সদ্যহতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অস্থায়ী শিক্ষকৰ চাটাইৰ সিদ্ধান্ত বাতিল কৰা হৈছে। ৰাজ্যপাল জগদীশ মুখীৰ নিৰ্দেশৰ বিৰোধিতা কৰি উপাচাৰ্য ড° প্ৰতাপজ্যোতি সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ আধাৰত বিশেষ ক্ষমতা প্ৰয়োগ কৰি সদ্যহতে সকলো ঠিকাভিত্তিক শিক্ষকক অব্যাহতি দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে।
গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়খনত কৰ্মৰত সকলো ঠিকাভিত্তিক শিক্ষকক অব্যাহতিৰ ঘোষণাই চৌদিশে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° সন্দিকৈয়ে ৰাজ্যপাল তথা আচাৰ্য জগদীশ মুখীৰ নিৰ্দেশমৰ্মে এই ঘোষণা কৰাৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক গোট, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰপৰা আৰম্ভ কৰি আছু, এছ এফ আই, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আইছা আদি সংগঠনে বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত আৰু ৰাজ্যপালৰ হঠকাৰী নিৰ্দেশৰ বিৰুদ্ধে সৰৱ হৈ উঠে।
ইয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষক গোট আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা ঠিকাভিত্তিক শিক্ষক সকলক অব্যাহতিৰ সিদ্ধান্ত বাতিল কৰিবলৈ স্মাৰক পত্ৰও প্ৰদান কৰা হৈছিল।
উল্লেখনীয় যে, বিভিন্ন বিভাগত কৰ্মৰত এইসকল শিক্ষকক হঠাতে অব্যাহতি দিয়াৰ বাবে বিশ্ববিদ্যালয়ৰ বিভিন্ন অনলাইন পাঠদান আৰু অনলাইন পৰীক্ষা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। এই কথা সকলোৰে জ্ঞাত যে বিভাগসমূহত উপযুক্ত হাৰত স্থায়ী নিযুক্তি বছৰ বছৰ জুৰি হোৱা নাই বাবেই কেৱল গুৱাহাটী বিশ্ববিদ্যালয়েই নহয় ৰাজ্যৰ অন্যান্য বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত ঠিকাভিত্তিক শিক্ষকেৰে পাঠদান কৰি অহা হৈছে।
সমযোগ্যতাৰ পাছতো স্থায়ী শিক্ষকতকৈ বহু কম দৰমহাত সেৱা আগবঢ়াই শিক্ষাৰ্থীৰ ভৱিষ্যত নিৰ্মাণৰ অংশীদাৰ হোৱা এইসকল শিক্ষকৰ কথা চৰকাৰী পক্ষই গভীৰভাৱে লোৱা উচিত।