প্ৰায় ২০০ বছৰ ব্ৰিটিছৰ শোষণৰ পিছত ভাৰত ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হৈছিল ১৯৪৭ চনৰ ১৫ আগষ্টত ৷ ভাৰতৰ স্বাধীনতাৰ ৭৫ বর্ষপূর্ত্তি উপলক্ষে দেশজুৰি পালন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ ৷ কিন্তু আপুনি জানেনে কেৱল ভাৰতেই নহয়, বিশ্বৰ আন ৫ খন দেশেও ১৫ আগষ্টত লাভ কৰিছিল স্বাধীনতা ৷ উত্তৰ আৰু দক্ষিণ কোৰিয়া, বাহৰেইন, লিচেনষ্টেইন, কংগো ৰিপাব্লিকেও ১৫ আগষ্টত লাভ কৰিছিল স্বাধীনতা ৷
দক্ষিণ কোৰিয়া আৰু উত্তৰ কোৰিয়া
১৯৪৫ চনৰ পৰা ৩৫ বছৰীয়া জাপানী ঔপনিবেশিকৰণৰ পৰা কোৰিয়াই স্বাধীনতা লাভ কৰিছিল ।১৫ আগষ্টৰ দিনটো দুয়োখন দেশে উদযাপন কৰা একমাত্ৰ সাধাৰণ ৰাজহুৱা বন্ধ আৰু ইয়াক কোৰিয়াৰ ৰাষ্ট্ৰীয় মুক্তি দিৱস বুলিও কোৱা হয়।
কংগো গণৰাজ্য
‘কংগোৰ জাতীয় দিৱস’ নামেৰেও পৰিচিত কংগো ৰিপাব্লিকে ফ্ৰান্সৰ পৰা সম্পূৰ্ণ স্বাধীনতা লাভ কৰিছিল ১৯৬০ চনত ৷ ফ্ৰান্সৰ শাসনৰ অধীন হোৱাৰ ঠিক ৮০ বছৰৰ পিছত ১৯৬০ চনৰ ১৫ আগষ্টত তেওঁলোকে স্বাধীনতা লাভ কৰিছিল ৷ ১৯৬৯ চনৰ পৰা ১৯৯২ চনলৈকে কংগো এখন মাৰ্ক্সবাদী-লেনিনবাদী ৰাষ্ট্ৰ আছিল ৷১৯৯২ চনৰ পৰা বহুদলীয় নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে।
বাহৰেইন
১৯৭১ চনৰ ১৫ আগষ্টত বাহৰেইনেও ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰে ৷১৯৩১ চনত তেল আৱিষ্কাৰ কৰি শোধনাগাৰ নিৰ্মাণ কৰা প্ৰথম উপসাগৰীয় ৰাষ্ট্ৰসমূহৰ ভিতৰত অন্যতম আছিল বাহৰেইন ।যদিও ১৯১৩ চনত ব্ৰিটেইন আৰু অট্টোমান চৰকাৰে দেশখনৰ স্বাধীনতাক স্বীকৃতি দি চুক্তিত স্বাক্ষৰ কৰিছিল, তথাপিও ই ব্ৰিটিছ প্ৰশাসনৰ অধীনত আছিল । ১৯৭১ চনত বাহৰেইনে স্বাধীনতা ঘোষণা কৰি ব্ৰিটিছৰ সৈতে বন্ধুত্ব চুক্তি স্বাক্ষৰ কৰে। ১৪ আগষ্টক প্ৰকৃত স্বাধীনতাৰ তাৰিখ বুলি কোৱা হয় যদিও ৰাষ্ট্ৰখনে ১৫ আগষ্টক স্বাধীনতা দিৱস হিচাপে স্বীকৃতি দিছে।
লিচেনষ্টেইন
১৯৪০ চনৰ পৰা লিচেনষ্টেইনত ৰাষ্ট্ৰীয় দিৱস হিচাপে উদযাপন কৰা হয় ১৫ আগষ্টত ৷ ১৯৯০ চনত ১৫ আগষ্টক আইন অনুসৰি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰা হৈছিল ৷