গ্ৰাহক সুৰক্ষা আইন কঠোৰ ভাৱে বলৱৎ কৰাৰ দাবীৰে ৰাষ্ট্ৰীয় গ্ৰাহক দিৱসৰ দিনা গুৱাহাটীত প্ৰতিবাদ।গ্ৰাহক ৰাইজৰ সুৰক্ষা প্ৰদান কৰা দাবীৰে আজি মহানগৰী গুৱাহাটী ক্লাৱৰ ৰটাৰী পইণ্টত গ্ৰাহক সুৰক্ষা সংস্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
‘বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, ভেজাল খাদ্য, দুৰ্নীতিৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগ কঠোৰ হওঁক, পৌৰ নিগমে নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰক, বজাৰত নিয়ন্ত্ৰণ অটুট ৰাখক, ৰাজহুৱা খণ্ড ব্যক্তিগত কৰণ বন্ধ কৰক’ আদি বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত।
অৱস্থান ধৰ্মঘট কাৰ্যসূচীত সংস্থাৰ উপদেষ্টা লিলি দাস, সভাপতি বীৰেন্দ্ৰ কুমাৰ দাস, সম্পাদক বাবুল চৌধুৰী প্ৰমুখ্যে বহুসংখ্যক সদস্য উপস্থিত থাকে।