তিনি বৰণীয়া জাতীয় পতাকা
নীল আকাশত নাচে ,
ওপৰে গেৰুৱা মাজত শুকুলা
তলত শ্যামল আছে ।
বগাৰ মাজত অশোক চক্ৰৰ
চিত্ৰ জিলিকি ৰয় ,
আমাৰ জাতীয় পতকা খনিৰ
কদাপি নহয় ক্ষয়।
ওপৰত গেৰুৱা , মাজত বগা আৰু তলত সেউজীয়াৰ সৈতে মাজৰ বগা অংশৰ মাজত থকা অশোক স্তম্ভৰ পৰা অনা ২৪ ডাল দণ্ডৰ চক্ৰটোৰে পতকা খনি প্ৰস্তুত কৰা হৈছে। ১৯৪৭ চনৰ ২২ জুলাইত কেন্দ্ৰীয় সংবিধান সভাত এই চিত্ৰটি অনুমোদিত হয় আৰু সেইদিনাৰ পৰাই এই পতকা খনেই আমাৰ দেশৰ জাতীয় পতকা হিচাপে গৃহীত হয়। মাজৰ চক্ৰটোৰ ৰং গাঢ় নীলা , ইয়াক সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। সমান্তৰাল ভাবে থকা তিনিটা ৰঙৰ পতকা খনিৰ দীঘ আৰু প্ৰস্থৰ অনুপাতটো হ’ল ৩ঃ২ । অৰ্থাৎ পতকা খনৰ দীঘ দুই ফুট বা দুই ইঞ্চি হ’লে ইয়াৰ প্ৰস্থ তিনি ফুট বা তিনি ইঞ্চি হ’ব লাগিব।
স্বাধীনতা যুঁজাৰু পিংগলী বেংকাইয়াই ১৯২১ চনত ভাৰতৰ ৰাষ্ট্ৰীয় পতকাৰ আৰ্হি প্ৰস্তুত কৰিছিল যদিও ১৯৪৭ চনৰ ২৩ জুনত সংবিধান সভাই ড°ৰাজেন্দ্ৰ প্ৰসাদৰ নেতৃত্বত স্বাধীন ভাৰতৰ এখন নতুন পতকাৰ আৰ্হি প্ৰস্তুত কৰিবলৈ এখন ৯ জনীয়া কমিটী গঠন কৰি দিয়ে। অৱশেষত হায়দৰাবাদৰ এগৰাকী শিল্পী সুৰায়া বদৰুদ্দিন তৈয়বজিয়ে প্ৰস্তুত কৰা আৰ্হিকে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়। সুৰায়াই প্ৰস্তুত কৰা পতকাখনত থকা চক্ৰ আৰু গেৰুৱা , বগা ,নীলা ৰঙৰ ধাৰনাটো মহাত্মা গান্ধী আৰু পতকা প্ৰস্তুত কমিটীৰ পচন্দ হৈছিল। ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া তথা আলীগড় মুছলিম ইউনিভাৰ্চিটিৰ উপাচাৰ্য বদৰুদ্দিন তৈয়বজিৰ পত্নী সুৰাইয়া বদৰুদ্দিন তৈয়বজিয়ে প্ৰস্তুত কৰা পতকাৰ আৰ্হি ১৯৪৭ চনৰ ১৭ জুলাইত অনুমোদিত হয়। তেতিয়াৰ পৰাই তিনি বৰণীয়া জাতীয় পতকা খনি আমাৰ ৰাষ্ট্ৰীয় পতকা হিচাপে চিহ্নিত হৈছে।