*পৱিত্ৰ তুলসী গছ-*
*তুলসী দৰ্শনে পুণ্যং স্পৰ্শনে পাপ নাশনম্ ।*
*ছায়ায়াং সৰ্বতীৰ্থেভ্যো তুলসীভ্যো নমো নমঃ ।।*
আজি কাতি বিহুত সকলো পৰিয়ালে তুলসী ৰুই প্ৰণাম কৰক ।
আমাৰ পৰম্পৰাত তুলসী গছক লৈ বহুতো পৌৰাণিক আখ্যান উপাখ্যান আছে।
ঔষধি গুণযুক্ত তুলসীগছে বড় (বট গছ ),আহত,আমগছৰ দৰেই বায়ু প্ৰদূষণ ৰোধ কৰে বুলি আয়ুৰ্বেদিক বিজ্ঞানীয়ে কৈ আহিছে।
তুলসী গছে বায়ু মণ্ডলত প্ৰয়োজনীয় অক্সিজেন গেচ যোগান ধৰি মানুহৰ পৰম
উপকাৰ সাধন কৰি আহিছে।
হিন্দুৰ পূজ্য তুলসী গছৰ পাত অবিহনে কোনো বৈদিক কৰ্ম সমাপন কৰিব পৰা নাযায়, অসম্ভৱ কথা।
কাতি বিহুৰ দিনা আমি তূলসীৰ নামেৰে মাহ প্ৰসাদ আগবঢ়াই দিয়া, ৰাইজে প্ৰাৰ্থনা গোৱা পৰম্পৰা যুগৰ পৰা যুগ ধৰি চলি আহিছে:
তুলসী তুলসী
অ’আই তুলসী
তুমি গোৱিন্দৰ প্ৰিয়া
কৃষ্ণকে যাবলৈ কোন পথে দেখিলা
ওলাই সমিধান দিয়া।
তুলসী, তুলসী
অ’আই তুলসী-
তুমি গোৱিন্দৰ প্ৰিয়া,
তোমাক পূজিছো,
আই ঐ তুলসী
শান্তি অকণি দিয়া।
তুলসীৰ ত’লে প্ৰভু
মৃগ পহু চৰে,
তাক দেখি ৰামচন্দ্ৰই
হৰধনু ধৰে।
কাৰ ঘৰত লগায় চাকি
গোসাঁই ফুৰে দিনে-ৰাতি
অ’ৰাম, অ’ৰাম
ৰাম-ৰাম ৰাম।
তুলেসী মৰি গেল
পাতো সৰি গেল
ভকাতে গাঁথিলে মালা
সেই মালা জ্বলি আছে
আকাহোৰ (আকাশৰ) তৰা।
ধূলেই লুতুৰ পুতুৰ হৰি
ধূলেই লুতুৰ পুতুৰ
চলি গিলেকে নাম ধৰি
কৰে ঘুতুৰ মুতুৰ।
এ হযগ্ৰীব মাধ কী জয- –
অৱশ্যে ঠাই বিশেষে এই গীতবোৰৰ সামান্য ভিন্নতা পৰিলক্ষিত হয়। তথাপি তুলসীৰ বন্দনাৰে ৰাইজে ঘৰে ঘৰে কলপুলি এজোপাৰ কাষতে থকা তুলসীৰ ওচৰত মাহ-প্ৰসাদ, বিভিন্ন উপকৰণ,
ধূপ-দ্বীপ জ্বলাই আগবঢ়োৱা নৈবেদ্যৰ সমুখত গৃহস্থৰ লগতে ৰাইজৰ মঙ্গল কামনাৰে প্ৰাৰ্থনা কৰে, একেলগে মাহ প্ৰসাদ গ্ৰহণ কৰে। কাতি বিহুৰ স্বকীয়তা ৰক্ষা কৰিও এনেদৰে অসমীয়া সমাজত তুলসী পূজাৰ প্ৰচলন চলি আহিছে।
ড•পৰিতোষ চক্ৰৱৰ্তী
অৱসৰপ্ৰাপ্ত অধ্যক্ষ
উইলিয়াম নগৰ চৰকাৰী মহাবিদ্যালয়, মেঘালয়