কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সোমবাৰে ঘোষণা কৰা অনুসৰি বিশ্ববিদ্যালয় অনুদান আয়োগে ২৪ খন স্বঘোষিত বিশ্ববিদ্যালয়ক ভুৱা বুলি ঘোষণা কৰিছে। দুটাতকৈ অধিক আদৰ্শগত নিয়ম উলংঘা কৰা বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত প্ৰধানে এই মন্তব্য কৰে।
শিক্ষাৰ্থী, অভিভাৱক, সাধাৰণ ৰাইজৰ পৰা প্ৰাপ্ত অভিযোগৰ ভিত্তিত বৈদ্যুতিন মাধ্যম আৰু ছপা মাধ্যমৰ জৰিয়তে ইউজিচিয়ে ২৪ খন স্বঘোষিত বিশ্ববিদ্যালয়ক ভুৱা বিশ্ববিদ্যালয় হিচাপে ঘোষণা কৰিছে।
তেখেতে উল্লেখ কৰে যে ভাৰতীয় শিক্ষা পৰিষদ, লক্ষ্ণৌ, উত্তৰ প্ৰদেশ আৰু ভাৰতীয় পৰিকল্পনা আৰু ব্যৱস্থাপনা প্ৰতিষ্ঠান (আইআইপিএম) কুতুব এনক্লেভ, নতুন দিল্লীৰ এই দুখন প্ৰতিষ্ঠানে ইউজিচি আইন, ১৯৫৬ উলংঘা কৰি কাম কৰা দেখা গৈছে।বিশ্ববিদ্যালয়ৰ বিষয়সমূহ আদালতত বিচাৰাধীন হৈ আছে বুলি প্ৰধানে উল্লেখ কৰে।
উত্তৰ প্ৰদেশত এনে ধৰণৰ সৰ্বাধিক আঠখন ভুৱা বিশ্ববিদ্যালয় আছে। সেইবোৰ হৈছে, বাৰাণাসেয়া সংস্কৃত বিশ্ববিদ্যালয়, বাৰাণসী; মহিলা গ্ৰাম বিদ্যাপীঠ, এলাহাবাদ গান্ধী হিন্দী বিদ্যাপীঠ, এলাহাবাদ; নেচনেল ইউনিভাৰ্চিটি অফ ইলেক্ট্ৰ কমপ্লেক্স হোমিঅ’পেথি, কানপুৰ; নেতাজী সুভাষ চন্দ্ৰ বসু মুক্ত বিশ্ববিদ্যালয়, আলিগড়; উত্তৰ প্ৰদেশ বিশ্ববিদ্যালয়, মথুৰা; মহাৰাণা প্ৰতাপ শিক্ষা নিকেতন বিশ্ববিদ্যালয়, প্ৰতাপগড় আৰু ইন্দ্ৰপ্ৰস্থ শিক্ষা পৰিষদ, নয়ডা।
দিল্লীত এনে সাতখন ভুৱা বিশ্ববিদ্যালয় আছে। বাণিজ্যিক বিশ্ববিদ্যালয় লিমিটেড, ৰাষ্ট্ৰসংঘ বিশ্ববিদ্যালয়, বৃত্তিমূলক বিশ্ববিদ্যালয়, এডিআৰ কেন্দ্ৰিক জুৰিডিকেল বিশ্ববিদ্যালয়, ভাৰতীয় বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান, বিশ্বকৰ্মা মুক্ত স্বনিযুক্তি বিশ্ববিদ্যালয়, আৰু অধ্যাত্মিক বিশ্ববিদ্যালয়।
উৰিষ্যা আৰু পশ্চিম বংগত দুখনকৈ এনে বিশ্ববিদ্যালয় আছে। এইবোৰ হৈছে ভাৰতীয় বৈকল্পিক ঔষধ প্ৰতিষ্ঠান, কলকাতা আৰু ইনষ্টিটিউট অৱ অলটাৰ্নেটিভ মেডিচিন এণ্ড ৰিচাৰ্ছ, কলকাতা। লগতে নৱভাৰত শিক্ষা পৰিষদ, ৰাউৰকেলা, আৰু উত্তৰ উৰিষ্যা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়।
কৰ্ণাটক, কেৰালা, পুডুচেৰী আৰু মহাৰাষ্ট্ৰত এখনকৈ ভুৱা বিশ্ববিদ্যালয় আছে। সেইবোৰ হৈছে শ্ৰী বোধি একাডেমী অফ হায়াৰ এডুকেচন, পুডুচেৰী, খ্ৰীষ্ট নিউ টেষ্টামেণ্ট ডিমড ইউনিভাৰ্চিটি, অন্ধ্ৰ প্ৰদেশ, ৰাজা আৰবী বিশ্ববিদ্যালয়,নাগপুৰ, ছেইণ্ট জনছ ইউনিভাৰ্চিটি, কেৰালা আৰু বদাগনভি চৰকাৰ ৱৰ্ল্ড অপেন ইউনিভাৰ্চিটি এডুকেশ্বন চ’চাইটি, কৰ্ণাটক।
ভুৱা বা অস্বীকৃত বিশ্ববিদ্যালয়সমূহৰ বিৰুদ্ধে ইউজিচিয়ে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বৰ্ণনা কৰি প্ৰধানে কয়, “ইউজিচিয়ে ৰাষ্ট্ৰীয় হিন্দী আৰু ইংৰাজী বাতৰি কাকতত ভুৱা বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ তালিকাৰ বিষয়ে ৰাজহুৱা জাননী জাৰি কৰিছে।”
লগতে তেওঁ কয়, “আয়োগে ৰাজ্যৰ মুখ্য সচিব, শিক্ষা সচিব আৰু মুখ্য সচিবসকললৈ তেওঁলোকৰ অধিকাৰ ক্ষেত্ৰত অৱস্থিত এনে বিশ্ববিদ্যালয়সমূহৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ পত্ৰ লিখিছে। যেতিয়া কোনো স্বঘোষিত প্ৰতিষ্ঠানে ইউজিচি আইন, ১৯৫৬ উলংঘা কৰি কাম কৰা দেখা যায়, তেতিয়া অবৈধ ডিগ্ৰী প্ৰদান কৰা অনুমোদিত প্ৰতিষ্ঠানবোৰক কাৰণ আৰু সতৰ্কবাণী জাননী জাৰি কৰা হয়।”