ভতুৱা বা জিলমিল আমাৰ এবিধ চিনাকি বনৰীয়া শাক। প্ৰতিজন অসমীয়াৰে শাক অতি প্ৰিয়। জিলমিল শাক ভাজি বা মাছেৰে জোল বনাই খালে বহুতো সোৱাদ লাগে । এই শাক নিয়মিত খালে কিড্নিৰ পাথৰি ৰোগ নহয়। যকৃতৰ বাবেও ই উপকাৰী। ঠাই বিশেষে জিলমিল শাকক ভতুৱা শাক বুলিও কয়। এই শাকবিধ অকল খাবলৈয়ে সোৱাদ যুক্ত এনে নহয় ইয়াৰ আছে বহুতো ঔষধি গুণ। জিলমিল শাক খালে কি কি উপকাৰ পোৱা যায় জানো আহক আমাৰ এই প্ৰতিবেদন যোগে ——
১) ভতুৱা বা জিলমিল শাকত যথেষ্ট পৰিমাণে লো, পাৰা, খনিজ লৱণ আৰু খাৰ পোৱা যায়। এই শাক যিমানে খাব পাৰি সিমানেই দেহ নিৰোগী হৈ থাকে। এই বিধ শাক দৈৰ সৈতে মিহলাই ৰায়তা বনায়ো খাব পাৰি। ই শুক্ৰবৰ্দ্ধক।
২) কোষ্ঠ কাষ্ঠিন্যৰ বাবে ভতুৱা শাক উপকাৰী। এনে ৰোগত ভোগা ৰোগীয়ে কেই দিনমান একেৰাহে নিয়মিত ভতুৱা শাক খালে কোষ্ঠ কাঠিন্য দূৰ হয়। ভতুৱা শাকৰ ৰস, সিদ্ধ পানী খালে পেটৰ অজীৰ্ণ, গেচ, কৃমি, বিষ আদি যিকোনো ৰোগ নাশ হয়।
৩) পাথৰি ৰোগত এগিলাচ কেঁচা ভতুৱা শাকৰ ৰসৰ লগত চেনি মিহলাই নিতৌ সেৱন কৰিলে এই ৰোগ নাশ হয়।
৪) মূৰত ওকণি হ’লেও ভতুৱা শাক সিজোৱা পানীৰে মূৰ ধুলে ওকণি নোহোৱা হয়।
৫) মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হ’লে দুই চামুচ ভতুৱা শাকৰ গুটি এগিলাচ পানীত সিজাই আধা গিলাচ হ’লে পানী খিনি চেকি খালে উপকাৰ পোৱা যায়।
৬) চকুৰ খজুৱতি, চকু ৰঙা পৰা আদি ৰোগতো এই শাক খোৱা ভাল।
৭) নিতৌ পুৱা এক কাপ কেঁচা ভতুৱা শাকৰ ৰস পান কৰিলে কৃমি নাশ হয়। এচামুচ ভতুৱাৰ বীজৰ চূৰ্ণ মৌৰ লগত মিহলাই খালেও কৃমি নষ্ট হোৱাৰ লগতে ৰক্তপিত্ত আৰোগ্য হয়।
৮) বগা দাগ, খজুৱতি, ফোঁহা আদি চৰ্মৰোগত নিতৌ ভতুৱা শাক সিদ্ধ কৰি চেকি লৈ ৰস সেৱন কৰিব লগে। এনে ধৰণৰ শাক সিজোৱা পানী ছালত লগালেও উপকাৰ হয়।
৯) জিলমিল শাক ভিটামিন C ৰে সমৃদ্ধ হোৱা বাবে হাড় আৰু দাঁতৰ বাবে যথেষ্ট উপকাৰী।
১০) জাঙ্ক ফুড বা সুৰা পানৰ বাবে যকৃতৰ ক্ষতি হ’লে জিলমিল শাকে যকৃতক সুৰক্ষিত কৰাৰ লগতে বিভিন্ন ঔষধৰ ফলত হোৱা বিষাক্ততাৰ পৰাও সুৰক্ষিত কৰে। জিলমিল শাকে যকৃতৰ এনজাইম হ্ৰাস কৰাত সহায় কৰে।
১১) স্তনৰ কৰ্কট ৰোগ প্ৰতাৰোধ কৰাত সহায় কৰিব পাৰে জিলমিল শাকে।
বাৰীত বা পথাৰতে হোৱা ঔষধি গুণযুক্ত জিলমিল শাকক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰি সু স্বাস্থ্যৰ অধিকাৰী হৈ থাকিব লাগে।