ভাৰতবৰ্ষ এনে এখন দেশ যি ঐতিহ্য পৰম্পৰাৰ ফালৰ পৰা সমগ্ৰ বিশ্বৰ আন আন দেশ সমূহৰ তুলনাত যথেষ্ট চহকী ৷ ভাৰতবৰ্ষত এনে বহুকেইটা প্ৰাচীন দুৰ্গ আছে যাৰ ইতিহাস অতি চহকী আৰু কিছুমান ইমানেই পুৰণি যে এতিয়াও ইয়াৰ বিষয়ে কোনো সঠিক তথ্য নাই। তেনে এটা দুৰ্গ হ’ল হিমাচল প্ৰদেশত অৱস্থিত ‘কাংগৰা দুৰ্গ’৷ মহামতি আকবৰেও যি দুৰ্গ অধিকাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।
এই দুৰ্গ ভাৰতৰ সকলো পুৰণি দুৰ্গৰ ভিতৰত এক অন্যতম দুৰ্গ বা কিল্লা । অৱশ্যে এই প্ৰাচীন দুৰ্গ কেতিয়া নিৰ্মাণ কৰা হৈছিল সেই সম্পৰ্কে কোনো সঠিক তথ্য পোৱা নাযায়। আনহাতে ১৯০৫ চনত হোৱা প্ৰচণ্ড ভূমিকম্পই ৪৬৩ একৰ মাটিত বিস্তৃত হৈ থকা এই দুৰ্গৰ ভেটি কঁপাই তুলিছিল।
হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই দুৰ্গ। এই দুৰ্গৰ পৰাই পৰ্যটকে ধৌলাধৰৰ মনোমোহা দৃশ্য উপভোগ কৰিব পাৰে। আজিৰ পৰা প্ৰায় ৩৫০০ বছৰ পূৰ্বে কটোচ বংশৰ মহাৰাজ সুশৰ্মা চন্দ্ৰই এই দুৰ্গটো নিৰ্মাণ কৰিছিল ৷ উল্লেখযোগ্য যজে সুশৰ্মা চন্দ্ৰই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। কোৱা হয় যে যুদ্ধ শেষ হোৱাৰ পিছত তেওঁ সৈন্যৰ সৈতে কংগৰালৈ যায়। পৰৱৰ্তী সময়ত চিকন্দৰৰ পৰা মাহমুদ গাজনী আৰু আকবৰেও এই দুৰ্গ দখল কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হৈছিল।
৪৭০ খ্ৰীষ্টাব্দত কাশ্মীৰৰ ৰজা শ্ৰেষ্ঠাই এই দুৰ্গ প্ৰথম বাৰৰ বাবে আক্ৰমণ কৰিছিল।গজনীৰ মাহমুদে প্ৰায় ১০০০ খ্ৰীষ্টাব্দত গড়টোত থকা ধন-সম্পত্তিৰ বাবে এই দুৰ্গত অভিযান চলাইছিল। কথিত আছে যে ইয়াত ২১টা সোণ-ৰূপ-হীৰাৰে ভৰ্তি কুঁৱা আছে আৰু ইয়াৰে বহুকেইটা এসময়ত ইংৰাজে লুটি লৈ গৈছিল। আনহাতে ১৬১৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট আকবৰে এই দুৰ্গ জয় কৰিবলৈ ঘেৰাও কৰিছিল যদিও তেওঁ ব্যৰ্থ হৈছিল। অৱশ্যে আকবৰৰ পুত্ৰ জাহাংগীৰে চাম্বা ৰজাক জোৰ কৰি এই দুৰ্গ দখল কৰিছিল। পৰৱৰ্তী সময়ত এই কাংগৰা দুৰ্গ মোগলৰ পৰা কটোচ বংশৰ নিয়ন্ত্ৰণলৈ আহে।পিছত শিখ ৰজা মহাৰাজ ৰঞ্জিত সিংহই এই দুৰ্গটো দখল কৰাৰ পিছত ই ইংৰাজৰ অধীনলৈ যায়।