বৃহস্পতিবাৰে বিহাৰৰ বাৰাউনীত ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ শোধনাগাৰত সংঘটিত বিস্ফোৰণত কমেও ১৯ জন শ্ৰমিক আহত হয় বুলি বিষয়াসকলে সংবাদ মাধ্যমক অৱগত কৰিছে।
জানিব পৰা মতে ঘটনাটো পুৱা প্ৰায় ১০:৩০ বজাত শোধনাগাৰৰ বায়ুমণ্ডলীয় ভেকুৱাম ইউনিটৰ চুল্লিত সংঘটিত হৈছিল।
আই অ’ চি এলৰ কৰ্পোৰেট যোগাযোগ ব্যৱস্থাপক অংকিতা শ্ৰীবাস্তৱে মন্তব্য কৰিছে যে আঘাতপ্ৰাপ্ত শ্ৰমিকসকলক ততাতৈয়াকৈ বাৰাউনি শোধনাগাৰ চিকিৎসালয় আৰু এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়। আনহাতে আহত ১৯ জন শ্ৰমিক বিপদমুক্ত বুলিও শ্ৰীবাস্তৱে জনায়। ইয়াৰে পাঁচজন শোধনাগাৰৰ কৰ্মচাৰী, আনহাতে বাকীসকল ঠিকাভিত্তিক কৰ্মী।
দুৰ্ঘটনাটোৱে শোধনাগাৰৰ কোনো বিত্তীয় ক্ষতি কৰা নাছিল আৰু ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ কাৰিকৰী বিশেষজ্ঞৰ এটা দল গঠন কৰা হৈছে বুলিও তেওঁ কয়।
ঘটনা সংঘটিত হোৱা প্ৰকল্পটো এমাহ ধৰি বন্ধ থকাৰ ।পাছত যোৱা দুদিন ধৰি কাম চলি আছিল। দুৰ্ভাগ্যক্ৰমে পুৱা প্ৰায় ১০:৩০ বজাত হঠাতে এটা গোট বিস্ফোৰণ হৈ কৰ্মীসকল আহত হয়।
তেখেতে উল্লেখ কৰে যে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলেও ঘটনাস্থলী পৰিদৰ্শন কৰিছিল।