আজি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সূচনা কৰা চিপাহী বিদ্ৰোহৰ অন্যতম নেতা তাঁতীয়া টোপীৰ স্মৃতি দিৱস । তেওঁ ১৮৫৭ চনৰ ২৭ জুনত কানপুৰত ব্ৰিটিছৰ বিৰুদ্ধে তয়াময়া যুঁজ দিছিল । তাৰ পিছত একেটা বছৰৰে ১৯ নৱেম্বৰত আৰম্ভ হোৱা কানপুৰৰ দ্বিতীয় যুদ্ধতো তেওঁ নেতৃত্ব দিছিল । ব্ৰিটিছে চিপাহী বিদ্ৰোহ দমন কৰাৰ পিছতো তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে গৰিলা যুঁজ চলাই গৈছিল । কিন্তু ১৮৫৯ চনৰ জানুৱাৰী মাহত নৰৱাৰৰ ৰজা মান সিঙৰ বিশ্বাসঘাতকতাৰ বাবে তেওঁ ব্ৰিটিছৰ হাতত ধৰা পৰে । ব্ৰিটিছে ১৮৫৯ চনৰ আজিৰ দিনটোতে তেওঁক শিৱপুৰীত ফাচী দিয়ে । এইগৰাকী বীৰ শ্বহীদলৈ আমাৰ প্ৰণাম ।
আজি তাত্বিক পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ স্মৃতি দিৱস । তেওঁৰ বিখ্যাত আপেক্ষিকতাবাদৰ তত্ত্বই আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটি গঢ়া বুলি কোৱা হয় ।আলোক বিদ্যুৎ পৰিঘটনা উদ্ভাৱনৰ বাবে ১৯২১ চনত তেওঁক পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰা হয় । পিছলৈ এই আলোক বিদ্যুৎ পৰিঘটনাই তেওঁৰ কোৱাণ্টাম তত্ত্বৰ সূচনা কৰে । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুছভেল্টলৈ পৰমাণু অস্ত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কত লিখা চিঠি এখনে মানহাট্টান প্ৰকল্পৰ আৰম্ভণি কৰে । পিছত জাপানৰ হিৰোচিমা আৰু নাগাচাকিত আণৱিক বোমাৰ ধ্বংসাত্মক প্ৰভাৱ দেখি তেওঁ অনুশোচনাত ভোগে । আইনষ্টাইনে তেওঁৰ জীৱনকালত প্ৰায় ৩০০ বৈজ্ঞানিক প্ৰবন্ধ আৰু প্ৰায় ১৫০ সাধাৰণ প্ৰবন্ধ ৰচনা কৰে । ১৯৫৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নিউ জাৰ্ছিৰ প্ৰিন্সটনত তেওঁৰ দেহাৱসান ঘটে । এইগৰাকী বিশিষ্ট বিজ্ঞানীলৈ আমাৰ প্ৰণাম ।