ছত্তীশগড়ৰ জশপুৰ জিলাৰ পাতাল গাঁৱৰ খুন্তাপানীত ১৯ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত ‘ঘৰ ৱাপচি’ অনু্ষ্ঠানত ৪০০ টা পৰিয়ালৰ প্ৰায় ১২০০ খ্ৰীষ্টানধৰ্মী লোকে পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰে ৷ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সম্পাদক প্ৰবাল প্ৰতাপ সিঙৰ নেতৃত্বত এই অভিযান চলোৱা হয়৷এই অভিযানৰ সময়ত ধৰ্মান্তৰিত লোকসকলৰ ভৰি ধুৱাই তেওঁলোকক দীক্ষা দিয়া হয়৷ ইন্দু ধৰ্ম গ্ৰহণ কৰা ১০০টা পৰিয়াল স্থানীয় আৰি বাকী তিনিশটা পৰিয়াল বাছনাৰ বুলি জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে প্ৰবাল প্ৰতাপৰ প্ৰচেষ্টাত বৰ্তমান সময়লৈকে ১৪,০০০ খ্ৰীষ্টানে পুনৰ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে৷