VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সাহিত্যিক, গৱেষক দিলস্ লক্ষ্মীন্দ্ৰ সিংহৰ ৭০সংখ্যক ওপজা দিন উপযাপন

voicedesk by voicedesk
September 17, 2024
in সমাজ
সাহিত্যিক, গৱেষক দিলস্ লক্ষ্মীন্দ্ৰ সিংহৰ ৭০সংখ্যক ওপজা দিন উপযাপন
0
SHARES
88
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী,১৭ ছেপ্টেম্বৰ : আজি বৰ্ণিল কাৰ্যসূচীৰে অসমৰ বিশিষ্ট সাহিত্যিক, গৱেষক, ভাষাবিদ, অনুবাদক, অভিধান প্ৰণেতা দিলস্ লক্ষ্মীন্দ্ৰ সিংহৰ ৭০ সংখ্যক ওপজা দিন সম্ভ্ৰান্ত প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত দিশপুৰ প্ৰেছ ক্লাবত আড়ম্বৰপূৰ্ণ পৰিবেশৰ‌ মাজত‌ অনুষ্ঠিত কৰে । আকাশবাণী আৰু দূৰদৰ্শনৰ বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতিয়ে পৰিৱেশন কৰা জ্যোতি সংগীতেৰে ‌কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে বন্তি প্ৰজ্বলনেৰে সভা উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, “সাহিত্য কোঁৱৰ” কমল কলিতাই কয়- “জাতি- জনগোষ্ঠীৰ মাজত, ব্ৰহ্মপুত্ৰ -বৰাকৰ মাজত সমন্বয়ৰ সাঁকো গঢ়ি তুলিবলৈ অহৰহ সাহিত্য-সংগীতেৰে প্ৰয়াস কৰে‌ দিলস্ লক্ষ্মীন্দ্ৰ সিংহই। সকলো ভাষা-সাহিত্যৰ প্ৰতি তেওঁৰ আছে অযুত প্ৰেম।‌ সকলো কৰ্মতে উদাৰতা প্ৰকাশ ঘটে । দক্ষতাৰে ‌কলম চলাই আলোকময় পথৰ সন্ধান কৰে।’ সাংবাদিক, লেখক দীপক শৰ্মা ৰচিত “সাহিত্যিক দিলস্ লক্ষ্মীন্দ্ৰ সিংহ : ব্যক্তি আৰু ব্যক্তিত্ব” গ্ৰন্থখনি উন্মোচন কৰি অসম নাট্য সন্মিলনৰ সভাপতি তথা প্ৰাক্তন সাংস্কৃতিক মন্ত্ৰী কুমাৰ দীপক দাসে কয়- ” স্বজাতিৰ লগতে অসমৰ‌ সকলো জাতি-জনগোষ্ঠীৰ বিকাশ বিচৰা মানুহজন‌ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ । পৰিপক্ক চিন্তা, সাহিত্য -সাংস্কৃতিক পথাৰৰ অক্লান্ত যোদ্ধা সিংহৰ সৃষ্টিৰাজিত প্ৰকাশ পায় জীৱনৰ মাদকতা ।‌‌ ইংৰাজী, অসমীয়া, হিন্দী, বাংলা ভাষাৰ শক্তিশালী গ্ৰন্থ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত অনুদিত কৰি ভাষাটোৰ বিকাশত যথেষ্ট পৰিমাণে কাম কৰিছে সিংহই। তেওঁৰ পৰা শিকিব পাৰি জীৱনৰ অনুপম মাধুৰ্যতা।” সভাৰ মুখ্য অতিথি প্ৰথিতযশা সাহিত্যিক, সমালোচক, শিক্ষাবিদ ভবানী‌ প্ৰসাদ অধিকাৰী কয়- “মনত পুহি‌ ৰখা‌ আবেগ- অনুভূতিবোৰ‌ ন-ন‌ মানদণ্ড বিশিষ্ট সাহিত্যৰে উজাৰি দিয়ে। দিলস্ লক্ষ্মীন্দ্ৰ সিংহই।অন্ত স্থলৰ পৰা নিভাজ যুক্ত অনাড়ম্বৰ কিন্তু মসৃণ, গভীৰ সৃষ্টিবোৰ। জীয়াই থাকোঁতে উপযুক্ত জনক উপযুক্ত ধৰণেৰে সন্মান,‌ মৰ্যদা দিব লাগে। ‌যি দিয়া যায় জীৱন কালতে পাব লাগে, দিব লাগে। মৃত্যুৰ পিছত সন্মান দি একো লাভ নাই। দীপক শৰ্মাৰ দৰে দুই -এজন ব্যক্তিয়ে প্ৰতিভাৰ মূল্যাংকন কৰিব জানে । প্ৰতিভাৰ কন্ঠস্বৰ বৰ নৰম ।হৃদয় গহ্বৰৰ পৰা অনুধাৱন কৰিব লাগিব। মানুহৰ জীৱন বৰ বিচিত্ৰ, অভিজ্ঞতা অৰ্জনবোৰ সাৱলীলভাৱে উপস্থাপন কৰিব জানিব লাগিব।”

পৰাগজ্যোতি প্ৰকাশনৰ সচিব, কবি-সাংবাদিক দীপক শৰ্মাই আত ধৰা অনুষ্ঠানত দেউৰী সাহিত্য সভাৰ সভাপতি তথা প্ৰশাসনিক বিষয়া ‌ড০ ষড়ানন দেউৰী কয়- “কৰ্ম যোগী, সমন্বয়ৰ বাৰ্তা বাহক সু-সংগঠক দিলস্ লক্ষ্মীন্দ্ৰ সিংহ স্বভিমানেৰে বন্দিত, অনুভূতি প্ৰবণ, সমাজৰ দিক্ নিৰ্ণায়ক।”

ৰাষ্ট্ৰীয় অধ্যাপক শিক্ষা পৰিষদৰ পূব আঞ্চলিক কমিটীৰ অধ্যক্ষ ড০ দিব্যজ্যোতি মহন্তই কয়- সমাজত এতিয়া ভাল মানুহৰ অভাৱ ঘটিছে। তাৰ মাজত দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, দীপক শৰ্মাৰ দৰে একাংশ ব্যক্তিয়ে সমাজৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি আছে।”
মমা গুপ্তা, নিকুঞ্জ মেধিয়ে গীত পৰিৱেশন কৰা সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, নাথ সাহিত্য সভা, সভাপতি ড০ হৰ কুমাৰ নাথ,‌ ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,‌ অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডিন ড০ অৰূপ কুমাৰ দাস,‌ ৰাভা হাছং‌ স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ‌ডা: শৰৎ চন্দ্ৰ ৰাভা, মাহেকীয়া আলোচনী “আজিৰ কবিতা”ৰ‌ সম্পাদক ‌বিনয় চলিহা, বঙাইগাঁওৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, দুলিয়াজানৰ কবি ৰূপেশ্বৰ ফুকন, ড০ যতীন্দ্ৰ নাথ ডেকা, শচীন দাস, পলি‌ গগৈ, বিপুল শৰ্মা, জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ চক্ৰৱৰ্তী, কাঞ্চন কেজৰিৱাল, বয়োজ্যেষ্ঠ কবি দুৰ্গা প্ৰসাদ শৰ্মা, কেপ্টেইন অশ্বিনী কুমাৰ সিনহা প্ৰভৃতিয়ে সন্মানিত আলহী হিচাপে অংশ লয়।

Previous Post

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

Next Post

সমাগত দুৰ্গা পূজা, শাৰদী ৰাণীক আদৰিবলৈ ব্যস্ত সকলো

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
সমাগত দুৰ্গা পূজা, শাৰদী ৰাণীক আদৰিবলৈ ব্যস্ত সকলো

সমাগত দুৰ্গা পূজা, শাৰদী ৰাণীক আদৰিবলৈ ব্যস্ত সকলো

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7