উত্তৰ লক্ষীমপুৰ জিলাৰ নগৰ অঞ্চলৰ এজন সুদক্ষ নাট্যকাৰ তথা অভিনেতা আৰু এজন সামাজিক ভাবে দায়বদ্ধ ব্যক্তি তথা শিক্ষক চৈয়দ নাজিম আহমেদ। উত্তৰ লক্ষীমপুৰ জিলাত জন্ম লাভ কৰা নাজিম আহমেদ ডাঙৰীয়াই আৰম্ভণিৰে পৰা অভিনয় জগত খনৰ লগত জড়িত হৈ আছে। তেওঁ কেইবাখনো নাটক পৰিচালনা কৰি উত্তৰ লক্ষীমপুৰ জিলাৰ শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰিছিল। নাট্যকাৰ আলি হাইদৰ দেৱৰ নাটক মঞ্চ ‘নট সৈনিক’ দলৰ লগত জড়িত আছিল এই মহান নাট্যকাৰ জন। ইয়াৰ উপৰিও তেওঁ আছিল উত্তৰ লক্ষীমপুৰৰ এজন সুদক্ষ শিক্ষক।
‘নাট ঘৰ’ নামেৰে তেখেতে নিজৰ পৰিচালনাত এটি নাট্যমঞ্চৰ সৃষ্টি কৰিছিল।এই দলটি অসমৰ বিভিন্ন ঠাইত নাট প্ৰদৰ্শনৰ বাবে গৈছিল।
১৯৭৫ চনত নগাঁৱত আয়োজন কৰা অসম নাট্য সন্মিলনত শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল এই দলটো।পোন প্ৰথম বাৰৰ বাবে এই সন্মিলনত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল এই অভিনেতা গৰাকীয়ে।
কেইবাটাও প্ৰতিষ্ঠানে এই মহান নাট্যকাৰ তথা অভিনেতা জনক বিভিন্ন সময়ত নানান সন্মান প্ৰদান কৰি আহিছে। শেহতীয়াকৈ ইবছন থিয়েটাৰৰ ফালৰ পৰাও তেওঁক জীৱন যোৰা সাধনা বঁটা প্ৰদান কৰে।
নাট্য জগত খনত যাতে তেখেত আৰু আগুৱাই যায় তাৰে কামনা কৰি আমিও শিল্পীজনৰ সু-স্বাস্থ্য ও কুশল কামনা কৰিলোঁ।