আজি কেইবাদিনো ধৰি এখন আলোক চিত্ৰই বি সামাজিক মাধ্যমত খলকনি তুলিছে ৷ মানুহৰ পাশৱিকতাৰ বলি হোৱা এগৰাকী মানসিক ভাৱে দুৰ্বল মহিলাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এক পৰিস্থিতিক লৈ উত্থাপিত হৈছে হাজাৰটা প্ৰশ্ন ৷ এইখন অসমতে এগৰাকী মানসিক ভাৰসাম্য হীন নাৰী কামনাৰ বলী হৈছে নিকৃষ্ট মানসিকতাৰ কোনো পুৰুষৰ ৷
অসমৰ টংলাৰ ওচৰৰ হাতীগড় বজাৰৰ পৰা কিছুদিন আগতে উদ্ধাৰ কৰা হৈছিল মানসিক ভাৱে দুৰ্বল এই মহিলা গৰাকীক ৷ সেই সময়ত কোনো পুৰুষৰ কামনাৰ বলি হৈ সম্পূৰ্ণ গৰ্ভৱতী অৱস্থাত আছিল তেওঁ ৷ অৱশেষত স্থানীয় ৰাইজৰ সহযোগত মহিলাগৰাকীয়ে এটি সুস্থ সন্তান জন্ম দিয়ে ৷
এতিয়া প্ৰশ্ন হয় এগৰাকী অসহায় নাৰীক মাতৃত্বৰ বোজা জাপি দি পলায়ন কৰা এনে পুৰুষ সকলৰ প্ৰকৃত সংজ্ঞা কি ?
কোনে ল’ব এই নৱজাত শিশুটিৰ দায়িত্ব ?
পিতৃ-মাতৃ অবিহনে কেনেকৈ জীৱন যুঁজত আগবাঢ়িব এই কণমানি শিশুটি ? কোনে দিব উত্তৰ !