উজান বজাৰৰ ১৪ বছৰীয়া কিশোৰী হত্যাকাণ্ডৰ ঘটনাত জড়িত সম্পৰ্কীয় ভাতৃ। আৰক্ষীৰ আগত এই কথা স্বীকাৰ কৰিছে হত্যাৰে জড়িত নাবালক জেঠাৱেকৰ পুত্ৰই।
আনহাতে কিশোৰীগৰাকীৰ সন্ধানহীন হৈ থকা ফোনটো গুৱাহাটীৰ বাৰোৱাৰীস্থিত এজন বন্ধুৰ ঘৰত পোৱা গৈছে। এটা ড্ৰামৰ তলত লুকুৱাই থোৱা অৱস্থাত ফোনটো উদ্ধাৰ হৈছে।
ফোনটো উদ্ধাৰৰ লগে লগে হত্যা সম্পৰ্কীয় অন্যান্য তথ্যসমূহো ফাদিল হ’ব বুলি আৰক্ষীয়ে মন্তব্য কৰিছে।
বুধবাৰে দিন দুপৰতে নিজা বাসগৃহত অভিভাৱক নথকাৰ সুযোগ লৈ ১৪ বছৰীয়া কিশোৰীগৰাকীক চুৰিৰে হানি কুকাৰ আৰু পটাগুটিৰে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰা হৈছিল।
জেঠায়েকৰ পুত্ৰৰ লগতে আন তিনিজন যুৱকক লতাশিল থানাত আৰক্ষীয়ে জেৰা কৰিছিল। আৰক্ষীৰ মাৰাথান জেৰাত হত্যাৰ কথা স্বীকাৰ কৰে ভাতৃয়ে।
উল্লেখযোগ্য যে কিশোৰীগৰাকীৰ ১৭ বছৰীয়া ভাতৃ ড্ৰাগছ আসক্ত আছিল বুলি বিভিন্নজনে মন্তব্য কৰিছে। নিচাসক্ত ভাতৃৰ সৈতে তেওঁৰ কোনো কথাত মতানৈক্য ঘটাত এই চৰম কাণ্ড সংঘটিত কৰে বুলি সন্দেহ কৰা হৈছে। অৱশ্যে পৰৱৰ্তী তদন্তত ঘটনাৰ সৈতে জড়িত সকলো কথা পোহৰলৈ আহিব বুলি পৰিয়ালে আশা কৰিছে।
উজানবজাৰস্থিত বাসগৃহলৈ কিশোৰীগৰাকীৰ মৃতদেহ অনাৰ লগে লগে শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে প্ৰশাসনক হত্যাকাৰীক উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰে।