কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিছত যুধিষ্ঠিৰ সিংহাসনত বহিয়েই এক যজ্ঞৰ আয়োজন কৰিছিল। অতি জাক জমকতাৰে , ৰাজকীয় ভাবে অশ্বমেধ যজ্ঞ পালন কৰা সেই সময়ৰ প্ৰচলিত ৰীতি আছিল। দেশ-বিদেশৰ ৰজা-ৰাজন্যবৰ্গ নিমন্ত্ৰিত হয়। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বাহ্মণ সকলৰ উপৰিও দৰিদ্ৰ সকলেও আহে অশ্বমেধ যজ্ঞলৈ। অশ্বমেধ যজ্ঞৰ প্ৰতিটো অনুষ্ঠান মহা-পয়োভৰেৰে বিধি -বিধান মানি সম্পন্ন কৰাৰ লগতে সকলোকে উদাৰ হস্তে দান-দক্ষিণা দিয়া হয়।
যজ্ঞ চলি থকা অৱস্থাত এটা নেউল আহি যজ্ঞশালাৰ মজিয়াত বাগৰি ফুৰিব ধৰিলে আৰু মানুহৰ দৰে ডাঙৰকৈ হাঁহিবলৈ ধৰিলে। নেউলটোৰ গাৰ এফাল উজ্বল সোণালী ৰঙৰ। আচৰিত ধৰণৰ নেউলটোৱে সকলোৰে পিনে চাই মানুহৰ মাতেৰে কবলৈ ধৰিলে
” কুৰুক্ষেত্ৰত তোমালোকে যুদ্ধ কৰাৰ বহু কাল আগতে তাত এজন বাহ্মণ বাস কৰিছিল। কৃষক সকলে শস্য সংগ্ৰহ কৰি ভঁৰাললৈ নিয়াৰ পাছত যি শস্য মাটিত পৰি থাকে , সেই পেলনীয়া শস্য আৰু খেতিয়কৰ কাচিয়ে এৰি যোৱা শস্য গোটাই অতি কষ্টেৰে পত্নী , পুত্ৰ আৰু পুত্ৰবধুৰ সৈতে জীৱিকা নিৰ্বাহ কৰিছিল। যিদিনা তেওঁলোকে যথেষ্ট পৰিমানে শস্যৰ কণা সংগ্ৰহ কৰিবলৈ অসমৰ্থ হয় , সেইদিনা তেওঁলোকে একো নোখোৱাকৈ থাকি পিছদিনা অপৰাহ্নলৈকে অপেক্ষা কৰে। তেওঁলোকে কোনোবাদিনা যদি প্ৰয়োজনতকৈ অধিক শস্য সংগ্ৰহ কৰে তেন্তে আহাৰ্য বস্তু পিছদিনৰ বাবে সাঁচি নথৈছিল। কাৰণ তেওঁলোকে উষ্ণবৃত্তি পালন কৰিছিল বৰ সাৱধানে। এইদৰে তেওঁলোকে বহুবছৰ কটোৱাৰ পিছত এবাৰ দেশত সুদীৰ্ঘ অনাবৃষ্টি হ’ল।কৃষি কাৰ্য ব্যাহত হ’ল। দেশত দুৰ্ভিক্ষই দেখা দিলে। বহুদিন ধৰি ব্ৰাহ্মণৰ পৰিয়াল লঘোণত পৰিল। এদিন গোটেই দিনটো আটাই কেইজনে পেটত ভোক লৈ ৰ’দে ৰ’দে ঘূৰি সামান্য পৰিমাণে গোমধান সংগ্ৰহ কৰিলে। সেইখিনিকে গুড়ি কৰি ঈশ্বৰক প্ৰাৰ্থনা কৰি চাৰিওজনে ভগাই খাবলৈ বহিছেহে , এনেতে এজন ভোকাতুৰ ব্ৰাহ্মণ আহি ওলালহি।তেওঁলোকে খাবলৈ বহোতেই এজন অতিথি আহিল , সেই কথাত শুদ্ধচিত্ত ব্ৰাহ্মণ , তেওঁৰ পত্নী , পুত্ৰ আৰু পুত্ৰবধূ সকলোৱে আনন্দিত হ’ল। গৃহস্থ ব্ৰাহ্মণে ক’লে , “হে বিপ্ৰবৰ , মই বৰ দৰিদ্ৰ।এই গোমধানৰ আটা কিন্তু নিতান্তই ধৰ্মনীতিমতে সংগ্ৰহ কৰা হৈছে। অনুগ্ৰহ কৰি এই অন্ন গ্ৰহন কৰক। আপোনাৰ মঙ্গল হওঁক “। এইবুলি তেওঁ নিজৰ ভাগৰ গোমধানৰ আটাখিনি অতিথি ব্ৰাহ্মণলৈ আগবঢ়াই দিলে। অতিথিয়েও সেই আহাৰ তৎক্ষণাত খাই শেষ কৰিলে। কিন্তু অতিথিৰ ভোক নুগুচাত ব্ৰাহ্মণৰ পত্নীয়ে নিজৰ ভাগৰ পিঠাগুড়ি খিনিও আগবঢ়াই দিলে। এনেদৰে অতিথিৰ ভোক নুগুচাত পুত্ৰ আৰু পুত্ৰবধূয়ে নিজৰ আহাৰ অতিথিক আগবঢ়াই দিয়াত গোটেই খিনি খোৱাৰ পিছত আলোহী ব্ৰাহ্মণৰ ক্ষুধা নিবৃত্তি হ’ল।
“তোমালোকৰ অতিথি সেৱা ধন্য। তোমালোকৰ চিত্ত শুদ্ধ। সৰ্বশক্তিৰে মোক শুশ্ৰুষা কৰিলা। মই অতিশয় সন্তুষ্ট হৈছো। হে ব্ৰাহ্মণ চোৱা , দেৱতা আৰু গন্ধৰ্ব সকলে তেওঁলোকৰ দিব্য ৰথত উঠি তোমাক সপৰিয়ালে স্বৰ্গধামলৈ লৈ যাবলৈ নামি আহিছে। তোমাৰ এই অন্নদানে অকল তোমাৰ বাবেই নহয় , তোমাৰ উপৰি পুৰুষসকলৰ বাবেও স্বৰ্গৰ দুৱাৰ মুকলি কৰিলে। ক্ষুধাই মানুহক পথভ্ৰষ্ট কৰে।মানুহক কুচিন্তা কৰিবলৈ বাধ্য কৰে। মহা ধাৰ্মিক সকলেও ক্ষুধাৰ জ্বালাত মনৰ দৃঢ়তা হেৰুৱায়। হে ব্ৰাহ্মণ , তুমি অসহ্য ক্ষুধাৰ জ্বালাৰ মাজতো সাহসেৰে নিজৰ পত্নী-পুত্ৰ-পুত্ৰবধূ-সকলোৰে প্ৰতি অনুৰাগ বিচ্ছিন্ন কৰি ধৰ্মকহে মূৰৰ ওপৰত স্থাপন কৰিলা। তোমাৰ অতিথিসেৱা যজ্ঞৰ গুণৰ আগত মহাপয়োভৰেৰে সম্পন্ন কৰা ৰাজসূয় আৰু অশ্বমেধ যজ্ঞও নিস্প্ৰভ হ’ব।ৰথত আৰোহণ কৰি সপৰিয়ালে স্বৰ্গলৈ যোৱাগৈ।” এইবুলি কৈয়েই ৰহস্যময় অতিথি অদৃশ্য হ’ল।
কুৰুক্ষেত্ৰৰ দৰিদ্ৰ ব্ৰাহ্মণৰ কাহিনী শেষ কৰি নেউলে পুণৰ ক’লে
“মই ওচৰতে আছিলো সকলো চাই। ব্ৰাহ্মণৰ সেই গোমধানৰ গুড়িৰ গোন্ধ আহি মোৰ নাকত লগাৰ লগে লগে মোৰ মূৰটো সোণালী হৈ পৰিল। কেইটামান গোমধানৰ গুড়ি মাটিত সিঁচৰিত হৈ পৰি থকা দেখি তাৰ ওপৰতে বাগৰি দিয়াত মোৰ শৰীৰৰ এফাল তেতিয়াৰ পৰা সোণালী হ’ল।ইফালেও বাগৰ দিলো যদিও গোমধানৰ গুড়ি নথকা বাবে গাৰ এফাল সোণালী নহ’ল। তেতিয়াৰ পৰা য’তে যজ্ঞ হয় , পূজা-অৰ্চনা হয় তালৈকে মই যাওঁ আৰু বাগৰি দিওঁ কিন্তু মোৰ শৰীৰৰ বাকী অংশ সোণালী নহয়। ভাবিছিলো মহাৰাজ যুধিষ্ঠিৰে পতা এই অশ্বমেধ যজ্ঞ গুণৰ ফালৰ পৰা কুৰুক্ষেত্ৰৰ দান-যজ্ঞৰ সমতুল্য হ’ব। পিছে নহ’ল। সেই কাৰণেই মই তোমালোকক কওঁ যে তোমালোকৰ এই বৃহৎ অশ্বমেধ যজ্ঞয়ো কুৰুক্ষেত্ৰৰ সেই দৰিদ্ৰ ব্ৰাহ্মণৰ আধাসেৰ গোমধানৰ গুড়ি দানৰ সমান গুণসম্পন্ন হোৱা নাই।”
এইদৰে কৈ নেউলটোও অদৃশ্য হ’ল ।
মহাভাৰত আমাৰ মহাকাব্য।মহাভাৰতত কৌৰৱ – পাণ্ডৱ সকলৰ জীৱন বৃত্তান্তৰ উপৰিও অনেক চিন্তাপ্ৰসাৰী কাহিনী আৰু মহৎ শিক্ষণীয় বিষয় আছে। মহাভাৰতৰ প্ৰতিটো আখ্যান বা কাহিনীতে আমাৰ সমাজ ব্যৱস্থাৰ প্ৰতিচ্ছৱি প্ৰতিফলিত হৈ উঠিছে। আমি জীৱনত আগবাঢ়ি যাবলৈ মহাভাৰতক অনুকৰন কৰাতো উচিত।
আধা সেৰ আটা আৰু নেউলৰ কাহিনীটোৰ পৰা আমি বহুত কথাই শিকিব পাৰোঁ। মানুহে পৱিত্ৰ মনেৰে অন্তৰৰ পৰা সৰু বস্তু এটাও উপহাৰ দিলে ধন-সোণত কৈও বেছি মুল্যবান হয়।আমি যেতিয়া কাৰোবাক উপকাৰ কৰো , কেতিয়াও তাৰ প্ৰতিদান আশা কৰিব নালাগে। যাৰ প্ৰয়োজন আছে , তেওঁকহে আমি দান বা সহায় কৰিব লাগে। সমাজত প্ৰতিষ্ঠিত জনক উপহাৰ দিয়াতকৈ ভোকাতুৰ জনক অলপ খাদ্য বা দুখীয়া জনক কিছু সহায় কৰিব পাৰিলে আমাৰ জীৱন ধন্য হ’ব। দুখীয়া ব্ৰাহ্মণে ভোকাতুৰ অতিথিক নিজৰ খাদ্য আগবঢ়াই দি যি পূণ্য অৰ্জিলে সেয়া ৰাজৰ্সিক উপহাৰত কৈও বহুত ওপৰত। আধা সেৰ আটা আৰু নেউলৰ জৰিয়তে এটা সুন্দৰ বাৰ্তা পাঠক সমাজলৈ প্ৰেৰণ কৰিছে।