আজি বিশিষ্ট চিত্ৰশিল্পী বেণু মিশ্ৰৰ ওপজা দিন । ১৯৩৯ চনৰ আজিৰ দিনটোত বৰপেটা সত্ৰত তেওঁৰ জন্ম হৈছিল । তেওঁ ১৯৬১ চনত কলিকতাৰ শান্তি নিকেতনৰ পৰা চাৰু আৰু কাৰু কলাৰ ডিপ্লমা লাভ কৰিছিল । শান্তি নিকেতনত তেওঁ ৰামকিংকৰ বেইজ, ৰাধাৰমণ বাগচি আদি দেশৰ আগশাৰীৰ শিল্পীসকলৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰাৰ সুযোগ পাইছিল । তেওঁ বোম্বাইৰ ছাৰ জেকব ছেছন স্কুলত কিছুদিন কাম কৰিছিল । পিছলৈ তেওঁ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত আৰ্টিষ্টৰ পদত যোগদান কৰে । আৰ্ট এণ্ড ক্ৰাফট চৰকাৰী বিদ্যালয়তো তেওঁ কাম কৰিছিল । ১৯৭৬ চনত তেওঁ নৱকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য, বীৰেন্দ্ৰ নাথ দত্ত আদিৰ লগ লাগি গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ জন্ম দিছিল । তেওঁৰ উল্লেখযোগ্য চিত্ৰসমূহৰ ভিতৰত লেডী উইথ পামকিন, দ্য ডেথ, দ্য ভিলেজ বেণ্ড অন্যতম । গহপুৰত শ্বহীদ কনকলতা আৰু মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তি, গুৱাহাটী বিশ্ববিদ্যালয়ত ৰসৰাজ বেজবৰুৱা আৰু কৃষ্ণকান্ত সন্দিকৈৰ প্ৰতিমূৰ্তি আদি তেওঁৰ ভাস্কৰ্যৰ চানেকি । তেওঁ নিজে নাটক লিখি পৰিচালনা আৰু সংগীতৰ কামো কৰিছিল । তেওঁ এগৰাকী তবলা বাদকো আছিল । তেওঁ ২০০৩ চনত প্ৰণৱ বৰুৱা বঁটা, ২০০৬ চনত অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা আদি সন্মান লাভ কৰে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি কবি, সমালোচক ভবেন বৰুৱাৰ ওপজা দিন । ১৯৪১ চনৰ আজিৰ দিনটোতে শিৱসাগৰ জিলাৰ জাঁজীত তেওঁৰ জন্ম হৈছিল । স্কটিছ চাৰ্ছ কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লৈ তেওঁ যোৰহাট বিদ্যালয়ত শিক্ষকতা কৰে । তাৰ পিছত তেওঁ আকাশবাণী দিল্লীৰ বাতৰি বিভাগত কাম কৰে । ১৯৬৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা নিযুক্ত হয় আৰু ১৯৬৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰে । ১৯৫৩ চনত তেওঁৰ ‘নতুন পৃথিৱী’ নামৰ এখন কাব্য সংকলন প্ৰকাশ পায় । ১৯৭৭ চনত প্ৰকাশ পায় কবিতা পুথি ‘সোণালী জাহাজ’ । এই গ্ৰন্থখনে ১৯৭৮ চনত প্ৰকাশন পৰিষদ বঁটা আৰু ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । তেওঁৰ অন্যান্য গ্ৰন্থ পোন্ধৰটা কবিতা, প্ৰসংগ : কবিতা, ভবেন বৰুৱাৰ কবিতা আবৃত্তি আদি । কবিতা, গল্প, নাটক আদিৰ সমালোচনাও তেওঁৰ আন এক কৃতিত্ব । কবি, সমালোচকগৰাকীক জনালোঁ ওপজা দিনৰ ওলগ ।