আজি কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ ওপজা দিন । ১৮৭০ চনৰ আজিৰ দিনটোতে ডিব্ৰুগড়ৰ যোৰহটীয়াপট্টীত তেওঁৰ জন্ম হৈছিল । তেওঁৰ সৰুৰে পৰাই সাহিত্যৰ সৈতে সম্পৰ্ক । তেওঁৰ জ্ঞানমালিনী নামৰ কবিতাপুথিখনে তেওঁক অসমীয়া সাহিত্য জগতত সুকীয়া আসন দিছে । সেইবাবেই তেওঁক জ্ঞানমালিনীৰ কবি বুলি কোৱা হয় । তেওঁৰ আন দুখন কবিতাৰ পুথি হৈছে তত্ত্ব পাৰিজাত আৰু মালিনীৰ বীণ । ১৯৩০ চনত গোলাঘাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি গল্পকাৰ, ঔপন্যাসিক হিতেশ ডেকাৰ স্মৃতি দিৱস । সৰুৰে পৰাই সাহিত্য চৰ্চাত ব্ৰতী হোৱা হিতেশ ডেকাই ঔপন্যাসিক হিচাপে বিশেষ খ্যাতি অৰ্জন কৰে । পেছাত শিক্ষক হিতেশ ডেকাৰ আজিৰ মানুহ, ভাৰাঘৰ, এয়েতো জীৱন, আচল মানুহ আদি জনপ্ৰিয় উপন্যাস । তেওঁ এগৰাকী নিপুণ গল্পকাৰো । তেওঁৰ প্ৰথম গল্প পুথি প্ৰায়শ্চিত্ত । তাৰ পিছত তেওঁৰ গৰাখহনীয়া, এথূপি গল্প, গল্পটো লিখা নহ’ল আদি গল্প পুথি প্ৰকাশ পায় । অভিনয়তো তেওঁৰ ৰাপ আছিল । ১৯৪৫ চনত তেওঁ এটা যাত্ৰা দলৰ জন্ম দিছিল আৰু তাত অভিনয় কৰিছিল । তেওঁ এগৰাকী নাট্যকাৰো আছিল । অসমীৰ প্ৰাণৰ কথা, বিহুৱান, শীৰ্ষ সন্মিলন আদি তেওঁ ৰচিত নাটক । ১৯৬৬ চনত তেওঁৰ প্ৰচেষ্টাতে জালুকবাৰী সাহিত্য সভা গঠন হয় । ১৯৭৫ চনত তেওঁ কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি হয় । ১৯৯৫ চনত সৰ্থেবাৰীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ২০০০ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । সাহিত্যিকগৰাকীলৈ আমাৰ প্ৰণাম ।