গুৱাহাটী লালগণেশ বিদ্যাপীঠৰ চৌহদত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি উন্মোচন।পশ্চিম গুৱাহাটী বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উন্মোচন কৰে প্ৰতিমূৰ্তিটো ।উল্লেখ যে বিধায়ক উন্নয়ন পুঁজিৰ ৩লাখ টকাৰ আৰ্থিক অনুদানৰে নিৰ্মাণ কৰা হৈছিল কবিগুৰুৰ জনাৰ প্ৰতিমূৰ্তিটো।বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰীৰ লগতে লালগণেশ-কালাপাহাৰ অঞ্চলৰ একাংশ ব্যক্তি উন্মোচনী কাৰ্যসূচীত উপস্থিত থাকে।
উন্মোচনী সভাখনত সভাপতিত্ব কৰে সমাজকর্মী অচিত ৰঞ্জন চৰকাৰে।স্থানীয় বিধায়ক কলিতাই ভাষণত কবিগুৰু জনাক এগৰাকী আজন্ম কবি বুলি অভিহিত কৰে।
গুৰুত্বপূৰ্ণ কথা সাহিত্যত নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় ঠাকুৰক শিক্ষাৰ্থীৰ সমাজত বহুল ভাৱে প্ৰচাৰ-প্ৰসাৰ কৰাৰ উদ্দেশ্যৰে প্ৰতিমূৰ্তিতো স্থাপন কৰা বুলিও তেওঁ কয়।
উন্মোচনী শুভমুহূৰ্তত লালগণেশ বিদ্যাপীঠৰ পৰিচালনা কমিটিৰ জয় চক্ৰবৰ্তী, শ্যামল ভৌমিক , গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন কাউন্সিলাৰ ভূপেন ঠাকুৰীয়াসহ বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে।