উত্তৰ-পূৱ ৰে’লৱে মজদুৰ ইউনিয়নৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ৰাখাল দাস গুপ্তাৰ প্ৰথম মৃত্যু বাৰ্ষিকীত বুধবাৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৰ সদৰ কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয়ভাবে উদযাপন কৰা হয়। এন.এফ.ৰে’লৱে মজদুৰ ইউনিয়নৰ উদ্যোগত অনুষ্ঠিত স্মৃতিচাৰণ সভাত মজদুৰ ইউনিয়নৰ সভাপতি প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মন, সাধাৰণ সম্পাদক আশীষ বিশ্বাস, উত্তৰ-পূৱ সীমান্ত ৰে’লৱে অতিৰিক্ত মহাপ্ৰৱন্ধক ৰাহুল গৌতম, মুখ্য কাৰ্মিক বিষয়া চন্দ্ৰজিৎ শইকীয়া, মুখ্য কাৰ্মিক বিষয়া (এডমিনিষ্ট্ৰেচন) পি কিশোৰ বাবু, চিটুৰ উপসভাপতি বীৰেণ শৰ্মা, ৰিজিওনেল কোঅৰ্ডিনেচন কমিটিৰ ৰাজ্যিক আহ্বায়ক গৰ্গ তালুকদাৰ প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট অৰ্থনীতিবিদ, সুলেখক, ট্ৰেড ইউনিয়ন নেতা অনন্ত কলিতাক গামোচা, চেলেং, শৰাই, মানপত্ৰৰ লগতে “ৰাখাল দাস গুপ্তা সোৱঁৰণী শ্ৰমিক বঁটা” প্ৰদান কৰা হয়।
অনুষ্ঠানৰ আঁত ধৰি মজদুৰ ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে কয় , ওৰেটো জীৱন ৰাখাল দাস গুপ্তাই ৰে’লকৰ্মীৰ হকে কাম কৰি গৈছিল।তেওঁৰ ধৈৰ্য, সহনশীলতা গুণৰ উপৰিও তেওঁৰ হৃদয় চেতনাত সংপৃক্ত হৈ আছিল শ্ৰমিকৰ দুখ-দুৰ্দশা আৰু মানবীয় প্ৰমুল্যবোধত।যি দায়িত্ব বা কৰ্তব্যই নহওক নিষ্ঠাৰে, সততাৰে আৰু উৎসৰ্গীকৃত সেৱাৰ মনোভাবেৰে সম্পাদন কৰিবলৈ কোনোদিন চেষ্টাৰ ত্ৰুতি কৰা নাছিল।