গোলাঘাট নুমলীগড় সমীপৰ ধনশিৰী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে ৪০০ ফুট দীঘল বাঁহৰ দলং । যাতায়তৰ একমাত্ৰ ভৰসা এই দলং খন বানে উটুৱাই নিয়াত এতিয়া যোগাযোগ বিছিন্ন হৈ পৰিছে সৰুপথাৰ আৰু খুমটাই সমষ্টিৰ বহু গাঁও ।
নুমলীগড় সমীপৰ অঞ্চলত ৪ মাহ পূৰ্বে ধনশিৰী নৈ ৰ ওপৰত বৰচাপৰি আৰু ঠেঙাল পাৰঘাট অঞ্চলৰ গাঁও বাসী সকলে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছিল এই বাঁহ ৰ দলংখন । দলং খনে বৃহৎ সৰুপথাৰ আৰু খুমটাই সমষ্টিৰ লোকসকলক সংযোগ স্থাপন কৰি যাতায়তৰ পথো সুচল কৰি তুলিছিল ।
যদিও যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰী ৰ জলপৃষ্ঠ উফন্দি উঠে আৰু ধনশিৰী ৰ বাঢ়নী পানীয়ে দলং খন চিঙি নিয়াৰ ফলত এতিয়া যোগাযোগ বিছিন্ন হৈ পৰিছে সমষ্টি দুটাৰ বহু গাঁওৰ শ শ মানুহৰ ।
ফলত মূৰে কপালে হাত দিব লগা হৈছে গাঁও বাসীয়ে ।এতিয়া চৰকাৰ তথা স্থানীয় বিধায়ক সকললৈ গাওঁ বাসীৰ আহ্বান যে , অতি সোনকালে যাতে এই দুয়োটা সমষ্টিৰ মাজত পুনৰ সংযোগ হোৱাকৈ দলং খন পুনৰ নিৰ্মাণ কৰি দিয়ে।