ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ’লে শৰীৰৰ বিষ যন্ত্ৰণা বাঢ়ি যায়। আৰু এই বিষ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন প্ৰয়াস কৰা দেখিবলৈ পোৱা যায়। শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে আৰ্থাৰাইটিছৰ পৰিমাণো বৃদ্ধি হৈ থাকে। ইউৰিক এচিডৰ যন্ত্ৰনাত যেতিয়া ছটফটাই থকা হয় তেতিয়া প্ৰাকৃতিক উপায়েৰে তেজত ইউৰিক এচিডৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি অতি সহজেই। মাত্ৰ দুখিলা পাতে গাঁঠিৰ বিষ ৰূপে জমা হৈ থকা ইউৰিক এচিড গলাই দিব পাৰে। আয়ুৰ্বেদিক চিকিৎসকে জানিবলৈ দিয়ে যে, ইউৰিক এচিডৰ যন্ত্ৰনাত তেজপাতে যাদুৰে দৰে কাম কৰে। তেজ পাতৰ গুণাগুণে ইউৰিক এচিডৰ বাবে গাঁঠিত জমা হৈ থকা বিষ বহুতখিনিয়ে কমাই দিব পাৰে। ইউৰিক এচিডৰ বাবে হোৱা অসহ্য যন্ত্ৰণা তেজ পাতে কেনেকৈ কমাব পাৰে জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। চিকিৎসকৰ মতে, কম বেছি পৰিমাণে সকলোৰে পাক ঘৰত তেজপাত থাকে। এই পাতৰ খাদ্য বস্তু সোৱাদ ময় কৰাৰ উপৰিও বহুতো উপকাৰী গুণ আছে। ইউৰিক এচিডৰ পৰিমাণ কমাবলৈ তেজ পাতৰ যাদুকৰী ক্ষমতা আছে বুলি ক’ব পাৰি।
২)। তেজ পাতত ভিটামিন চি, ভিটামিন এ’, ফলিক এচিড প্ৰচুৰ পৰিমাণে থাকে , যি শৰীৰৰ বাবে অতি উপকাৰী। গতিকে ৰন্ধন কাৰ্যত তেজপাত ব্যৱহাৰ কৰিলে ইউৰিক এচিডৰ সমস্যা কমি যায় আৰু স্বাস্থ্য সন্মত ভাবে শৰীৰৰ পৰা ইউৰিক এচিডৰ যন্ত্ৰনা দূৰ কৰাত সহায়ক হয়।
৩)। তেজ পাতৰ চাহ পান কৰিলেও ইউৰিক এচিডৰ যন্ত্ৰনাৰ পৰা পৰিত্ৰাণ পাব পাৰি। তেজ পাতৰ কাঢ়া তৈয়াৰ কৰিবলৈ ১ কাপ পানীত দুখিলা তেজপাত দি ভালদৰে উতলাই ল’ব লাগে। ঠাণ্ডা হোৱাৰ পিছত ছেকি লৈ পান কৰিব লাগে।
তেজপাত কেৱল ৰন্ধন কাৰ্যত ব্যৱহৃত বা খাদ্য বস্তুৰ সোৱাদ বৃদ্ধি কৰা সামগ্ৰীয়ে নহয়। ৰাতিপুৱা দুখিলা তেজপাতৰ চাহ খাই ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিব পাৰি।