আজি অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ ওপজা দিন । ১৯৩১ চনৰ আজিৰ দিনটোতে পাঠশালাত তেওঁৰ জন্ম হৈছিল । তেওঁ আছিল একাধাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা, নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা তথা আলোচনীৰ সম্পাদক । তেওঁ ১৯৬৩ চনত অসমৰ প্ৰথমখন ভ্ৰাম্যমাণ থিয়েটাৰ ‘নটৰাজ থিয়েটাৰ’ৰ জন্ম দিয়ে । তেওঁ এৰিনা, ডাক্তৰবাবু, আমেৰিকাৰ পুতলা, হামিদা, আল্লা-ঈশ্বৰ আদি নাটক ৰচনা কৰাৰ উপৰি আব্ৰাহাম লিংকন, গণতন্ত্ৰ আৰু আনা কাৰেনিনাৰ অনুবাদ কৰিছিল । ১৯৭৩-৭৪ চনত তেওঁ নিজৰ নাটক ব্লেকমাণিৰ আধাৰত একে নামেৰে এখন অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজনা আৰু পৰিচালনা কৰে । কলিকতাত পঢ়ি থকা অৱস্থাত তেওঁ সচিত্ৰ মাহেকীয়া আলোচনী ‘দীপাৱলী’ৰ সম্পাদনা কৰিছিল । তেওঁ কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা আৰু অতুল চন্দ্ৰ হাজৰিকা বঁটা লাভ কৰিছিল । ভ্ৰাম্যমাণ থিয়েটাৰৰ জনকগৰাকীলৈ আমাৰ প্ৰণাম