আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক সমিতিয়ে আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিবাসী প্ৰবাসী অসমীয়া বিজ্ঞানী ডঃ আৰতি বৰা বৰুৱা আৰু উদীয়মান স্কেটিং খেলুৱৈ নীলিম আকাশ বৰুৱাক সম্বৰ্ধনা জনাই পৰিষদে।
শৈশৱৰ পৰাই অত্যন্ত মেধাৰ পৰিচয় দাঙি ধৰি অসম মাতৃক মহীয়ান কৰি সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ডঃ বৰুৱাই ‘ইউনিভাৰ্ছিটী অব ৱাশ্বিংটনৰ পৰা ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিঙত পি এইছ ডি ডিগ্ৰী লাভ কৰে।
আমেৰিকাৰ বিখ্যাত ব’য়িং কোম্পানীত ৩৫বছৰ ছিনিয়ৰ স্পেচিয়েলিষ্ট হিচাপে কৰ্মজীৱন সম্পন্ন কৰি ইতিমধ্যেই অৱসৰো গ্ৰহণ কৰিছে ডঃ বৰুৱাই।সুদীৰ্ঘ ৪৬বছৰ আমেৰিকাৰ স্থায়ী বাসিন্দা হিচাপে থাকিও অসমৰ লগত আত্মিক সম্পৰ্ক বজাই ৰখা ডঃ বৰুৱাই ব্ৰহ্মপুত্ৰৰ ওপৰত নিজাববীয়াকৈ চলাইছে বিভিন্ন অধ্যয়ন ।চীনৰ নদীবান্ধ আৰু অসমৰ জলবায়ু পৰিবৰ্তনক লৈ সততে উদ্বিগ্ন হৈ থকা বৰুৱাই বিভিন্ন আন্তৰাষ্ট্ৰীয় মঞ্চত এই সম্পৰ্কে চর্চা কৰাৰ লগতে নিজ গৱেষণাৰ মাধ্যমেৰে অসমৰ জনগণক সজাগ কৰাৰ বাবেও সময়ে সময়ে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। মাতৃভূমিৰ প্ৰতি দায়বদ্ধতাৰ ফলস্বৰূপে ডঃ বৰুৱাই তিনিসৰী তৰুণ পাহাৰ, এখন গেদ-পলস অনা নদী, ওলোটা ওভোটা প্ৰতিবেশী দেশ, তিব্বতত ব্ৰহ্মপুত্ৰ বিলৈ আদি উচ্চস্তৰীয় চিন্তাৰ সমাহাৰেৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জলবায়ুৰ বাবে অতি গুৰুত্বপূৰ্ণ “কৈলাসৰ পৰা ছাংপোৰ থিয় গৰাত উত্তৰ-পূব ভাৰত,
জলবায়ু সলনি আৰু ব্ৰহ্মপুত্ৰৰ সংকট “শীৰ্ষক গৱেষণাধৰ্মী গ্ৰন্থ এখনো শেহতীয়াভাবে ৰচনা কৰি উলিয়াইছে।আৰু এই সম্পৰ্কতে দ্বিতীয় এখন কিতাপৰ কামো প্ৰায় সম্পূৰ্ণ কৰা বুলি অৱগত কৰে।
পৰিষদে অসমৰ উদীয়মান স্কেটিং খেলুৱৈ মহানগৰী আজাৰা নীলিম আকাশ বৰুৱাকো সম্বৰ্ধনা জনাই।
খেলুৱৈ গৰাকীয়ে ২০১৬ চনত গুৱাহাটীত অনুষ্ঠিত সদৌ অসম স্কেটিং চেম্পিয়নশ্বিপত সোণৰ পদক , ২০১৮চনত নতুন দিল্লীৰ School Sport Ranking Scattering ত সোণৰ পদক ,২০১৮ চনত গুৱাহাটীত অনুষ্ঠিত স্কেটিং প্ৰতিযোগিতাত সোণৰ পদক, সতীশগড়ত অনুষ্ঠিত চিবিএছচি প্ৰতিযোগিতাতো ৰূপৰ পদক আৰু শেহতীয়াভাবে আন্তঃবিদ্যালয় প্ৰতিযোগিতাত ৰূপৰ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিমধ্যে ৰাজ্যত স্কেটিং খেলক জনপ্ৰিয় কৰি তোলাৰ লগতে বিভিন্ন সময়ত ৰাজ্যখনলৈ বিশেষ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি কৰণ কুমাৰ ভূঞা, কাৰ্যকৰী সভাপতি জ্যোতিৰ্মই কলিতা, সাধাৰণ সম্পাদক ভাবেশ বৈশ্যসহ অন্য বিষয়ববীয়াসকল।