ড° ভূপেন হাজৰিকা——–এটি নামেই নহয় , এক অনুষ্ঠান। এই গৰাকী বিশ্ববিশ্ৰুত শিল্পীৰ গীত আৰু কথাত আছে অসমৰ জাতীয় জীৱনৰ স্পন্দন।
বিশ্ববিশ্ৰুত শিল্পী অসম ৰত্ন ড° ভূপেন হাজৰিকা অকল অসমৰেই নহয় , সমগ্ৰ ভাৰতবৰ্ষৰ কলা – সংস্কৃতিৰ জগতত বহুমুখী সৃষ্টি -প্ৰতিভাৰে উদ্ভাসিত এক উজ্বল ৰত্ন। ড° ভূপেন হাজৰিকাদেৱে তেখেতৰ কালজয়ী গীত গদ্য , সুৰ আৰু কণ্ঠেৰে যি অবিস্মৰণীয় অৱদান আগবঢ়াইছে , সেয়া আমাৰ চিৰ’যুগমীয়া এক জাতীয় সম্পদ।সেয়েহে কলা-সংস্কৃতিৰ জগতত গৌৰৱোজ্জ্বল ইতিহাস সৃষ্টি কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক আমি অসমী আইৰ সুযোগ্য সন্তান বুলি কব পাৰো ।
১৯২৬ চনৰ ৮ ছেপ্তেম্বৰত শদিয়াত ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল। কণ্ঠত সুৰ লৈ জন্ম গ্ৰহন কৰা হাজৰিকাই নিজৰ ঘৰখনতেই সঙ্গীত সাধনাৰ শুভাৰম্ভ কৰিছিল। কৈশোৰ কালতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নিবিড় সান্নিধ্যত তেখেতে লাভ কৰিছিল এক নতুন দিগন্ত ।
তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়া-শুনা কৰা ভূপেন হাজৰিকাই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকত্তোৰ ডিগ্ৰী লাভ কৰিছিল। আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়লত তেখেতে গণ-সংযোগ বিষয়ত গৱেষনা কৰিছিল। গৱেষক ছাত্ৰ ৰূপে থাকোতেই বিশ্ববিদ্যালয়ৰ এক সাংস্কৃতিক অনুষ্ঠানত লোক সংগীত পৰিৱেশন কৰি এলিনা ৰুজভেল্টৰ পৰা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।
স্বদেশলৈ উভতি আহি ড° ভূপেন হাজৰিকা ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰিছিল অসমৰ সাংস্কৃতিক জগত খনৰ লগত। থলুৱা কলা-সংস্কৃতিৰ আদৰ্শৰ আধাৰত ৰচনা কৰিছিল বহুতো কালজয়ী গীত।
গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ চাকৰি এৰি ড° ভূপেন হাজৰিকাই সংঙ্গীতকে আকোৱালি লৈছিল জীৱন আৰু জীবিকাৰ এক সেন্দুৰীয়া আলি ৰূপে। তেখেতে ১৯৪৮ চনত প্ৰথম বাৰৰ বাবে বোলছবিৰ সঙ্গীত পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰিছিল। ১৯৫৬ চনত ড° ভূপেন হাজৰিকাই সঙ্গীতৰ সাধনা আৰু বোলছবিৰ সঙ্গীত পৰিচালনাৰ এখন বহল পথাৰৰ সন্ধানত কলিকতা মহানগৰীলৈ গুচি গৈছিল।
অসমীয়া বোলছবি “শকুন্তলা” , ‘প্ৰতিধ্বনি ‘ আৰু ‘লটিঘটি’ ৰ বাবে ড° ভূপেন হাজৰিকাদেৱে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল। ‘চামেলি মেমচাব’ ৰ শ্ৰেষ্ঠ সংগীত পৰিচালক ৰূপে ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰিছিল ৰাষ্ট্ৰীয় ‘ৰজত কমল বঁটা’।
স্বদেশ আৰু বিদেশতো চৰকাৰী আৰু বে-চৰকাৰী ভাবে ড° ভূপেন হাজৰিকা দেৱলৈ আগবঢ়োৱা বঁটা আৰু সন্মান জনক উপাধি সমূহ হল———— “দাদা চাহেব ফাল্কে বঁটা” , ” সংঙ্গীত নাটক একাদমী বঁটা” , শ্ৰী মন্ত শংকৰ দেৱ বঁটা , “লতা মঙ্গেশকাৰ বঁটা “, “শ্ৰেষ্ঠ সংঙ্গীত শিল্পী বঁটা ” , “ৰাষ্ট্ৰীয় একতা বঁটা”, “দেশৰত্ন বঁটা” , “জীৱনজোৰা সাধনা বঁটা” , “মাদাৰ টেৰেছা মিলেনিয়াম বঁটা” , “ইন্দিৰা গান্ধী স্মৃতি পুৰস্কাৰ” “,কলা শিৰোমণি বঁটা ” ইত্যাদি বঁটা সমূহে ড° ভূপেন হাজৰিকা দেৱৰ সৃষ্টিশীল প্ৰতিভাৰ পৰিচয় দাঙি ধৰে।
এই বঁটা সমূহৰ উপৰিও ড° ভূপেন হাজৰিকাক ভাৰত বৰ্ষৰ সমাজ আৰু সংস্কৃতিলৈ আগবঢ়োৱা উল্যেখযোগ্য অৱদানৰ বাবে ১৯৭৮ চনত “পদ্মশ্ৰী” সন্মান , ২০০১ চনত “পদ্মভূষণ” সন্মান আৰু ২০০৮ চনত ” অসম ৰত্ন” সন্মানেৰে বিভূষিত কৰিছে।
বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে তেখেতৰ জীৱনজোৰা সাধনাৰ স্বাক্ষৰ বহন কৰি থকা গীত আৰু গদ্য , সুৰ আৰু কণ্ঠেৰে সমাজ আৰু সাহিত্য সংস্কৃতিৰ জগত খনলৈ অপৰিসীম অৱদান আগবঢ়াইছে । সেই অবিস্মৰণীয় অৱদানেৰে তেখেতে অসম মাতৃৰ মুখ সমগ্ৰ বিশ্ববাসীৰ সন্মুখত জিলিকাই তুলিবলৈ সক্ষম হৈছিল।
আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱসত তেখেতক সন্মান জনাই ড° মামনি ৰয়চম গোস্বামীৰ কবিতা এফাকিৰে একাজলী শ্ৰদ্ধাঞ্জলি যাঁচিছো ————
‘তোমাৰ কণ্ঠ বাদ দি মই
মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো।
তোমাৰ কণ্ঠ বিয়পি আছে
মোৰ আইৰ আকাশত , বতাহত
বুঢ়া লুইতৰ উত্তাল বুকুত
ধনশিৰিৰ ৰেষ্মাবালিত
বুঢ়ি দিহিঙৰ ধৱল ঘাটত।
দিঘৌৰ তাম বৰণীয়া ধলত
লখীমপূৰৰ ৰঙানদীৰ ৰিহাৰ আচলত
জগলীয়াৰ সোনালী পানীত
ভূপেন দা
তোমাৰ কণ্ঠ বাদ দি মই
মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো
ভূপেন দা।”