VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাতি টোপনি যোৱাৰ আগতে গাখীৰ খায় নেকি ?

voicedesk by voicedesk
October 8, 2024
in সমাজ
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

 

গাখীৰৰ লগত কি মিহলাব লাগে জানে নে

ৰাতি টোপনি যোৱাৰ আগতে গাখীৰ খোৱাৰ অভ্যাস বহুতৰেই আছে। চিকিৎসকৰ মতে, টোপনি যোৱাৰ আগতে চাহ বা কফি খোৱাতকৈ গাখীৰ খোৱা বেছি উপকাৰী। যদি গাখীৰৰ লগত অলপমান গুড় মিহলাই লোৱা হয় তেনেহলে বহুতো ৰোগ নিৰাময় কৰাত সহায়ক হয়। আয়ুৰ্বেদ শাস্ত্ৰত সকলো পুষ্টি গুণ সম্পন্ন খাদ্যৰ ভিতৰত গুড় আৰু গাখীৰৰ স্হান অন্যতম। ৰাতি টোপনি যোৱাৰ আগতে এগিলাচ গাখীৰৰ লগত এক চামোচ গুড় মিহলাই খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি গাখীৰৰ লগত গুড় মিহলাই খালে কি কি উপকাৰ হয় জানো আহকচোন এই প্ৰতিবেদন যোগে

১)। গাখীৰত ট্ৰিপট’ফেন নামৰ এমাইন’ এচিড থাকে, যিয়ে ছেৰ’ট’নিন আৰু মেলাট’নিন হ’ৰমনৰ ক্ষৰণ বৃদ্ধি কৰিব পাৰে। এই দুই হ’ৰমনৰ প্ৰভাৱতেই মনৰ চাপ, দুঃচিন্তা আদি কমি যায়। টোপনিও ভাল হয়। অনিদ্ৰাৰ সমস্যা থাকিলে বা ৰাতি টোপনি কমকৈ হ’লে ৰাতি টোপনি যোৱাৰ আগতে গাখীৰৰ লগত গুড় মিহলাই খালে উপকাৰ পোৱা যায়।

২)। গাখীৰক সুষম খাদ্য বুলি কোৱা হয়। গাখীৰত কেলচিয়াম, আইৰণ, পটাছিয়াম, জিঙ্ক আদি খনিজ থাকে। আনহাতে গুড়ত আইৰণ, কেলচিয়াম, মেগনেচিয়াম, তাম আৰু ফচফৰাছৰ দৰে খনিজ থাকে। গতিকে গাখীৰৰ লগত গুড় মিহলাই খালে শৰীৰত খনিজ উপাদান বোৰৰ অভাৱ হ’বলৈ নিদিয়ে।

৩)। ৰক্তহীনতাৰ সমস্যা থাকিলে গাখীৰ আৰু গুড় খালে উপকাৰ পাব পাৰি। তাৰোপৰি গাখীৰত থকা ভিটামিন বি১২, আৰু ভিটামিন ডি’ য়ে স্নায়ুৰ উত্তেজনা প্ৰশমন কৰিব পাৰে ।

৪)। গাখীৰ আৰু গুড় মিহলাই খালে হাড় শক্তিশালী হোৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়। বাঢ়ি অহা শিশুক গাখীৰৰ লগত চেনী মিহলাই নিদি গুড় মিহলাই খোৱালে পুষ্টি গুণ পোৱাৰ লগতে বৃদ্ধিও সোনকালে হয়।

৫)। গাখীৰৰ লগত গুড় মিহলাই খালে হজম শক্তি বৃদ্ধি হোৱাৰ লগতে পেটৰ সমস্যা থাকিলে ভাল হয়।

৬)। ৰাতি টোপনি যোৱাৰ আগতে একগিলাচ গাখীৰত গুড় মিহলাই খালে গেছ, অম্বল, কোষ্ঠকাঠিন্য,পেট ফোলাৰ নিচিনা সমস্যা নোহোৱা হয়।

৭)। গুড়ত থকা পটাছিয়ামে শৰীৰত জমা হৈ থকা ফেট কমাব পাৰে আৰু বেয়া কলেষ্টেৰেলৰ পৰিমাণ কমাব পাৰে।

৮)। ঋতুস্ৰাৱৰ সময়ত পেটৰ অসহ্য যন্ত্ৰনা হ’লে গাখীৰৰ লগত গুড় মিহলাই খালে উপকাৰ পোৱা যায়।

৯)। গাখীৰ আৰু গুড় চুলি আৰু ছালৰ বাবেও উপকাৰী। শালমণ ,ফোঁহা, আৰু ছালৰ এলাৰ্জিৰ পৰা সকাহ দিব পাৰে গাখীৰ আৰু গুড়ে।

গতিকে ৰাতি টোপনি যোৱাৰ আগতে এগিলাচ গাখীৰৰ লগত এক চামোচ গুড় মিহলাই খোৱাৰ অভ্যাস গঢ়ি তুলিলে শৰীৰ সুস্থ হৈ থকাৰ উপৰিও বহুতো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

Previous Post

ৰাতি টোপনি যোৱাৰ আগতে গাখীৰ খায় নেকি ?

Next Post

বেল পৱিত্ৰ ঔষধি গছ হোৱাৰ উপৰিও বেলপাতৰ আছে বহুতো উপকাৰী গুণ

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post

বেল পৱিত্ৰ ঔষধি গছ হোৱাৰ উপৰিও বেলপাতৰ আছে বহুতো উপকাৰী গুণ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7