ঞতা, কাহিনী আদিবোৰ গাঁৱৰ লোকসকলৰ আগত সুন্দৰ ভাৱে বৰ্ণনা কৰে আৰু পিছলৈ এই সাউদৰ কথাবোৰেই সাধুকথাৰ ৰূপ লয়।
কণ কণ শিশুসকলক ককা – আইতা বা পৰিয়ালৰ আন ব্যক্তিয়ে নিজৰ কল্পনা শক্তিৰ জৰিয়তে কাহিনী সমূহ সুন্দৰ ভাৱে বৰ্ণনা কৰি যায় তেতিয়া শিশু সকলৰ মন কাহিনীৰ ভিতৰত সোমাই আনন্দত মতলীয়া হৈ থাকে।
শিশুৰ মনস্তত্বৰ দিশত সাধুকথাৰ গুৰুত্ব অপৰিসীম। লৌকিক অলৌকিক জগতৰ বিভিন্ন কাহিনী সাধুকথাৰ মাজত নিহিত হৈ থকাৰ উপৰিও সাধু কোৱা ব্যক্তি জনৰো নিজৰ জীৱনৰ অভিজ্ঞতাও কিছু ক্ষেত্ৰত প্ৰকাশ পায়। অসমীয়া চহা লোকৰ মুখে মুখে প্ৰচলিত সাধুসমূহ সংগ্ৰহ কৰি পোন প্ৰথমে লক্ষ্মীনাথ বেজবৰুৱাই ‘ বুঢ়ী আইৰ সাধু’ পুথি আকাৰে প্ৰকাশ কৰিছিল। ‘বুঢ়ী আইৰ সাধু’ ত ত্ৰিশতা সাধুকথা আছে, তাৰে ভিতৰত প্ৰথম সাধুটো হৈছে ‘ মেকুৰী জীয়েকৰ সাধু ‘ ।
সমাজ জীৱনত সকলোতকৈ জনপ্ৰিয় সাধুটো হ’ল ‘ তেজীমলাৰ সাধু’ । তেজীমলাৰ দুখৰ কথা গোটেই কাহিনীতে বিয়পি আছে। আজিৰ দিনটো পুৰুষৰ বহু বিবাহ বা যৌতুক প্ৰথা ব্যৱস্থাই হীন মানসিকতাৰ পৰিচয় বহন কৰাৰ লগতে তেজীমলা সাধুকথাটোত নাৰী নিৰ্জাতনৰ ছবি এখন জলজল পটপটকৈ ফুটি উঠিছে।
বুঢ়ী আইৰ সাধু পুথিখনৰ সাধুবোৰ জীৱনমুখী। জীৱনৰ পৰা পলায়ন কৰা বা আধ্যাত্মিকতাত শৰণ লোৱা কোনো এটা সাধুকথাতে নাই।
অসমীয়া সাধুকথা বোৰত সিংহ,বাঘ, ভালুক, মেকুৰী, বান্দৰ, কাউৰী, মাছ আদি বিভিন্ন জীৱ-জন্তুয়ে স্হান পাইছে। কিছুমান সাধুকথা হাস্যৰস পূৰ্ণ, এনেধৰণৰ সাধু কথাবোৰে হাঁহি আৰু আনন্দৰ খোৰাক যোগাবলৈ সক্ষম হয়।
আজি কিছু বছৰৰ আগত গাঁৱলীয়া সমাজৰ আমেজ ভৰা ছবিখন প্ৰতিটো শিশুৰে চিনাকি আছিল। আইতাক বা ককাকৰ মুখৰ পৰা বৰ্ণিত হোৱা এটাৰ পিছত এটাকৈ সাধু আৰু শ্ৰোতা ৰূপী নাতি – নাতিনীৰ কাহিনীৰ নায়ক- নায়িকাৰ পিছে পিছে উৰি ফুৰে উৰণীয়া মন। কল্পনাৰ আকাশত ডেউকা কোবাই মতলীয়া হৈ উঠে তেওঁলোকৰ স্বপ্নাতুৰ মনবোৰ। কাহিনীৰ লগত সংস্পৃক্ত হৈ হাঁহি, আনন্দ, ফুৰ্তি, বিষাদ আদিৰ অভিব্যক্তি প্ৰতিফলিত হয় শিশুৰ দেহে- মনে ,—- এয়াই সাধুকথাৰ মাহাত্ম্য। মুঠতে প্ৰাকৃতিক পৰিৱেশ, ৰাজনৈতিক বুৰঞ্জী, লৌকিক – অলৌকিক কাহিনী আদি সাধুকথাৰ মাজত দেখিবলৈ পোৱা যায় তাৰোপৰি যিকোনো উপায়েৰে জীৱনৰ বাধা- বিঘিনি আঁতৰাই মানসিক সুখ- শান্তি লাভ কৰা আৰু লৌকিক অলৌকিক জগতৰ নায়ক বা নায়িকাৰ জয় হোৱাটো সাধুকথাৰ উদ্দেশ্য ।
সাধুকথা বোৰ সাধাৰণতে নীতি শিক্ষা মূলক। সাধুকথা শুনা বা পঢ়াৰ জৰিয়তে শিশুৱে নৈতিক তথা আধ্যাত্মিক শিক্ষা লাভ কৰিবলৈ সক্ষম হয়। প্ৰকৃতিৰ উপাদান গছ, ফুল,চৰাই ,জীৱ- জন্তু, নদ- নদীৰ সান্নিধ্যই শিশু মনত প্ৰকৃতি প্ৰেমৰ অনুভূতি জোগাই তুলিব পাৰে। সাধুকথাই শিশুৰ একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰাৰ লগতে ভাল- বেয়া, শুদ্ধ – অশুদ্ধ বিচাৰ কৰাৰ মানসিক ক্ষমতাও আহৰণ কৰিবলৈ সক্ষম হয়। এইবোৰ কাৰণতে সাধুকথাৰ গুৰুত্ব উপলব্ধি কৰিয়েই প্ৰতিবছৰে বিভিন্ন দেশত মাৰ্চৰ ২০ তাৰিখে ‘বিশ্ব সাধু কোৱা দিৱস’ হিচাপে পালন কৰিবলৈ লৈছে। এই সাধুকথা দিৱসৰ লগত সংগতি ৰাখি বিশেষ বিষয় এটাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ২০২২ চনত ‘সাধুকথা দিৱসৰ ‘ বিষয় বস্তু আছিল ‘ হেৰোৱা আৰু ঘূৰাই পোৱা’ আৰু ২০২৩ চনত আছিল ‘ লগ লাগি আমি কৰিব পাৰিম’ আৰু ২০২৪ চনৰ সাধুকথাৰ বিষয় ভাতৃত্ববোধৰ চিন্তাৰে ‘ সেতু বন্ধন’।
সাম্প্ৰতিক সময়ত সাধুকথাৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ। আজিৰ শিশু আজৰি সময়ত ম’বাইল বা ভিডিঅ’ গেমত ব্যস্ত হৈ থাকে। একাংশ শিশু ভয়ংকৰ ভাবে ম’বাইল আসক্ত হৈ পৰাত ইয়াৰ নেতিবাচক প্ৰভাৱ নিজৰ বা ঘৰখনৰ ওপৰতেই নহয় সমাজতো ইয়াৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে। গতিকে শিশুক দোষাৰোপ নকৰি তাৰ পৰা পৰিত্ৰাণ পাবলৈ ম’বাইলৰ বিকল্প হিচাপে সাধুকথা কোৱা বা পঢ়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। শিশুৰ মনস্তত্ত্বত সাধুকথাৰ ইতিবাচক প্ৰভাৱ উপলব্ধি কৰি উন্নত দেশ সমূহে শিক্ষাৰ মাধ্যম হিচাপে সাধুকথাৰ কথন আৰু পঠনক ব্যৱহাৰ কৰিবলৈ লৈছে। আশাৰ বতৰা যে অসমতো ২০ মাৰ্চ আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম দিন ২৬ মাৰ্চৰ দিনা বিভিন্ন ঠাইত সাধুকথা কোৱাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছে। সাধুকথা কোৱা আৰু পঢ়া বিস্তৃত ভাৱে প্ৰসাৰিত কৰিবলৈ বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে স্কুল সমূহে। স্কুলৰ প্ৰাৰ্থনা সভাত নিয়মিত একোজন ছাত্ৰক সাধুকথা ক’বলৈ দিলে সাধুকথাৰ প্ৰতি আকৃষ্ট হোৱাৰ লগতে অভ্যাসত পৰিণত হ’ব। তাৰোপৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত সাধু কোৱাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে নিশ্চয় কৈ শিশু সকলৰ সাধুৰ প্ৰতি ধাউতি বাঢ়িব। বৰ্তমান সময়ত আগবাঢ়ি যাবলৈ ডিজিটেল মাধ্যমৰ প্ৰয়োজন নুই কৰিব নোৱাৰি কিন্তু ডিজিটেল পৃথিৱীত সোমাই শিশু সকলৰ ভৱিষ্যত অন্ধকাৰ নহয় তাৰ প্ৰতি প্ৰত্যেক জন ব্যক্তিৰে চিন্তা কৰাৰ সময় সমাগত।
আজি শিশু দিৱসত প্ৰতিগৰাকী শিশুৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ।